চকু মেলি চোৱা ভগৱান...

চকু মেলি চোৱা ভগৱান...

author-image
Asomiya Pratidin
New Update
চকু মেলি চোৱা ভগৱান...

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰৰ অসম-অৰুণাচল প্ৰদশৰ সীমান্তৱৰ্তী লিকাবালি মিলনপুৰৰ এটা দিব্যাংগ পৰিয়ালৰ কৰুণ গাঁথা। অন্ন,বস্ত্ৰ বাসস্থানৰ বাবে হুমুনিয়াহ কাঢ়িছে চিলাপথাৰৰ ৰমেন গগৈৰ পৰিয়ালটোৱে। চৰম অভাৱ আৰু অনাতনৰ মাজেৰে দিন কটাইছে দিব্যাংগ পৰিয়ালটোৱে।

Advertisment

ৰমেন গগৈৰ পাঁচ জনীয়া পৰিয়ালটোৰ তিনিজন সদস্যই বিশেষভাৱে সক্ষম। জন্মৰ পৰাই বিষেশভাৱে সক্ষম পঞ্চাশোৰ্ধৰ ৰমেনৰ অৱস্থা পানীত হাঁহ নচৰা। একেটা ঘৰতে অক্ষমতাৰে জীৱন অতিবাহিত কৰিছে ৰমেনৰ ত্ৰিশোৰ্ধৰ একমাত্ৰ ভগ্নীয়ে। ইপিনে আশ্বৰ্যজনকভাৱে দিনক দিনে অকামিলা হৈ পৰিছে ৰমেন গগৈৰ ভাগিন মণ্টোৰ দুভৰি।

এখন সৰু তামোল পানৰ দোকান দি পেট প্ৰবৰ্তাইছিল ৰমেনে। পিছে অৰ্থৰ অভাৱত সেইখনো বন্ধ হৈ পৰিল। ঘৰ বা আচবাব বুলি ক'বলৈ এখন ভঙা ছিঙা উৱলি যোৱা চালিৰ ঘৰৰ বাদে একো নাই। চৰকাৰী সাহায্যৰ নামত পৰিয়ালটোৱে মাহে ৫ কেজি সমবায় চাউলৰ বাদে একো লাভ কৰা নাই।

  User
User

সম্প্ৰতি চৰম অভাৱৰ মাজেৰে দিন কটাই দূৰ্ভগীয়া পৰিয়ালটোৱে। সম্পত্তি বুলি ক'বলৈ আছে এখন পুৰণি হুইল চেয়াৰ। পুৰণি হৈ পৰা চেয়াৰখনো মামৰে ধৰিছে। প্ৰায় বিকল হোৱাৰ পথত বাহনখন। থোকা থুকি মতেৰে চৰকাৰ ৰাইজৰ প্ৰতি সহায়ৰ প্ৰাৰ্থনা জনাইছে দুৰ্ভগীয়া পৰিয়ালটোৱে। পৰিয়ালটোৰ আহ্বান আমাক সহয় কৰক।

  User
User

যদি কোনো সদাসয় লোকে পৰিয়ালটোক সহায় কৰিব বিচাৰে। তেন্তে তেওঁলোকৰ এছবিআই একাউন্ট 36425653746 নম্বৰৰ যোগে অৰ্থ সাহাৰ্য প্ৰদান কৰিব পাৰে।

এইখিনিতেই উল্লেখযোগ্য যে এই খবৰ প্ৰকাশ পোৱাৰ আগতেই পৰিয়ালটোক সহায়ৰ হাত আগবঢ়াইছে অক্ষমালা মহন্ত নামৰ এগৰাকী হৃদয়বান যুৱতীয়ে। পৰিয়ালটোক গুগল পেৰ জৰিয়তে ৩০০০ টকা আগবঢ়াইছে অক্ষমালা মহন্তই । পিছে এই দুৰ্ভগীয়া পৰিয়ালটোৰ প্ৰতি চৰকাৰৰ সুদৃষ্টি পৰিবনে সেয়া এতিয়া ডাঙৰ প্ৰশ্ন!

Also Read: ৰাজ্যত বানৰ সন্ত্ৰাসঃ ৫খন জিলাৰ ৩৮৩খন গাওঁ এতিয়াও বানৰ কবলত

silapathar