/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/16f2f59b-3fb0-419a-85a8-09ccbf484f99/dhemaji 3.jpg)
ধেমাজি জন স্বাস্থ্য কাৰিকৰী বিভাগৰ জল জীৱন মিছনৰ জল সেৱা বঁটা বিতৰণ
ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা আয়ুক্ত কাৰ্য্যালয়ৰ সভা কক্ষত শনিবাৰে ধেমাজি জন স্বাস্থ্য কাৰিকৰী বিভাগৰ উদ্যোগত, জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিশেষ আচঁনি জল জীৱন মিছনৰ অধীনত আগবঢ়োৱা বিগত জুন আৰু জুলাই মাহৰ জিলা জল সেৱা বঁটা অনুষ্ঠানৰ সভা অনুষ্ঠিত হয় ৷ ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে সভাপতিত্ব কৰা বটাঁ প্ৰদানৰ অনুষ্ঠানৰ আদৰণি ভাষন দিয়ে ধেমাজি জন স্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যবাহী অভিযন্ত্ৰা প্ৰসেনজিৎ দত্তই ৷
ইয়াৰ আগে জিলা আয়ুক্তই ভাষনত ই-গ্ৰাম্য অঞ্চলত জনসাধাৰণৰ মাজত সজাগতা আৰু দায়িত্ববোধৰ লগতে জল জীৱন মিছন আচঁনিক সফল কৰি তুলিবলৈও সকলোকে আহ্বান জনায় ৷ জল জীৱন মিছন আচঁনিৰ সমন্বয়ক বেদজ্যোতি শইকীয়াই আতঁধৰা অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰাখে ধেমাজি জিলা উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তুলন কোঁৱৰে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/7c2b140c-88e1-40da-9ac5-a718b49cf16b/f2f5e436-748a-4596-a242-e888e5d3e08e.jpg)
বক্তব্যত কোঁৱৰে জল জীৱন মিছন আচঁনিখনৰ জৰিয়তে গ্ৰাম্য অঞ্চলত ৰাইজৰ বাবে যোগান ধৰা বিশুদ্ধ খোৱা পানীৰ বিষয়ে অৱগত কৰে ৷ সভাত জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন, জিলা অতিৰিক্ত আয়ুক্ত ৰশ্মি প্ৰতাপ, ধেমাজি সদৰমহকুমাধিপতি নন্দিতাৰয় গোহাঁই,সহকাৰী আয়ুক্ত ক্ৰমে সীমা দেৱী য়েইন,গুণমনি বৰুৱা, প্ৰীতি ৰেখা গগৈ, ধেমাজি জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া কৰ্মচাৰীসকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়ত্ৰী, ছাত্ৰ -ছাত্ৰী, ঠিকাদাৰ,জল মিত্ৰ,পানী উপভোক্তা সমিতি,আশা কৰ্মী, অঙ্গনবাড়ী কৰ্মী সহায়িকা আৰু পানী পৰীক্ষন গোটৰ কৰ্মীসকল।
সভাত জিলা জল জীৱন সেৱা বঁটা অধীনত আগবঢ়ো বঁটাসমূহ লাভ কৰিবলৈ সক্ষম হয় ক্ৰমে শ্ৰেষ্ঠ জলমিত্ৰ হিচাপে লাভ কৰে মহমৰা পানী যোগান আঁচনিৰ হৰি কান্ত কুম্বাং আৰু ওখমাটি পানী যোগান আঁচনিৰ হীৰা নাথ পেগুৱে ৷ শ্ৰেষ্ঠ পানী উপভোক্তা সমিতি হিচাপে বঁটা লাভ কৰে ৩নং চিমেন চাপৰি পানী উপভোক্তা সমিতি আৰু জোনাই পানী উপভোক্তা সমিতিয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/d9c69a35-a38d-49dc-94a9-1c4645c54b6c/27b2feae-6f65-4875-8177-4bf51cdb8612.jpg)
শ্ৰেষ্ঠ ঠিকাদাৰ হিচাপে বঁটা লাভ কৰে শিৱ চৰণ স্বৰ্গীয়াৰী আৰু মুনীন গগৈয়ে ৷ শ্ৰেষ্ঠ জল গুৰু হিচাপে বটাঁ লাভ কৰে জ্ঞানোদয় উচ্চ মাধ্যমিক বিদ্যালয়ে ৷ শ্ৰেষ্ঠ অঙ্গনবাড়ী কেন্দ্ৰৰ বঁটা লাভ কৰে আটকাই হাতীগড় অঙ্গনবাড়ী কেন্দ্ৰ আৰু ২নং উদয়পুৰ অঙ্গনবাড়ী কেন্দ্ৰই ৷
শ্ৰেষ্ঠ বিদ্যালয় হিচাপে বঁটা লাভ কৰে স্বৰ্ণপীঠ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয়ে ৷ শ্ৰেষ্ঠ পাঁচ জনীয়া মহিলা পানী পৰীক্ষন গোটৰ বঁটা লাভ কৰে বৰপাটৰীয়া পাঁচ জনীয়া মহিলা পানী পৰীক্ষন গোট আৰু বৰুৱাপথাৰ পাচঁ জনীয়া মহিলা পানী পৰীক্ষন গোটে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/c47f5fe2-d457-49ef-80c5-37b9bec21096/491d7c57-c5ee-4d03-9ab7-81a6ae25da07.jpg)
শ্ৰেষ্ঠ জল দূত হিচাপে বঁটা লাভ কৰে মাছখোৱা বেঙনাগড়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ ডিম্পল দত্ত ,অয়েঙ্গীয়া চাৰি আলি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী উৰিশ্মা টাইড ,পুঞ্চাং উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী তুলিকা টায়ুং, মাছখোৱা টাউন উচ্চ মাধ্যমিক ছাত্ৰী লিজা কুইন বৰগোহাঁই , পূৱ বৰদলনি উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী মেঘালী সোণোৱাল আৰু মুৰ্কংচেলেক বালিকা উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰী প্ৰিয়া পায়োং ৷
শ্ৰেষ্ঠ ৰূপান্তৰ সহায়ক সংস্থা বঁটা লাভ কৰে সতী সাধনী মণ্ডল পৰ্যায়ৰ সংগঠন আৰু মনি কাঞ্চন মণ্ডল পৰ্যায়ৰ সংগঠনটিয়ে ৷ শ্ৰেষ্ঠ আশা কৰ্মী বঁটা লাভ কৰে বীনা শইকীয়া আৰু টুটুমনি টাইড নৰহে ৷ বঁটা প্ৰাপকসকলক আনুষ্ঠানিকভাৱে সভাতেই প্ৰদান কৰা হয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-08/e76451a5-2d8f-4e3f-9f53-537eae47b69a/dacf0b44-41ac-49c2-a7eb-b425e199bf81.jpg)
Also Read: ফ'ৰলেন সন্দৰ্ভত জখলাবন্ধাত বিশাল প্ৰতিবাদী ৰাজহুৱা সভা...