চৰাইদেউত চাওলুং চুকাফাক স্মৰণ

চৰাইদেউত চাওলুং চুকাফাক স্মৰণ

author-image
Asomiya Pratidin
New Update
চৰাইদেউত চাওলুং চুকাফাক স্মৰণ

ডিজিটেল সংবাদ,চৰাইডেউ : আজি অসম তথা চুকাফা দিৱস। আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চাওলুং চুকাফাক আজি ৰাজ্যজুৰি স্মৰণ কৰা হৈছে। সমান্তৰালকৈ বৰ অসমৰ ভেটি গঢ়োতা চাওলুং  চুকাফাৰ স্মৃতি বিজড়িত ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰতো অসম দিৱস দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হৈছে ৷

Advertisment

এই উপলক্ষ চৰাইদেউ মৈদাম ক্ষেত্ৰৰ নাতিদূৰত অৱস্থিত চাওলুং চুকাফাৰ মৈদামথলীত জাতিৰ স্ৰষ্টাজনক সোঁৱৰণ কৰিলে বুৰঞ্জীপ্ৰসিদ্ধ চৰাইদেউ মৈদাম সংৰক্ষণ সমিতি আৰু আটাছু চুকাফা আঞ্চলিক সমিতিয়ে। ইয়াৰ পিচতেই চুকাফাৰ প্ৰতিমূৰ্ত্তিত মাল্যাৰ্পণ আৰু মৈদাম তৰ্পণ কাৰ্যসূচী ৰূপায়ণ কৰা হয় ৷ পৰম্পৰাগত মাংগলিক কাৰ্যসূচীৰে বান-ফি আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

Also Read: হাৱালা চক্ৰৰ পৰা ধন আত্মসাতৰ ঘটনা : আঠগাঁৱৰ পৰা গ্ৰেপ্তাৰ আৰক্ষীৰ ইনফৰমাৰ

charaideo Su ka phaa