সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি: মুখপত্ৰৰ বাবে লেখা আহ্বান...

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি: মুখপত্ৰৰ বাবে লেখা আহ্বান...
সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি: মুখপত্ৰৰ বাবে লেখা আহ্বান...

ডিজিটেল সংবাদ ঢকুৱাখনা: ভূমিপুত্ৰ সোণোৱাল কছাৰী জনগোষ্ঠীৰ সংগ্ৰামী সত্বা স্বৰূপ জাতীয় ছাত্ৰ সংগঠন সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ নৱম দ্বিবাৰ্ষিক অধিবেশনখন বাটঘৰীয়া আঞ্চলিক সমিতি আৰু বাটঘৰীয়াবাসীৰ সহযোগত অনুষ্ঠিত কৰাৰ ব্যাপক প্ৰস্তুতি চলিছে। ধেমাজি জিলাৰ বাটঘৰীয়া অঞ্চলৰ ধনবৰচলা ক্ষেত্ৰ শিঙিমাৰীত ২০২৪ বর্ষৰ ৫ আৰু ৬ জানুৱাৰীত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰিবলৈ ধেমাজি জিলা সমিতিয়ে পূৰ্ণ গতিত তৎপৰতা চলাই গৈছে ।

মঙলবাৰে ধেমাজি জিলা সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি পৰিক্ষীত সোনোৱাল আৰু সম্পাদক চন্দন কছাৰীয়ে এই কথা জানিবলৈ দিছে। জিলা নেতৃবৰ্গই জনোৱা মতে নৱম দ্বি-বাৰ্ষিক অধিবেশনৰ লগত সংগতি ৰাখি এখন মুখপত্ৰ প্ৰকাশৰো প্ৰস্তুতি চলাইছে।

ভূমিপুত্ৰ সোনোৱাল কছাৰী সকলৰ সমাজ জীৱন, লোক সাহিত্য,ভাষা সংস্কৃতিৰ, শিক্ষা,ক্ৰীড়া ক্ষেত্ৰৰে সম্পৃক্ত আদি দিশবোৰৰ লগতে অসমীয়া সমাজ, সাহিত্য,ভাষা সংস্কৃতিৰ দিশবোৰ সামৰি প্ৰকাশ কৰিব লগীয়া মুখপত্ৰ "সোণচেকুৰা " ত প্ৰকাশৰ বাবে আগ্ৰহী লেখক সকলৰ পৰা মননশীল লেখনি আহ্বান কৰিছে জিলা সমিতিয়ে। অহা ৩০ ডিচেম্বৰৰ ভিতৰত লেখা সমূহ ইমেইল আই।ডি ksonowalnlc@gmail.com অথবা হোৱাটছএপ - 943664167, 9101121791নম্বৰত পঠিয়াবলৈ "সোণচেকুৰা" ৰ সম্পাদনা সমিতিৰ সভাপতি সৌৰভজ্যোতি বড়া আৰু সম্পাদক নৱজ্যোতি সোনোৱালে আহ্বান জনাইছে।

তাৰোপৰি জিলা অধিবেশনখন সৰ্বতো প্ৰকাৰে সাফল্য মণ্ডিত কৰি তুলিবলৈ স্বগোষ্ঠীয় ৰাইজ সংগঠনৰ লগতে সৰ্বশ্ৰেণী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে জিলা সমিতিয়ে কামনা কৰিছে।

সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ নৱম দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি: মুখপত্ৰৰ বাবে লেখা আহ্বান...
কামৰ অধিক বুজাৰ পৰা ৰেহাই কামৰূপ মহানগৰ জিলাৰ আয়ুক্তক...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in