/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-03/4435e5c6-9c4b-42b6-bc35-58cbbbd61ce1/BHUBAN_PEGU_16.jpg)
মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাং আক্ৰমণকাৰীক সকিয়নী...
ডিজিটেল সংবাদ জোনাই: জোনাই জিলা সমিতি টি এম পি কে, এম এম কে আৰু টি এম এম কেৰ উদ্যোগত আজি মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ চৌহদৰপৰা বিশাল বাইক ৰেলী উলিওৱা হয়। বিশেষকৈ মিচিং স্বায়ত্তশাসিত পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য তথা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ নামত দুৰ্নীতিৰ অভিযোগত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰাজু মেদকৰ সমৰ্থকে যোৱা বাৰ মাৰ্চত মুৰ্কংচেলেক মিচিং কৃষ্টি ভৱনত আক্ৰমণ কৰাৰ লগতে টি এম পি কে, এম এম কেৰ কেইবাগৰাকী নেতা-কৰ্মীক আক্ৰমণ কৰা ঘটনাৰ প্ৰতিবাদত উলিওৱা হয় এই বিশাল বাইক ৰেলী।
প্ৰথমে মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ চৌহদত সংগঠন তিনিটাৰ সহস্ৰাধিক কৰ্মী-সমৰ্থকসকল সমবেত হয়। তাৰ পিছত সহস্ৰাধিক বাইক লৈ উলিওৱা এই ৰেলীৰ সময়ত মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাং আক্ৰমণৰ ষড়যন্ত্ৰকাৰী হুঁচিয়াৰ, টি এম পি কে জিন্দাবাদ, এম এম কে জিন্দাবাদ, টিম এম এম কে জিন্দাবাদ আদি শ্ল'গানেৰে উত্তাল পৰিবেশ সৃষ্টি কৰে।
মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ চৌহদৰ পৰা আৰম্ভ কৰি ৰাংকপ তিনি আলি, জোনাই দৈনিক বজাৰ, ৰুকচিন, তৰাজান, বাহিৰ জোনাই, কুলি গাঁও, চিৰামপুৰীয়াহৈ প্ৰায় বিশ কিলোমিটাৰ পৰিভ্ৰমণ কৰি পুনৰ মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ চৌহদত বাইক ৰেলী সামৰণি পৰে। এই বাইক ৰেলীত বিধায়ক ভূবন পেগু, টি এম পি কেৰ উপদেষ্টা ৰাজকুমাৰ মৰাং, সভাপতি তিলক দলেৰ লগতে পংকিল পাতিৰ, নিত্য পেগু, মহিম পাৱ, অমৃত কুম্বাং আদি কেন্দ্ৰীয় নেতৃবৰ্গৰ উপৰি জিলা পৰিষদৰ প্ৰাক্তন সদস্য অতুল, টি এম পি কেৰ প্ৰাক্তন সভাপতিদ্বয় মূলাকান্ত পেগু, নৰেশ কুম্বাং, মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাঙৰ সভাপতি জয়ন্ত বৰি, ববীকান্ত পেগু, সদা পেগু আদি বহু নেতা-কৰ্মীয়ে অংশ গ্ৰহণ কৰে।
বিশাল বাইক ৰেলীত জোনাই সমষ্টিৰ বিধায়ক ভূবন পেগুৱে অংশগ্ৰহণ কৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ ৫৪ লাখ টকা আত্মসাৎ কৰা ৰাজু মেদক কেতিয়াও সাৰি যাব নোৱাৰে বুলি মন্তব্য কৰে। তদুপৰি বিধায়ক ভূবন পেগুৱে কয়- মিচিং জনগোষ্ঠীক সন্মুখৰ পৰা নেতৃত্ব দি মিচিং বানে কেবাঙ, এম এচ চিক কালিমা সানি যোৱা আঠ জানুৱাৰীৰ পৰা ঘৰ এৰি পলাতক অৱস্থাত থকা ৰাজু মেদকক জোনাই মহকুমা আৰক্ষী বিষয়া প্ৰাণজ্যোতি লহকৰে অৰুণাচল প্ৰদেশৰ চিয়াং জিলাৰ য়িংকিঙৰ পৰা অৰুণাচল আৰক্ষীৰ সহযোগত অভিযান চলায় ১১ মাৰ্চত গ্ৰেপ্তাৰ কৰে।
