/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/e4762e14-4262-48a3-bf28-d4f4a82d3a3f/Bodoufa.jpg)
ডিজিটেল সংবাদ, চিৰাং : বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি তথা বড়ো মাধ্যমৰ সেনানী প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ ১০৪ সংখ্যক জন্ম দিৱস শুকুৰবাৰে পালন কৰা হয়। বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ট্ৰাষ্টৰ উদ্যোগত চিৰাং জিলাৰ বাসুগাঁও চহৰৰ প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ সমাধিস্থলত পুৱা বড়ো সাহিত্য সভা (থুনলাই)ৰ পতাকা উত্তোলনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়।
পতাকা উত্তোলন কৰে বড়ো সাহিত্য সভাৰ প্ৰাক্তন উপসভাপতি তথা বৰ্তমানৰ উপদেষ্টা ৰমেলা ইশ্লাৰীয়ে। পতাকা উত্তোলন কৰি তেওঁ বড়ো ভাষা উত্তোৰণৰ ক্ষেত্ৰত বড়ো মাধ্যমৰ সেনানী যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ বড়ো ভাষাটোৰ প্ৰতি থকা ভালপোৱা আৰু আন্তৰিকতাক শ্ৰদ্ধাৰে স্মৰণ কৰি তেওঁৰ অৱদানৰ ওপৰত বক্তব্য দাঙি ধৰে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/44610296-90b8-47a7-beae-47d3757334dd/WhatsApp_Image_2023_05_19_at_6_41_43_PM.jpeg)
ইয়াৰ অন্তত সমাধিস্থলীত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে প্ৰয়াত যোগেন্দ্ৰ কুমাৰ বসুমতাৰীৰ সহধৰ্মনী ৰেণু বালা বসুমতাৰী । বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ষ্ট্ৰাষ্টৰ ষ্ট্ৰাটি ৰিপেন বসুমতাৰী আঁতধৰা অনুষ্ঠানটিত বড়ো সাহিত্য সভাৰ চিৰাং জিলা সমিতিৰ সভাপতি নগেন্দ্ৰ নাৰ্জাৰী, জিলা আবছুৰ সভাপতি দীলিপ বসুমতাৰী, চিৰাং জিলা বড়ো সমাজৰ সভাপতি বিপিন ওৱাৰী, বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ৰনেন চন্দ্ৰ মুছাহাৰী আদি বিশিষ্ট ব্যক্তি সকল অনুষ্ঠানটিত উপস্থিত থাকি অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলে ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/cd2ee5c8-4f07-4519-a5ff-c8eb4967fa5c/WhatsApp_Image_2023_05_19_at_6_41_43_PM__1_.jpeg)
শেষত বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ট্ৰাষ্টৰ বিষয়ববীয়া সকলৰ চিনাকী পৰ্ব আৰু আলোচনা সভা অনুষ্ঠিত হয়। অনুষ্ঠানটি সাফল্য মণ্ডিত কৰি তোলাত সকলোকে ধন্যবাদ আৰু কৃতজ্ঞতা জনায় বড়ো বিজৌংনি ফাইখি যোগেন্দ্ৰ কুমাৰ বসুমতাৰী ট্ৰাষ্টৰ হৈ শুকুৰসিং মুছাহাৰী আৰু ৰিপেন বসুমতাৰীয়ে।
Also Read: নিযুক্তিৰ নামত চৰকাৰৰ প্ৰতাৰণাৰ দাবীৰে
প্ৰতিবাদী কাৰ্যসূচীৰ আহ্বান...