চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ডিজিটেল সংবাদ,চিলাপথাৰ : ধেমাজি জিলাৰ চিলাপথাৰ পৌৰ এলেকাৰ উন্নয়নৰ বাবে গঠিত চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰী লাবণ্য পাইত দলেৰ বিৰুদ্ধে অনাস্থা আনিছে একাংশ ৱাৰ্ড সদস্যই। চৰম মইমতালীৰে সভাৰ কাম কাজ চলোৱাৰ লগতে কেইবাটাও গুৰুতৰ বিত্তীয় খেলিমেলিৰ অভিযোগ উত্থাপন কৰি সভাৰ ৯ জনকৈ সদস্যই শুকুৰবাৰে ধেমাজি জিলাৰ আয়ুক্তৰ হাতত অনাস্থাৰ প্ৰস্তাৱ দাখিল কৰে।

অসম চৰকাৰৰ পৌৰ আইন ১৯৫৬ৰ ৪৬ নং ধৰা অনুযায়ী নগৰৰ কাম-কাজ সন্দৰ্ভত আলোচনা কৰিবলৈ কমেও মাহত দুবাৰ সভা অনুষ্ঠিত কৰিব লাগে। পিছে সভানেত্ৰীগৰাকীয়ে পৌৰসভা গঠন হোৱাৰ পৰা যোৱা ১৭ মাহত মাত্ৰ দুবাৰহে সভা আহ্বান কৰিছে। এইগৰাকী সভানেত্ৰীয়ে চৰম মইমতালিৰে পৌৰসভাৰ কাম-কাজ পৰিচালনা কৰি আহিছে।

সভানেত্ৰীৰ স্বামীয়ে পৌৰসভাৰ কাম-কাজত নীতিবহিৰ্ভূতভাৱে হস্তক্ষেপ কৰি নিজা স্বাৰ্থত প্ৰভাৱ বিস্তাৰ কৰি অভিযোগ উত্থাপন কৰে। তদুপৰি পৌৰ এলেকাৰ বিভিন্ন উৎসৰ পৰা কৰ সংগ্ৰহ কৰাৰ ক্ষেত্ৰত ব্যাপক অনিয়মত লিপ্ত হোৱাৰ লগতে সংগৃহীত কৰৰ অংক ব্যাপক ৰূপত অপব্যৱহাৰ কৰি আহিছে।

চিলাপথাৰ পৌৰসভাৰ কাম কাজত ব্যৱহাৰৰ বাবে লোৱা স্কৰপিঅ' বাহনখনৰ বাবদ মাহে‌ ৫০,০০০ হেজাৰ টকা উলিয়াই নিয়া হয়। ইন্ধনৰ লগতে মেৰামতিৰ খৰচৰ কথা বাদেই। পিছে এই বাহন তেওঁ নিজা পৈত্ৰিক সম্পত্তিৰ দৰে বিয়া-শ্ৰাদ্ধ খোৱাৰ দৰে পাৰিবাৰিক কামত ব্যবহাৰ কৰি অহাৰ অভিযোগ উঠিছে।

পৌৰসভাৰ কাৰ্যালয়ৰ সমীপতে SMB-20/ 6THAFSC/2023-24/PWD অনুযায়ী ৬১,৯০,৩৩৮,৪৮ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মীয়মাণ অৱস্থাত আছে এখন পানী যোগান আঁচনি। পিছে সভানেত্ৰীৰ বিশ্বস্ত ঠিকাদাৰৰ জৰিয়তে মাত্ৰা দুডালমান পাইপ অলপ বেৰা নিৰ্মাণ কৰিয়ে প্ৰায় বুজন অংকৰ ধন উঠাই নিয়া বুলি আনাস্থা প্ৰস্তাৱত উল্লেখ কৰিছে।

১২ গৰাকী ৱাৰ্ড সদস্যৰে গঠিত চিলাপথাৰ পৌৰ সভাৰ ৯ গৰাকীকৈ সদস্যই স্বাক্ষৰ কৰি জিলা আয়ুক্তৰ ওচৰত অনাস্থা প্ৰস্তাৱ দাখিল কৰাৰ পিছতে টোপনি ভাগিল সভানেত্ৰীৰ। অভিযুক্ত সভানেত্ৰীয়ে বিজেপি দলৰ দখলত থকা পৌৰসভাৰ বিদ্ৰোহী সদস্যসকলক উভতাই আনিবলৈ যুদ্ধকালীন কুচকাৱাজ অব্যাহত ৰাখিছে। ইতিমধ্যে এগৰাকী ৱাৰ্ড সদস্যাক নিজা ফলীয়া কৰিবলৈ সক্ষম হোৱা বুলিও জানিব পৰা গৈছে।

সভানেত্ৰী লাবণ্য পইত দলে বিধায়ক ভূৱন পেগুৰ বৰঘৰৰ লোক ৰূপে সমাজত পৰিচিত। পৌৰ সভাৰ সিংহভাগ সদস্যই এলাগী কৰা লাবণ্য দলেক বিধায়ক ভূৱন পেগুৱে দয়া কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়ত পৰিলক্ষিত হ'ব বুলি ৰাইজে মন্তব্য কৰিছে।

চিলাপথাৰ পৌৰসভাৰ সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ
চৰাইদেউত চাওলুং চুকাফাক স্মৰণ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in