জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ডত নিঃশেষ এটি দৰিদ্ৰ পৰিয়াল

জুইৰ লেলিহান শিখাই নিঃশেষ কৰিলে এটি দৰিদ্ৰ পৰিয়ালৰ বাসভৱনৰ লগতে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ৷ প্ৰয়াত মোহন চাহৰ পৰিয়াল ৰীতা চাহৰ সপোনৰ ঘৰৰ লগতে সকলো সামগ্ৰী জুইত ভষ্মীভূত হ'ল। নিশাৰ ভাগত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই নিঃশেষ হ'ল কেইবা লাখ টকাৰ সম্পতিৰ লগতে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ কাপোৰ কানি বহী কিতাপ পত্ৰৰ লগতে অন্যান্য প্ৰয়োজনীয় নথি পত্ৰ।

author-image
Asomiya Pratidin
New Update
জামুগুৰিহাটত ভয়ংকৰ অগ্নিকাণ্ডত নিঃশেষ এটি দৰিদ্ৰ পৰিয়াল

ডিজিটেল সংবাদ, জামুগুৰিহাটঃ জুইৰ লেলিহান শিখাই নিঃশেষ কৰিলে এটি দৰিদ্ৰ পৰিয়ালৰ বাসভৱনৰ লগতে কেইবা লক্ষাধিক টকাৰ সা সম্পত্তি ৷ প্ৰয়াত মোহন চাহৰ পৰিয়াল ৰীতা চাহৰ সপোনৰ ঘৰৰ লগতে সকলো সামগ্ৰী জুইত ভষ্মীভূত হ'ল। নিশাৰ ভাগত সংঘটিত এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাই নিঃশেষ হ'ল কেইবা লাখ টকাৰ সম্পতিৰ লগতে বিদ্যালয়ত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ কাপোৰ কানি বহী কিতাপ পত্ৰৰ লগতে অন্যান্য প্ৰয়োজনীয় নথি পত্ৰ।

Advertisment

উল্লেখযোগ্য যে সন্ধিয়াৰ ভাগত ঘৰত ধুপ ধুনা জ্বলাই ওচৰৰে এটি মন্দিৰত পুজা কৰিবলৈ বুলি ঘৰৰ সকলো মানুহ ওলাই গৈছিল আৰু সেই সময়তে এই অপ্ৰত্যাশিত ঘটনাই ছাৰখাৰ কৰিলে এটি তিনি জনীয়া পৰিয়ালটিৰ সকলোখিনি । পিছত জামুগুৰিহাটৰ অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হয় যদিও ইতিমধ্যেই ঘৰখনত ভস্মীভূত হৈ যায় দূৰ্ভগীয়া পৰিয়ালটিৰ সমস্ত ।স্থানীয় ৰাইজে মিলি আজি অগ্নিকাণ্ডত ভস্মীভূত হোৱা ঘৰখনৰ পৰিয়ালক সকাহ দিবৰ বাবে এটি ঘৰ সাজি দিয়াত ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে ।

Also Read: তীব্রবেগী বাহনে মহটিয়াই নিলে পথচাৰীক

fire jamugurihat