কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ শ্ৰেণীকোঠাৰ শিলান্যাস

শুভাৰম্ভণি কৰে ৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে

author-image
Asomiya Pratidin
New Update
কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ শ্ৰেণীকোঠাৰ শিলান্যাস

ডিজিটেল সংবাদ,কঠীয়াতলী : শনিবাৰে নগাঁও জিলাৰ কঠীয়াতলীস্থিত কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতনৰ শ্ৰেণীকোঠাৰ শিলান্যাস কাৰ্যসূচী সম্পন্ন কৰা হয়।মুখ্যমন্ত্ৰীৰ আচুতীয়া পূঁজি শিতানৰ দ্বাৰা আবণ্টিত ৫০ লাখ টকাৰে নিৰ্মাণ কৰিবলৈ লোৱা শ্ৰেণীকোঠাৰ বন্তি প্ৰজ্বলন কৰি শিলান্যাসৰ শুভাৰম্ভণি কৰে ৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে।

Advertisment

এই উপলক্ষে অনুষ্ঠিত সভাত সভাপতিত্ব কৰে ধৰ্মেশ্বৰ বৰাই। সভাত ভাষণ প্ৰসংগত বিধায়কগৰাকীয়ে কয় যে, অসমীয়া ভাষা আৰু জাতিৰ স্বাৰ্থত কাম কৰি যোৱাৰ বাবে অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে অসমৰ সকলো শংকৰদেৱ বিদ্যা নিকেতনসমূহলৈ উন্নয়নৰ বাবে পৰ্যাপ্ত সুবিধাৰ আগবঢ়াই আহিছে।

সভাত শশী বৰদলৈ, টংকেশ্বৰ বৰা, নৃপেন শৰ্মা, ভোগেশ্বৰ বৰুৱা, ৰজত ৰাজখোৱাকে ধৰি বহুকেইজন জ্যেষ্ঠ নাগৰিক উপস্থিত থকাৰ লগতে অভিভাৱক তথা নিকেতনৰ আচাৰ্য-আচাৰ্যাসকল উপস্থিত থাকে। সভাৰ আঁত ধৰে নিকেতনৰ সম্পাদক অতুল চন্দ্ৰ কাকতিয়ে।

Also Read: চিমেন চাপৰিত আজিৰে পৰা সপ্তদশ ভাগৱত পাঠ

JITU GOSWAMI Kathiyatali