ভয়ংকৰ বাইক দুৰ্ঘটনাত মৃত্যু যুৱকৰ

ভয়ংকৰ বাইক দুৰ্ঘটনাত মৃত্যু যুৱকৰ

ডিজিটেল সংবাদ, ধেমাজি: ধেমাজিত দেওবাৰে কাহিলী পুৱাতেই সংঘটিত হয় এক বাইক দুৰ্ঘটনা। পুৱতি নিশা প্ৰায় ৩.৩০ বজাত বাইক দুৰ্ঘটনাত মৃত্যু হয় বকল গাওঁ নিবাসী ভূপেন বাইলুঙৰ পুত্ৰ দীপজ্যোতি বাইলুঙৰ। ২৬ বছৰীয়া যুৱকজনৰ অকাল মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোতে শোকৰ ছাঁ পৰিছে।

জানিব পৰা মতে, দীপজ্যোতিয়ে লগৰ বন্ধু এজনৰ সৈতে দেওবাৰে ধলাশদিয়া যাবলৈ বুলি এখন হিমালয়ান বুলেট মটৰচাইকেলেৰে ঘৰৰ পৰা উলাই আহি গপাকৰ বন্ধজনক আনিবলৈ যাওতেই কাড়িচুকৰ সমীপৰ গপাক পথৰ এটা টেলিফোনৰ খুটাত খুণ্ডিয়াই দূৰ্ঘটনাত পতিত হয়৷

দূৰ্ঘটনাটোৰ পিছতেই ওচৰচুবুৰীয়া ৰাইজে প্ৰত্যক্ষ কৰি ততাতৈয়াকৈ আৰক্ষীক অৱগত কৰে৷ আৰক্ষী আহি যুৱকজনক চিকিৎসালয়লৈ নিয়া পূৰ্বেই যুৱকজনৰ মৃত্যু হয়৷

দূৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে বাইকে খুণ্ডিওৱাৰ ফলত টেলিফোনৰ খুটাটো আধা চেপেটা হৈ যায় ৷ যুৱকজনে মৃত্যুৰ সময়ত পত্নীৰ সৈতে চাৰি বছৰীয়া ছোৱালী সন্তান সহ পিতৃ-মাতৃ আৰু পৰিয়ালৰ অনেকজনক এৰি গৈছে৷

ভয়ংকৰ বাইক দুৰ্ঘটনাত মৃত্যু যুৱকৰ
বৰপেটাত ভূমি বিবাদৰ বাবে প্ৰচণ্ড মাৰপিট

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in