অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, সমাজ সংগঠক ৰাজেন দত্তৰ স্মৃতিচাৰণ সভা সম্পন্ন

“স্মৃতি সঁফুৰাৰ আঁৰত ৰাজেন” শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন

author-image
Asomiya Pratidin
New Update
অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, সমাজ সংগঠক ৰাজেন দত্তৰ স্মৃতিচাৰণ সভা সম্পন্ন

অসম আন্দোলনৰ সক্ৰিয় কৰ্মী, সমাজ সংগঠক ৰাজেন দত্তৰ স্মৃতিচাৰণ সভা সম্পন্ন

ডিজিটেল সংবাদ শিৱসাগৰঃ অসম আন্দোলনৰ পৰা আৰম্ভ কৰি শৈক্ষিক আন্দোলনলৈকে, সংস্কৃতিৰ পৰা সমবায় আন্দোলনলৈকে অনেক সংগ্ৰামৰ লগত প্ৰত্যক্ষভাৱে জড়িত বিশিষ্ট সমাজকৰ্মী তথা অ’এন জি চিৰ অৱসৰপ্ৰাপ্ত  উপ-অধীক্ষক ৰাজেন দত্তৰ স্মৃতিত এক শিৱসাগৰ সুন্দৰপুুুৰত আজি এখনি ৰাজহুৱা স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয় ৷ নতুন প্ৰজন্মক মানৱ সম্পদৰূপে গঢ়াৰ বাবে নিজা উদ্যোগত সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয় স্থাপন কৰি বিনামূলীয়াকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰা ৰাজেন দত্তৰ স্মৃতিত অনুষ্ঠিত স্মৃতিচাৰণ সভাত সভাপতিত্ব কৰে জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতাপ চন্দ্ৰ দত্তই ৷

Advertisment

সভাত প্ৰতাপ চন্দ্ৰ দত্তই কয়, প্ৰয়াত ৰাজেন দওক মানুহে সমাজ সংগঠক ৰূপে স্বীকৃতি দিছে ৷ সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয় আৰু সুন্দৰপুৰ বৰনামঘৰ প্ৰতিষ্ঠাৰ বাবে তেওঁ যি শ্ৰম আৰু ত্যাগক স্বীকাৰ কৰি গ’ল তাক সকলোৱে স্বীকৃতি প্ৰদান কৰিছে ৷ এনে অনুষ্ঠান গঢ়াৰ বাবে তেওঁ মানুুুহৰ ঘৰে ঘৰে বাঁহ কাঠ সংগ্ৰহ কৰিছিল ৷ ৰাজেন দত্ত কামৰ মাজেৰে জীয়াই থাকিব বুলি প্ৰতাপ দত্তই মন্তব্য কৰে। অনুষ্ঠানত অৰ্জুন ভোগেশ্বৰ বৰুৱা উপস্থিত থাকি ৰাজেন দত্তক শ্ৰদ্ধাৰে সোঁৱৰণ কৰে ৷ 

শিৱসাগৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষা তথা ভালেকেইটা নাৰী সংগঠনৰ নেত্ৰী মণিকা শইকীয়াই কয়, ৰাজেন দত্তই সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰলৈ আগবঢ়াই যোৱা অৱদানে তেওঁক জীয়াই ৰাখিব ৷ শিক্ষাবিদ ড° যোগেশ বৰাই প্ৰয়াত ৰাজেন দত্তক সমাজৰ প্ৰকৃত বন্ধু বুলি অভিহিত কৰে ৷

সমাজকৰ্মী সুশীল বৰুৱাই কয়, ৰাজেন দত্তই পৰম্পৰা ৰক্ষা কৰিও নাট, ভাওনা, ৰাস সহিতে বহু অনুষ্ঠানত নতুনত্ব দিছিল ৷ ৰাজহুৱা অনুষ্ঠানত নিজৰ ধন ব্যয় কৰিবলৈ ৰাজেন দত্তই কুণ্ঠাবোধ কৰা নাছিল ৷ তেওঁৰ নেতৃত্বত এই অঞ্চল সাংস্কৃতিক দিশত আগবাঢ়ি গৈছিল।

শিৱসাগৰ কলেজৰ প্ৰাক্তন গ্ৰন্থগাৰিক তথা গীতিকাৰ দেৱ হাজৰিকাই স্মৃতিচাৰণ কৰি কয়, বিশালতাৰে ভৰপূৰ ৰাজেন দত্ত ব্যক্তি নহয়, এক অনুষ্ঠান আছিল ৷ নৱপ্ৰজন্মক উৎসাহিত কৰাৰ বাবে ৰাজেন দত্তৰ জীৱন আৰু কৰ্মৰ সন্দৰ্ভত এখন গ্ৰন্থ প্ৰস্তুত কৰাৰ প্ৰয়োজন বুলিও তেওঁ মন্তব্য কৰে ৷

