নুমুৱা নাই হাৰিয়ানাৰ হিংসাত্মক জুই ! বেদখলকাৰীৰ বাসগৃহত অব্যাহত বুলড'জাৰৰ আঁচোৰ

নুমুৱা নাই হাৰিয়ানাৰ হিংসাত্মক জুই ! বেদখলকাৰীৰ বাসগৃহত অব্যাহত বুলড'জাৰৰ আঁচোৰ

ডিজিটেল ডেস্কঃ নুমুৱা নাই হাৰিয়ানাৰ হিংসাত্মক জুই। হাৰিয়ানাৰ নুহত অব্যাহত আছে অবৈধ নিৰ্মাণৰ বিৰুদ্ধে ধ্বংসৰ অভিযান। ৰাজ্যখনৰ দুটা সম্প্ৰদায়ৰ মাজত সৃষ্টি হৈ থকা সাম্প্ৰদায়িক সংঘৰ্ষৰ মাজতেই দেওবাৰে চতুৰ্থবাৰৰ বাবে পুনৰ নুহ জিলা প্ৰশাসনে চাহাৰা হোটেল ধ্বংসৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।

উল্লেখ্য শনিবাৰেও ঔষধৰ দোকানকে ধৰি প্ৰায় ১২খনকৈ দোকান ধ্বংস কৰিছিল জিলা প্ৰশাসনে। আনহাতে ইয়াৰ পূৰ্বেও হিংসাপীড়িত নুহৰ পৰা প্ৰায় ২০ কিলোমিটাৰ নিলগৰ টাউৰুত বাস কৰা প্ৰব্ৰজনকাৰীসকলৰ বাসগৃহতো চৰকাৰী ভূমি বেদখল কৰাৰ অপৰাধত বুলড'জাৰ চলায়। এই ধ্বংসাত্মক কাৰ্যত বৰ্তমানলৈ বিভিন্ন অঞ্চলৰ প্ৰায় ৫০ৰ পৰা ৬০খনকৈ ব্যক্তিগত অনুষ্ঠানত আঁচোৰ পেলাইছে প্ৰশাসনে।

ইপিনে হিংসাত্মক কাৰ্যত জড়িত থকাৰ অপৰাধত অঞ্চলটোত আটক তথা গ্ৰেপ্তাৰ হৈয়ে আছে ইজনৰ পাছত সিজন লোক। পিছে ইয়াৰ মাজতো গ্ৰেপ্তাৰ হোৱাৰ আশংকাত বহুলোকে পলায়ন কৰাৰ কথাও প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত।

প্ৰণিধান যোগ্য যে, বিগত সোমবাৰে বিশ্ব হিন্দু পৰিষদে উলিওৱা এক শোভাযাত্ৰাত দুৰ্বৃত্তৰ আক্ৰমণত দুজন গৃহৰক্ষী আৰু এজন ধৰ্মগুৰুসহ ছয়জন লোকৰ মৃত্যু হয়। এই ঘটনাৰ পাছতেই ৰাজ্যখনত বৃদ্ধি পাইছিল সাম্প্ৰদায়িক সংঘৰ্ঘ। আক্ৰমণ প্ৰতিআক্ৰমণৰ ক্ষোভত জ্বলি উঠে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ লগতে চুবুৰীয়া ৰাজ্য ৰাজস্থান তথা ৰাজধানী দিল্লীৰো দুই এখন ঠাই।

তথ্য অনুসৰি বৰ্তমানলৈ এই ঘটনাৰে জড়িত ১০৬টা গোচৰ ৰুজু কৰাৰ বিপৰীতে ২১৬ জনৰো অধিক লোকক গ্ৰেপ্তাৰ কৰিছে। আনহাতে আন ২৪ খন এজাহাৰ সামাজিক মাধ্যমত আপত্তিজনক প'ষ্ট কৰাৰ বাবে দাখিল কৰি ৪জন লোকক গ্ৰেপ্তাৰ কৰিছে প্ৰশাসনে।

নুমুৱা নাই হাৰিয়ানাৰ হিংসাত্মক জুই ! বেদখলকাৰীৰ বাসগৃহত অব্যাহত বুলড'জাৰৰ আঁচোৰ
উদ্ভণ্ডালি ! ন' পাৰ্কিঙত অটো ৰখাক লৈয়ে শূন্যলৈ গুলীচালনা আৰক্ষীৰ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in