/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/fee25e73-47fb-4e2d-ae48-1a843dd3c8c9/dhemaji_14.jpg)
ধেমাজি কাছাৰী ময়দানত স্বাধীনতা দিৱসৰ কাৰ্যসূচীৰ প্ৰস্তুতি সম্পূৰ্ণ...
ডিজিটেল সংবাদ ধেমাজিঃ সমগ্ৰ দেশৰ লগতে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত ধেমাজি কাছাৰী ময়দানত ৭৭ তম স্বাধীনতা দিৱসৰ উদযাপনৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ধেমাজি জিলা প্ৰশাসনে৷ পেৰেড অনুশীলনৰ অন্তিম দিনা ধেমাজি কাছাৰী ময়দানত উপস্থিত হৈ প্ৰস্তুতিৰ বুজ লয় ধেমাজি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/3125f041-46b1-4af8-bb74-04a80b5f7387/64381df9_1ae7_4632_93d0_92546755df14.jpg)
এইবেলি স্বাধীনতা দিৱসৰ পেৰেড গ্ৰাউণ্ডত আৰক্ষী,এন চি চি , স্কাউট এণ্ড গাইড বিভিন্ন শিক্ষানুষ্ঠানৰ বিদ্যালয়ৰ ছাত্ৰছাত্ৰীসহ মুঠ ২৭ টা দলে পেৰে়ত অংশগ্ৰহণ কৰিব৷ ইপিনে স্বাধীনতা দিৱসক লৈ যাতে কোনো দুষ্কৃতিকাৰীয়ে কূটাঘাটমূলক কাৰ্য সংঘটিত কৰিব নোৱাৰে তাৰ বাবে ধেমাজি জিলা আৰক্ষী প্ৰশাসনে দিনে, নিশাই সষ্টম হৈ থকাৰ বিষয়ে মন্তব্য কৰে জিলা আয়ুক্ত গৰাকীয়ে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-08/c2ce195c-755a-4102-a84b-c1bb7da64cd3/d74f1fde_acab_4b7a_af77_4d083eba5e3f.jpg)
Also Read: মানকাচৰৰ কাউৱাহাগীত পৰম্পৰাগত হৈগুদু খেলৰ প্ৰতিযোগিতা...