দুই শিশু নিৰ্যাতনকাৰী ৭২বছৰীয়া সাধুক সশ্ৰম কাৰাদণ্ড আৰু ১০হাজাৰ টকা জৰিমনা

দুই শিশু নিৰ্যাতনকাৰী ৭২বছৰীয়া সাধুক সশ্ৰম কাৰাদণ্ড আৰু ১০হাজাৰ টকা জৰিমনা

author-image
Asomiya Pratidin
New Update
দুই শিশু নিৰ্যাতনকাৰী ৭২বছৰীয়া সাধুক সশ্ৰম কাৰাদণ্ড আৰু ১০হাজাৰ টকা জৰিমনা

ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি জিলা সত্ৰ ন্যায়াধীশ কৌশিক হাজৰিকাৰ আদালতে বুধবাৰে এক ৰায়দান যোগে এজন ৭২ বছৰীয়া সাধুক সশ্ৰম কাৰাদণ্ড বিহে। ৰূপেশ্বৰ গগৈ নামৰ শিশু নিৰ্যাতনকাৰীজনক শিশু নিৰ্যাতন(প'চকো) আইনৰ অধীনত ২০ বছৰ সশ্ৰম কাৰাদণ্ড দিয়া লগতে নগদ ১০ হাজাৰ টকা জৰিমনা বিহে ৷

Advertisment

উল্লেখ্য যে ২০১৯ চনৰ ছেপ্তেম্বৰ মাহত চিলাপথাৰত এখন ঘৰত কোনো নথকা সুযোগ লৈ ৭ বছৰীয়া আৰু ১৩ বছৰীয়া দুই শিশুক নিৰ্যাতন কৰিছিল। ভিক্ষাৰী ৰূপ লৈ যোৱা লোকজনে ঘটনা সংঘটিত কৰিয়ে পলায়ন কৰিছিল৷

ইফালে ভুক্তভোগীৰ পৰিয়ালে বহু পলুমকৈ ঘটনাৰ সম্পৰ্কে জানিব পাৰি চিলাপথাৰ আৰক্ষী থানাত লখিমপুৰৰ লালুকৰ ৰূপেশ্বৰ গগৈৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল ৷ চিলাপথাৰ আৰক্ষীয়ে ৩৬৪/২০১৯ নম্বৰত এটা গোচৰ ৰুজুৰ কৰি তদন্ত চলাই লম্পট সাধু গগৈক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ৷

ভাৰতীয় দণ্ড বিধি (প'চকো ) ৪/৮ ধাৰা শিশু নিৰ্যাতনৰ বিশেষ আইনৰ অধীনত ২/২০২০ নম্বৰত ধেমাজি জিলা সত্ৰ ন্যায়াধীশ আদালতে বিগত ৫বছৰে চলা গোচৰৰ অন্তত দোষী সাব্যস্ত কৰি ৰূপেশ্বৰ গগৈক ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰ লগতে নগদ ১০ হাজাৰ টকাৰ জৰিমনা বিহে।

বুধবাৰে এই ৰায়দান প্ৰদান কৰে আদালতে ৷ গোচৰত আচামী পক্ষৰ হৈ অধিবক্তা পদ্মাৱতী ভৰালী আৰু চৰকাৰী পক্ষৰ হৈ অধিবক্তা অজয় ফুকলাই উকালতি কৰিছিল ৷

Also Read: অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, সমাজ সংগঠক ৰাজেন দত্তৰ স্মৃতিচাৰণ সভা সম্পন্ন

old saint was sentenced to life imprisonment