ধেমাজিত ৰাষ্ট্ৰীয় নাট সমাৰোহ

শুকুৰবাৰে দ্বিতীয় দিনা গুৱাহাটীৰ নিবেদন নটসূর্য ফণী শৰ্মাৰ কালজয়ী নাট ভোগজৰা আৰু শনিবাৰে শেষ দিনাৰ সন্ধিয়া মুখা, বৰপেটা নিবেদন সুদর্শণ চক্র আৰু মেকবেথ , ধেমাজিৰ নিবেদন শৰাইঘাট নাট প্ৰদশৰ্ন কৰা হ’ব ৷

author-image
Asomiya Pratidin
New Update
ধেমাজিত ৰাষ্ট্ৰীয় নাট সমাৰোহ

ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ অসম পদ্মনাথ গোহাঞিবৰুৱা সোঁৱৰণী একাংক নাট প্ৰতিযোগিতা সমিতিৰ উদ্যোগত আৰু ধেমাজি বিধায়ক তথা শিক্ষা মন্ত্ৰী ডাঃ ৰনোজ পেগুৰ পৃষ্ঠপোষকতাত বৃহস্পতিবাৰৰ পৰা তিনিদিনীয়াকৈ ধেমাজি ৰাজহুৱা পেক্ষাগৃত ৰাষ্ট্ৰীয় নাট সমাৰোহ আৰম্ভ হৈছে ৷

Advertisment

ৰাষ্ট্ৰীয় নাট সমাৰোহৰ প্ৰথম দিনা অংগণা, মুম্বাই নাটক - ফীৰ মেনে ৱহ স্বপনা দেখা , গুৱাহাটী মহাপুৰুষ শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় পৰিৱেশ্য কলা বিভাগৰ নাট্যকাৰ অৰুণ শৰ্মা আৰু ৰূপান্তৰ বৰপাত্ৰগোহাঁইয়ে পৰিচালনা-পৰিকল্পনা কৰা পৰশুৰাম নাট পৰিৱেশন কৰা হয় ৷

শুকুৰবাৰে দ্বিতীয় দিনা গুৱাহাটীৰ নিবেদন নটসূর্য ফণী শৰ্মাৰ কালজয়ী নাট ভোগজৰা আৰু শনিবাৰে শেষ দিনাৰ সন্ধিয়া মুখা, বৰপেটা নিবেদন সুদর্শণ চক্র আৰু মেকবেথ , ধেমাজিৰ নিবেদন শৰাইঘাট নাট প্ৰদশৰ্ন কৰা হ’ব ৷

ইফালে এই ৰাষ্ট্ৰীয় নাট সমাৰোহৰ জৰিয়তে ৰাজ্যৰ আগশাৰীৰ অপেচাদাৰী নাট্য গোষ্ঠীৰ লগতে দেশৰ আন প্ৰান্তৰৰ নাট্য দলৰ মাজত এক সমন্বয়ৰ সাকোঁ গঢ়িবলৈ সক্ষম হ'ব বুলি উদ্‌যাপন সমিতিয়ে আশা প্ৰকাশ কৰিছে ৷

Also Read: ৰৌতাত ভয়ংকৰ পথ দুৰ্ঘটনা

ranoj pegu national drama festival dhemaji