আৰক্ষীৰ জালত ম'ষ্ট ৱান্টেড চুমি-তাৰ্কিক...

আৰক্ষীৰ জালত ম'ষ্ট ৱান্টেড চুমি-তাৰ্কিক...

author-image
Asomiya Pratidin
New Update
আৰক্ষীৰ জালত ম'ষ্ট ৱান্টেড চুমি-তাৰ্কিক...

ডিজিটেল সংবাদঃ অৱশেষত এছ টি এফ ৰ জালত পৰিল ট্ৰেডিং কেলেংকাৰীত নাম সাঙোৰ খোৱা অভিনেত্ৰী চুমি বৰা আৰু স্বামী তাৰ্কিক বৰা। DIG পাৰ্থ সাৰথি মহন্তৰ নেতৃত্বত ডিব্ৰুগড়ত গ্রেপ্তাৰ কৰা হয় চুমি-তাৰ্কিকক। এই তথ্য সামাজিক মাধ্যমযোগে অভিযুক্তৰ এখন ফটোৰ সৈতে প্ৰকাশ কৰে আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে।

Advertisment

ইতিমধ্যে চুমি বৰাক ডিব্ৰুগড় মহিলা আৰক্ষী চকীলৈ প্ৰেৰণ কৰা লগতে তাৰ্কিক বৰাক ডিব্ৰুগড় সদৰ থানাত ৰখা হৈছে। দুয়োকে পৃথকে পৃথকে জেৰা চলোৱা হব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, অনলাইন ট্ৰেডিং কেলেংকাৰীত বিশাল ফুকনৰ পাছতে নাম সাঙোৰ খাইছিল চুমি-তাৰ্কিকৰ। বিশালৰ গ্ৰেপ্তাৰৰ পাছতে ১০ দিনে স্বামীসহ আত্মগোপন কৰি আছিল চুমি বৰা। বুধবাৰে ভিডিঅ' প্ৰস্তুত কৰি সামাজিক মাধ্যমত আত্মসমৰ্পণ কৰিব বুলি নিজ মুখে জনাইছিল চুমিয়ে।

আত্মসমৰ্পণ কৰিব বুলি চৰ্চা চলা লগে লগে তৎপৰ হৈ পৰিছিল আৰক্ষীৰ লগতে সংবাদ মাধ্যম ৷ ইয়াৰ পাছতে নিশা ডিব্ৰুগড়লৈ আত্মসমৰ্পণৰ বাবে গৈ থকা অৱস্থাত বাহনসহ এছ টি এফৰ দলৰ জালত পৰে চুমি-তাৰ্কিক ৷

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, STF ৰ দলে ইতিমধ্যে চুমি-তাৰ্কিকৰ পৰা কেতবোৰ সামগ্ৰী জব্দ কৰি ডিব্ৰুগড়ৰ থানালৈ লৈ আহিছে ৷ ঘটনা সন্দৰ্ভত বৰ্তমানেও সম্পূৰ্ণ তথ্য প্ৰকাশ কৰাৰ পৰা বিৰত আছে ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক।

Also Read: আৰক্ষীৰ জালত ট্ৰেডিং কেলেংকাৰীৰ অভিযুক্ত মাইনাও ব্ৰহ্ম

SUMI BORA