চিচিবৰগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু : হত্যাকাণ্ডৰ সন্দেহ

চিচিবৰগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু : হত্যাকাণ্ডৰ সন্দেহ

author-image
Asomiya Pratidin
New Update
চিচিবৰগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু : হত্যাকাণ্ডৰ সন্দেহ

ডিজিটেল সংবাদ,চিচিবৰগাঁও : চিচিবৰগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু। চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত ধুনাগুৰি পাইত গাঁৱৰ নন্দেশ্বৰ কুলি (৩৬) নামৰ এজন যুৱকৰ ৰসহ্যজনক মৃত্যুৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

Advertisment

পৰিয়ালৰ লোকৰ ভাষ্য অনুসৰি ধুনাগুৰি পাইত গাঁৱৰ চেনিৰাম কুলিৰ পুত্ৰ নন্দেশ্বৰ কুলিয়ে যোৱা ২৫ জুনৰ সন্ধিয়া তেওঁৰ এ এছ-২২-এইচ-৮৮২৩ নম্বৰৰ বাইকেৰে এগৰাকী আত্মীয়ক আগবঢ়াই থ'বলৈ যায় । কিন্তু আমগুৰি-বগীবিল পথৰ টঙানি নদীৰ ওপৰত থকা ভেকেলি দলঙৰ পৰা বাইকত যোৱা তিনিজন যুৱকৰ লগত কিবা কথাত কাজিয়াৰ সূত্ৰপাত হয়।

উক্ত দিনাই প্ৰায় সন্ধিয়া ৭.৩০ বজাত মাজ-দেবেৰাস্থিত মিছিং স্বায়ত্ব শাসিত পৰিষদৰ কাৰ্য্যালয়ৰ সমীপত আঘাতপ্ৰাপ্ত হৈ পৰি মুমূৰ্ষু অৱস্থাত ৰাইজে উদ্ধাৰ কৰে নন্দেশ্বৰ নামৰ যুৱকজনক । তেওঁক পৰিয়ালৰ লোকে ততাতৈয়াকৈ ডিব্রুগড়ৰ চিকিৎসালয়ত ভৰ্তি কৰাইছিল যদিও সোমবাৰে নন্দেশ্বৰৰ মৃত্যু হয় ।

উক্ত ঘটনাটোক এক নিখুট হত্যাকাণ্ড আখ্যা দিছে যুৱকজনক পৰিয়ালে। নন্দেশ্বৰৰ সৈতে কাজিয়াত লিপ্ত হৈ তিনিওজন যুৱকে নিৰ্মমভাৱে প্ৰহাৰ কৰি মৃত্যুৰ মুখত পেলোৱা বুলি অভিযোগ পৰিয়ালৰলোকৰ।

আনহাতে পৰিয়ালৰলোকে ঘটনাৰ সংক্ৰান্তত আৰক্ষীৰ ওচৰত দাখিল কৰে এক এজাহাৰ। হত্যা কৰি দুৰ্ঘটনাৰ ৰূপ দিয়াৰ চেষ্টা কৰাৰ অভিযোগ তুলি পৰিয়ালৰলোকে দোষীক শীঘ্ৰে গ্ৰেপ্তাৰৰ দাবী জনায় ।

Also Read: বন্ধ বাট-পথ : বজ্ৰপাতত মৃত্যু ৰাজস্থানৰ ৪ গৰাকীৰ

Assam police