/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-06/97502ee7-a8b4-4731-b457-f7d064f7cfcd/boihan.jpg)
ডিজিটেল ডেস্ক: ৰাজস্থানত ধাৰাসাৰ বৰষুণ। বজ্ৰপাতৰ ফলত মৃত্যু ৪জন লোকৰ। ৰাজ্যখনৰ কেতবোৰ অঞ্চলত হোৱা বজ্ৰপাতৰ ফলত ভালেকেইগৰাকী লোক নিহত হোৱাৰ উপৰিও আঘাতপ্ৰাপ্ত হৈছে বুলি জানিব পৰা গৈছে।
বিগত কিছুদিন ধৰি নেৰা-নেপেৰা বৰষুণৰ ফলত ৰাজ্যখনত সৃষ্টি হৈছে নানান সমস্যাৰ। ৰাজস্থানৰ বিভিন্ন অঞ্চলৰ ৰাস্তা-ঘাট বন্ধ হোৱাৰ উপৰিও সৃষ্টি হৈছে ভূমিস্খলনৰ।
আনহাতে ধাৰাসাৰ বৰষুণৰ ফলত হিমাচল প্ৰদেশৰো ত্ৰিশতাধিক পথ বন্ধ হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰা নিৰ্দেশনা অনুসৰি আৰু কিছুদিন বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
Also Read: প্ৰকাশ পালে এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ সময়সূচীঃ স্থান নাপালে গুৱাহাটীয়ে...