চিকিৎসালয়ৰ বাবে সংৰক্ষিত মাটিত উদ্যান নিৰ্মাণৰ প্ৰস্তুতি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ

চিকিৎসালয়ৰ বাবে সংৰক্ষিত মাটিত উদ্যান নিৰ্মাণৰ প্ৰস্তুতি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ

author-image
Asomiya Pratidin
New Update
চিকিৎসালয়ৰ বাবে সংৰক্ষিত মাটিত উদ্যান নিৰ্মাণৰ প্ৰস্তুতি মিচিং স্বায়ত্ত শাসিত পৰিষদৰ

ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি জিলাৰ চিমেন চাপৰিৰ ৰাজহুৱা ভূমিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ উদ্যান নিৰ্মাণ। তীব্ৰ আপত্তি দৰ্শালে স্থানীয় ৰাইজে। চিমেন চাপৰিৰ ৰাজহুৱা ভূমিত মিচিং স্বায়ত্ত শাসিত পৰিষদৰ দ্বাৰা উদ্যান নিৰ্মাণ কাৰ্য্য চলোৱাৰ বিৰুদ্ধে মঙলবাৰে অনুষ্ঠিত হল এক ৰাজহুৱা সভা।

Advertisment

চিমেন চাপৰি গাঁও পঞ্চয়তৰ কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত খণ্ড প্ৰাথমিক শিক্ষা বিষয়া দিলিপ কুমাৰ গগৈৰ সভাপতিত্ব অনুষ্ঠিত সভাৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়াই চিমেন চাপৰি গাওঁ পঞ্চায়তৰ সভাপতি ডম্বৰু কোঁৱৰে।

বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সহায়ক হোৱাকৈ এখন চিকিৎসালয় স্থাপনৰ বাবে প্ৰায় কুৰি বিঘা ভূমি ৰাইজে বহু বছৰৰ পৰা সংৰক্ষণ কৰি ৰাখিছে। পিছে এই ভূমিত মিছিং স্বায়ত্ত পৰিষদৰ এক উদ্যান নিৰ্মাণৰ প্ৰস্তুতি লোৱা বুলি জানিব পাৰি ৰাইজে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।

এখন উদ্যানতকৈ এখন চিকিৎসালয় অঞ্চলবাসীৰ বাবে অধিক গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰি ৰাইজে বহুবছৰ ধৰি সংৰক্ষণ কৰি ৰখা ৰাজহুৱা ভূমিৰ বেদখল কোনোপাধ্যে মানি লোৱা নহ'ব বুলি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনায়।

অঞ্চলটোৰ বহু বিশিষ্ট সমাজ কৰ্মী, শিক্ষক, অৱসৰপ্ৰাপ্ত শিক্ষক আৰু বিভিন্ন সংগঠনৰ কৰ্মকৰ্তাৰ উপস্থিতিত অনুষ্ঠিত সভাই চৰকাৰী ৰাজহুৱা ভূমিত চলোৱা নিৰ্মাণ কাৰ্য্যৰ বিৰোধিতা কৰি বক্তব্য ৰাখে। ঠিকাদাৰ গোষ্ঠীৰ স্বাৰ্থৰ বাবে ৰজুহুৱা ভূমি ব্যৱহাৰৰ কদাপি অনুমতি দিয়া নহ'ব বুলি ৰাইজে ঐক্যমত পোষণ কৰে।

Also Read: গহপুৰৰ পশ্চিম টকৌবাৰী প্ৰাথমিক বিদ্যালয়ত স্মৃতি তোৰণ উন্মোচন

dhemaji