ধেমাজি জিলাৰ জোনাই মহকুমাৰ মুৰ্কংচেলেক উন্নয়ন খণ্ডৰ অন্তৰ্গত জোনাই বজাৰ, তাৰি বিজয়পুৰ, মেচাকি, চুংক্ৰাং, দুই নং মিচামৰা, কপলং মহমৰা, ৰিগবি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰৰ সমাজ কল্যাণ বিভাগে ২৫ লাখ টকাকৈ মোকলাই দিছিল। চৰকাৰী নিৰ্দেশনা অনুসৰি সেই নিৰ্মাণ সমিতিৰ সভাপতিৰ দায়িত্বত আছিল মিচিং স্বায়ত্তশাসিত পৰিষদৰ শিক্ষা বিভাগৰ কাৰ্যবাহী সদস্য ৰাজু মেদক।
পূৰ্বে কৰা পৰিকল্পনা অনুসৰি মেদকে যোৱা বৰ্ষৰ ৬ এপ্ৰিল তাৰিখে এম এছ কে কে এণ্টাৰপ্ৰাইছ নামৰ হাৰ্ডৱেৰ দোকানৰ নামত থকা জোনাই বজাৰস্থিত ভাৰতীয় ষ্টেট বেংকৰ ৪১৪৯৬৭৮৯০৪৮ একাউণ্ট লৈ এই ৮ টা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰৰ বেংক একাউণ্টৰ পৰা ৬ লাখ ৭৫ হেজাৰ টকাকৈ মুঠ ৫৪ লাখ টকা স্থানান্তৰিত কৰে। চৰকাৰী বেংক একাউণ্টৰ পৰা স্থানান্তৰিত হোৱাৰ একে দিনাই কে কে এণ্টাৰপ্ৰাইছ দোকানৰ পৰা ৰাজু মেদকে নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামত থকা মেদক এণ্টাৰপ্ৰাইছ লৈ ৬ এপ্ৰিলত ২১ লাখ টকা স্থানান্তৰিত কৰে।
আকৌ তাৰ দুদিন পিছত ৮ এপ্ৰিলত পুনৰ ১৫ লাখ টকা স্থানান্তৰিত কৰে। ৬ এপ্ৰিলত ৰাজু মেদকে TOXMO ELECTRIC MOTORS PVT LTD ৰ নামত ২১ লাখ, ১৮ এপ্ৰিলত আমাই পেগুৰ নামত ৩ লাখ আৰু গুৱাহাটীৰ ব্যৱসায়ী কলিল দত্ত চৌধাৰীৰ লাল গণেশ শাখাৰ ভৰতীয় ষ্টেট বেংকৰ একাউণ্ট লৈ ১২ লাখ টকা স্থানান্তৰ কৰে।
নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানত চৰকাৰী ধন ব্যয় কৰি আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহ অৰ্ধ নিৰ্মিত অৱস্থাত পৰিত্যক্ত কৰি ৰাজু মেদকে নিৰ্মাণ কাৰ্য বন্ধ কৰি ৰাখে। নিৰ্মাণ কাৰ্য চলি থকাৰ মাজত হঠাৎ বন্ধ হোৱা আদৰ্শ অংগনৱাড়ী কেন্দ্ৰ নিৰ্মাণৰ বিষয়টো ধেমাজি জিলা প্ৰশাসনে তদন্তৰ শেষত যোৱা ২৯ ডিচেম্বৰ তাৰিখে জিলা সমাজ কল্যাণ বিভাগৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰীতিৰেখা গগৈয়ে জোনাই সদৰ থানাত এখনি এজাহাৰ দাখিল কৰে। জোনাই আৰক্ষী থানাত ৰাজু মেদকৰ বিৰুদ্ধে ১৫৯|২৩ নং ভাৰতীয় দণ্ড বিধিৰ ৪০৬|৪২০|৪০৯|৩৪ ধাৰাৰ অধীনত গোচৰ পঞ্জীয়ন কৰে।
গোচৰ পঞ্জীয়নৰ দহ দিনৰ পাছত অৰ্থাৎ ৮ জানুৱাৰীৰ পৰা আটক কৰাৰ ভয়ত নিৰাপদ স্থানত ৰাজু মেদকে আত্মগোপন কৰি আছিল। আত্মগোপন কৰিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত কেইবাবাৰো অগ্ৰিম জামি বিচাৰি বাৰে-বাৰে মুখ থেকেচা খাই বিফল হৈছিল ৰাজু মেদক।