ৰাজেন দত্তৰ স্মৃতিত প্ৰকাশ কৰা স্মৃতিগ্ৰন্থ “স্মৃতি সঁফুৰাৰ আঁৰত ৰাজেন” উন্মোচনী সভাৰ আঁতধৰি সম্পাদক ৰঞ্জিত দত্তই ৰাজেন দত্তৰ মৃত্যুৱে সমাজৰ অপূৰণীয় ক্ষতি সাধন কৰা বুলি মন্তব্য কৰে ৷ তেওঁ কয় ৰাজেন দত্তই সংগ্ৰাম কৰি প্ৰতিষ্ঠা লাভ কৰিছিল৷ তেওঁ অসম আন্দোলনত প্ৰত্যক্ষ ভাৱে জড়িত হৈছিল ৷

বিশিষ্ট শিক্ষাবিদ মোহিনী কুমাৰ মহন্তই স্মৃতিগ্ৰন্থ উন্মোচন কৰি কয় যে, ৰাজেন দত্তক এই স্মৃতিগ্ৰন্থত বিচাৰি পোৱা যাব ৷ সময় কাৰো বাবে ৰৈ নেথাকে ৷ এই ক্ষণস্থায়ী সময়ত মানুহে সমাজৰ বাবে কাম কৰিব লাগিব ৷ অসমীয়া সমাজ জীৱনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ মৃত্যুৰ পিছত মাধৱদেৱে জীৱন চৰিত লিখিলে ৷ লক্ষ্মীনাথ বেজবৰুৱাৰ পিতৃয়ে প্ৰকাশ কৰা বৰচৰিটো এখন স্মৃতিগ্ৰন্থ ৷ এই জীৱন চৰিতসমূহক তেওঁ স্মৃতিগ্ৰন্থৰ আখ্যা দিয়ে ৷ 

অনুষ্ঠানৰ আৰম্ভণিতেই  প্ৰয়াত ৰাজেন দত্তৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰে তেওঁৰ সহধৰ্মিনীয় নিকু দত্ত, পুত্ৰ ৰাজা দত্ত আৰু তনয়া ডা° ৰিতুস্মৃতা দত্তই ৷ মাংগলিক কাৰ্যভাগিত প্ৰাৰ্থনা কৰে নিমাক্ষী বড়া দত্তই ৷ ভাতৃ পিয়লী দত্ত, নিৰেন দত্ত, অনিমা দত্ত শইকীয়া, লিলি দত্ত, প্ৰণতি দত্ত শইকীয়াই স্মৃতিচাৰণ কৰে ৷

অনুষ্ঠানত বিশিষ্ট নাগৰিক দুৰ্লভ বৰা, শিৱসাগৰ ছোৱালী কলেজৰ প্ৰাক্তন অধ্যক্ষ, ড° হেমন্ত কুমাৰ ফুকন, অৱসৰপ্ৰাপ্ত শিক্ষক ৰাজীব ফুকন, ডা° পৰমানন্দ ভড়ালী, শান্তনু বৰঠাকুৰ, মন ৰাজগুৰু, বিমল ভৰালী,  প্ৰদীপ কলিতা, প্ৰদীপ বৰা, যোগেন্দ্ৰ নাথ দত্ত, বিকাশ হাজৰিকা, প্ৰশান্ত দত্তকে আদিকৰি ভালেসংখ্যক লোক উপস্থিত থাকি ৰাজেন দত্তক স্মৃতিচাৰণ কৰে ৷

উল্লেখ্য যে ৰাজেন দত্তই সুন্দৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ অন্যতম প্ৰতিষ্ঠাপক হোৱাৰ উপৰি ৰংপুৰ কলাকৃষ্টি সংঘৰ সভাপতিৰ দায়িত্ব লৈ কেইবাটাও বছৰধৰি সেৱা আগবঢ়াইছিল ৷ যোৱা ২৬ আগষ্টৰ আবেলি তেওঁ হায়দৰাবাদৰ এখন চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰিছিল। 

Also Read: মণিপুৰ বহুদূৰ ! ক'ত ৰাছিয়া, ইউক্ৰেইনলৈ যোৱা শান্তিৰ দূত ?

অসম আন্দোলন ৰাজেন দত্ত