/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-12/f74483e7-9ba9-4809-b2d9-6806012e587d/11.jpg)
ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ পৌৰ সভাৰ পৌৰপতিৰ বিৰুদ্ধে ৯ গৰাকীকৈ ৱাৰ্ড কমিছনাৰে শুকুৰবাৰে অনাস্থা প্ৰস্তাৱ আনি জিলা আয়ুক্তৰ ওচৰত দাখিল কৰাৰ পিছৰ পৰাই অব্যাহত আছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। লক্ষ্যনীয় যে, প্ৰায় ১৭ মাহৰ পূৰ্বে বিজেপিৰ ৬ জন, কংগ্ৰেছৰ ২ জন আৰু ৪ জন নিৰ্দলীয় সদস্যৰে গঠিত হৈছিল চিলাপথাৰ পৌৰ সভা।
উক্ত পৌৰসভাত পৌৰপতিৰ আসন লাভ কৰিছিল বিধায়ক ভূৱন পেগুৰ বিশ্বস্ত লোক ৰূপে পৰিচিত লাবণ্য পাইত দলেই। পিছে পৌৰ সভাৰ মূৰব্বীৰ দায়িত্ব লাভৰ পিছৰ পৰাই চৰম মইমতালি আৰু অনিয়মৰে পৌৰসভা পৰিচালনা কৰাৰ অভিযোগ তোলে ৯গৰাকীকৈ ৱাৰ্ড কমিছনাৰে। উত্থাপন কৰে অনাস্থা প্ৰস্তাৱ।
পৌৰ এলেকাত কৰ-কাটল সংগ্ৰহ, ৰাজহুৱা ধন অপব্যয়, স্থানীয় পুঁজিৰ অপব্যৱহাৰ, ঠিকাত আৱণ্টনত অনিয়ম, কাৰ্য্যলয়ৰ বিলাসী বাহনৰ অপৰ্ব্যৱহাৰ আদি বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি শুকুৰবাৰে জিলা আয়ুক্তৰ ওচৰত দাখিল কৰে অনাস্থা প্ৰস্তাৱ।
ইপিনে অনাস্থা প্ৰস্তাৱ উত্থাপনৰ পিছৰ পৰাই থৰ-কাচুতি হেৰাইছে পৌৰপতিয়ে। বিদ্ৰোহী কমিছনাৰ সকলক উভতাই আনিবলৈ দিবা-নৈশ একাকাৰ কৰি প্ৰচেষ্টা চলাইছে।
ইতিমধ্যে এগৰাকীক প্ৰস্তাৱ প্ৰত্যাহাৰৰ বাবে সৈমান কৰোৱা বুলিও জানিব পৰা গৈছে। বাকী সকলৰ ওপৰতো পৰিছে অনাস্থা প্ৰত্যাহাৰৰ তীব্ৰ হেঁচা। উপাইবিহীন কমিছনাৰ সকলে কোনো অজ্ঞাত স্থানত আত্মগোপন কৰা বুলি বিশেষ সূত্ৰৰ পৰা জানিব পৰা গৈছে।