জোনাই মহকুমা আৰক্ষীয়ে কেইবাবাৰো অভিযান চলাই ধৰিবলৈ ব্যৰ্থ হৈছিল। অৱশেষত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি আধুনিক প্ৰযুক্তিৰ সহায়ত অৰুণাচলৰ চিয়াং জিলাৰ য়িংকিঙত অভিযান চলায় ১১ মাৰ্চত ৰাজু মেদকক গ্ৰেপ্তাৰ কৰে। গ্ৰেপ্তাৰৰ পিছতে ৰাজু মেদকৰ প্ৰায় ডেৰ শতাধিক মুষ্টিমেয় সমৰ্থকে ৰাজু মেদকক আটক কৰা বিষয়টো ৰাজনীতিক ষড়যন্ত্ৰ বুলি অপ-প্ৰচাৰ কৰি চৰকাৰী ধন নিজৰ বেংক একাউণ্টলৈ স্থানান্তৰ কৰি আত্মসাতৰ দুৰ্নীতিৰ বিষয়টোৰ পৰা এৰাই চলিব বিচাৰিছে।
মিচিং জনগোষ্ঠীৰ মাজত কলংক সানি ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰা বিষয়টোৱে জোনাই অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিধায়ক ভূৱন পেগুৱে এই সন্দৰ্ভত কয়- ৰাজু মেদকে নিজে দুৰ্নীতিত নিমজ্জিত হৈ আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল। তাক মিচিং জনগোষ্ঠীৰ ৰাইজে কেতিয়াও নাপাহৰে। ৰাজু মেদকে বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ পিছত ধেমাজি জিলা প্ৰশাসনে নিজৰ তদাৰকত অৰ্ধ নিৰ্মিত কেন্দ্ৰসমূহ পুনৰ নিৰ্মাণ কৰিছে। কিছু দুষ্কৃতিকাৰীক নিজৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰি অপপ্ৰচাৰ চলোৱা ৰাজু মেদকৰ বিৰুদ্ধে ৰাইজে উচিত প্ৰত্যুত্তৰ দিব। ৰাজু মেদক ডাঙৰীয়া আপুনি দেৱ শিশুৱে আশ্ৰয় লৈ জীৱনৰ প্ৰথমটো খোজ দি ভৱিষ্যত জীৱন গঢ়া মন্দিৰৰ ধন আত্মসাৎ কৰি নিজৰ ব্যক্তিগত ব্যৱসায়ীত বিনিয়োগ কৰা বিষয়তো নিজে স্বীকাৰ কৰি ৰাইজৰ ওচৰত ক্ষমা প্ৰাৰ্থনা নুখুজিলে আপোনাৰ মুক্তি নাই।
তদুপৰি বিধায়ক ভূবন পেগুৱে তথাকথিত জাতীয় সংগঠনৰ নেতাই দুৰ্নীতি কৰি চৰকাৰী ধন আত্মসাৎ কৰিলে সেয়া দুৰ্নীতি নহয় নেকি বুলিও প্ৰশ্ন কৰে। তেওঁৰ প্ৰশ্ন- তথাকথিত নেতাই চৰকাৰী ধন আত্মসাৎ কৰি অপৰাধ কৰিলে চৰকাৰে ধৰিব নালাগে নেকি?
ৰাজু মেদকে ধন আত্মসাৎ কৰি ৮ মাহ সময় আদৰ্শ অংগনৱাড়ী কেন্দ্ৰসমূহ আধৰুৱাকে পেলায় থোৱা অৱস্থাৰ পৰা এতিয়া জিলা প্ৰশাসনে নিৰ্মাণ আগুৱাই নিয়া বিষয়টোক তেখেতে কৰা বুলি মিছা তথ্য আৰু মিছা ভাষ্যৰে ৰাইজক বিভ্ৰান্ত কৰিব বিছৰাটো দুৰ্ভাগ্যজনক বুলিও মন্তব্য কৰিছে। মুৰ্কংচেলেক মিচিং কৃষ্টি কেবাং আক্ৰমণকাৰী ৰাইজে কেতিয়াও ক্ষমা নকৰে বুলি মন্তব্য কৰে। ইপিনে টি এম পি কেৰ সভাপতি তিলক দলেয়ে আক্ৰমণকাৰীসকলক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায়।
Also Read: নুমলীগড়ৰ শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি...