ধেমাজিত নদীৰ মথাউৰি নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট...

মন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সহযোগত ধেমাজি কাছাৰী ময়দানৰ সমীপত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ ।

author-image
Asomiya Pratidin
New Update
ধেমাজিত নদীৰ মথাউৰি নিৰ্মাণৰ দাবীত অৱস্থান ধৰ্মঘট...

প্ৰতিবাদ

ডিজিটেল সংবাদ, ধেমাজিঃ জীয়াঢল আৰু কুমতীয়া নদীত নিৰ্মীয়মান মথাউৰি ক্ষীপ্ৰতাৰে কাম শেষকৰা, চিচিবৰগাওঁৰ গেলুৱাত চলি থকা ৰন্ধন গেছৰ চোৰাং বেহা বন্ধকৰা আৰু ধেমাজি তিনিআলিৰ পৰা যোৱা ভগ্নপ্ৰায় পদ্মনাথ গোহাঁঞি বৰুৱা পথ পুনৰ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ পৰিষদ ধেমাজি জিলা সমিতিৰ উদ্যোগত আৰু ধেমাজি সদৰ আঞ্চলিক সমিতিৰ সহযোগত ধেমাজি কাছাৰী ময়দানৰ সমীপত বুধবাৰে দুপৰীয়া ১২ পৰা বিয়লি ২ বজাৰলৈকে দুঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷

Advertisment
অৱস্থান ধৰ্মঘট
অৱস্থান ধৰ্মঘট

সংগঠনটোৰ প্ৰায় দুই শতাধিক কৰ্মীয়ে মন্ত্ৰী ৰণোজ পেগু মুৰ্দাবাদ, বিজেপি চৰকাৰ হায় হায় আদি বিভিন্ন শ্লোগানেৰে প্ৰতিবাদস্থলী উত্তাল কৰি তোলে ৷ ইফালে এই প্ৰতিবাদস্থলীৰ পৰাই জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্বল চুতীয়া আৰু ধেমাজি জিলা সমিতিৰ সভাপতি সঞ্জীৱ চেতিয়াই চৰকাৰক সকিয়নী দি কয় যে অতি শীঘ্ৰেই যদিহে চৰকাৰে অসম জাতীয়তাবাদী যুৱ পৰিষদে ইতিমধ্যে দাবী তোলা সমস্যাসমূহ সমাধানৰ ব্যৱস্থা গ্ৰহন নকৰিলে অনাগত দিনত সংগঠনটোৱে ৰাইজৰ সহযোগত তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলি সকিয়নী দিয়ে ৷

কাৰ্যসূচীৰ শেষত সভাপতি সঞ্জীৱ চেতিয়া আৰু সাধাৰণ সম্পাদক ত্ৰৈলোক্য তামুলীয়ে স্বাক্ষৰ কৰা তিনি দফীয়া এখনি স্মাৰকপত্ৰ প্ৰতিবাদস্থলীতে ধেমাজি জিলাৰ উপায়ুক্ত হৈ অতিৰিক্ত উপায়ুক্তই গ্ৰহন কৰে ৷

Also Read: বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বে ভাৰত-ভূটান সীমান্তত ২০০০ গছপুলি ৰোপনৰ লক্ষ্য...

protest