চিলাপথাৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন

সমগ্ৰ দেশৰ লগতে মঙলবাৰে চিলাপথাৰটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম জন্ম জয়ন্তী উদযাপন কৰা হয়। নেতাজীক যথোচিত মৰ্যদা প্ৰদানৰ দাবী বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ।

author-image
Asomiya Pratidin
New Update
চিলাপথাৰত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম জয়ন্তী উদযাপন

ডিজিটেল সংবাদ, চিলাপথাৰঃ সমগ্ৰ দেশৰ লগতে মঙলবাৰে চিলাপথাৰটো নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৭ তম জন্ম জয়ন্তী উদযাপন কৰা হয়। নেতাজীক যথোচিত মৰ্যদা প্ৰদানৰ দাবী বাঙালী যুৱ ছাত্ৰ ফেডাৰেচনৰ।

সদৌ অসম বেংগলী যুৱ ছাত্ৰ ফেডাৰেচনৰ উদ্যোগত আজি চিলাপথাৰৰ ভৈৰৱপুৰটো অনুষ্ঠিত হ'ল নেতাজী সুভাষচন্দ্ৰ বসুৰ ১২৭ সংখ্যক জন্ম দিৱস। সংগঠনটোৰ ভৈৰৱপুৰষ্ঠিত কাৰ্যালয়ত অনুষ্ঠিত নেতাজী জন্ম দিৱসৰ উপলক্ষত সংগঠনটোৰ পতাকা উত্তোলন,স্মৃতি তৰ্পণৰ পিছতে আজাদ হিন্দ ফৌজৰ সৰ্বাধিনায়ক নেতাজীৰ প্ৰতিমূৰ্তিত মল্যাপৰ্ন কৰা হয়।

নেতাজী আমাৰ হওঁক,ইন ক্লাব, নেতাজী হওঁক,বাঙালী যুৱ ছাত্ৰ ফেডাৰেচন জিন্দাবাদ' আদি শ্লগানেৰে কঁপালে অঞ্চলটো। ইয়াৰ পিছতে সংগঠনটোৰ পাঁচ শতাধিকে ভৈৰৱপুৰৰ পৰা মাজৰবাৰি লৈকে উলিয়াই এক বিশাল বাইক সমদল। দেশৰ স্বাধীনতা আন্দোলনৰ অক্লান্ত ৰনুৱা দেশ প্ৰেমিক নেতাজীৰ ত্যাগক যথোচিত সন্মান দিয়াৰ দাবী জনালে ছাত্ৰ সংগঠনটোৱে।

Also Read: জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ডত নিঃশেষ এটি দৰিদ্ৰ পৰিয়াল

netaji birth day netaji subhash chandra bose silapathar