চিলাপথাৰত পথ নিৰ্মাণৰ দাবীত ধৰ্ণা...

সাংসদ- বিধায়কৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে ৰাইজে। চিলাপথাৰত এটা বুৰঞ্জী প্ৰসিদ্ধ পথ নিৰ্মাণৰ দাবীত ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদী ধৰ্ণা..

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত পথ নিৰ্মাণৰ দাবীত ধৰ্ণা...

ডিজিটেল সংবাদ, চিলাপথাৰ : চিলাপথাৰ নগৰৰ পৰা কুলামুৱাহৈ গেলুৱালৈ যোৱা এটি পথ হ'ল ঐতিহ্যমণ্ডিত আবৰ আলি । চিলাপথাৰ নগৰ প্ৰতিষ্ঠাৰ পূৰ্বে এই আবৰ আলিতে বহিছিল বজাৰ। এই আবৰ আলিয়েদিয়েই অৰুণাচল প্ৰদেশৰ যোগাযোগ আছিল। পিছে এই গুৰুত্বপূৰ্ণ পথটো এতিয়া সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰিছে ।

Advertisment

পথৰ মাজত সৃষ্টি হৈছে বৃহৎ বৃহৎ খাল। এজাক বৰষুণতে বোকা পানীৰে এক কৰ্যদ ৰূপ লয় পথটিয়ে। পিছে হেজাৰ আপত্তিৰ পিছতো কাণসাৰ নাই প্ৰশাসন কিম্বা জন প্ৰতিনিধিৰ। বহুবাৰ আবেদন নিবেদন কৰিও কোনো সুফল পোৱা নাই স্থানীয় ৰাইজে। অতিশয় কষ্টকৰ যাতায়ত অব্যাহত ৰাখিছে অঞ্চলটোৰ ৰাইজে ।

সেয়ে পথটো নিৰ্মাণৰ দাবীত ৰাজপথলৈ ওলাই আহিল উপায়ন্তৰ ৰাইজ। পিছ পৰি নৰ'ল বিদ্যালয়ৰ কণ কণ ছাত্ৰ-ছাত্ৰীও । অচিৰেই পথটো নিৰ্মাণ কৰাৰ দাবীত প্ৰদান বৰুৱা মুর্দাবাদ, ভূৱন পেগু মুর্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুর্দাবাদ, বিজেপি চৰকাৰ মুর্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ। নিৰ্বাচনৰ আগতেই পথটো নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে ৰাইজে নিৰ্বাচন বৰ্জন কৰিব বুলি সকীয়াই দিয়ে।

Also Read: বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ ১০৪ সংখ্যক জন্ম দিৱস পালন...

GOVT OF ASSAM