বৰপেটাত ভূমি বিবাদৰ বাবে প্ৰচণ্ড মাৰপিট

বৰপেটাত ভূমি বিবাদৰ বাবে প্ৰচণ্ড মাৰপিট

author-image
Asomiya Pratidin
New Update
বৰপেটাত ভূমি বিবাদৰ বাবে প্ৰচণ্ড মাৰপিট

ডিজিটেল ডেস্কঃ বৰপেটাৰ কপাহতলী চাপৰি পথাৰত সংঘটিত হৈছে ভূমি বিবাদৰ ঘটনা। বাঘবৰৰ চাপৰি পথাৰ আৰু গোৱালপাৰাৰ লেওবাৰী পক্ষৰ মাজত সংঘটিত হৈছে এই বিবাদ। মুঠ ২০০ বিঘা মাটি দখলৰ বাবেই এই বিবাদ সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। বিবাদৰ ফলশ্ৰুতিত দুয়োটা পক্ষৰ মাজত প্ৰচণ্ড মাৰপিট হোৱা বুলিও জানিব পৰা গৈছে।

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি দুয়োটা পক্ষৰ লোকেই হাতে-হাতে দা, কুঠাৰ, লাঠী, জোং লৈ আক্রমণত লিপ্ত হয়। এই ঘটনাৰ ফলত মহিলাসহ মুঠ ৩০ জনৰো অধিক লোক আহত হয়। আহত লোকসকলৰ ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে।

আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে। ঘটনাৰে জড়িত দুয়োটা পক্ষৰ কেইবাজনো লোকক আটক কৰিছে আৰক্ষীয়ে।

Also Read: ৰাজ্য চৰকাৰৰ মহানগৰবাসীলৈ দুৰ্গোৎসৱৰ বিশেষ উপহাৰ...

land conflict