বৰ্ষাকালীন কেন্দ্ৰীয় বাজেটকলৈ ধেমাজিত সাংসদ প্ৰদান বৰুৱাৰ সংবাদমেল

বৰ্ষাকালীন কেন্দ্ৰীয় বাজেটকলৈ ধেমাজিত সাংসদ প্ৰদান বৰুৱাৰ সংবাদমেল
Published on
Updated on

ডিজিটেল সংবাদ, ধেমাজিঃ বৰ্ষাকালীন কেন্দ্ৰীয় বাজেটক লৈ ১৪ নং লোকসভাৰ সমষ্টিৰ সাংসদ প্ৰদান বৰুৱাই দেওবাৰে ধেমাজি আৱৰ্ত ভৱনত এক সংবাদমেল সম্বোধন কৰে ৷ সংবাদমেলত সাংসদগৰাকীয়ে কয় যে- ১৪ নং লখিমপুৰ লোকসভা সমষ্টিটোৰ অন্তৰ্গত ৯টা কৈ বিধানসভা সমষ্টিত বান সমস্যা সমাধান কৰাৰ বাবে তৎপৰতা গ্ৰহণ কৰিছে জল সম্পদ বিভাগে ৷ ধেমাজি জিলাখনৰ জীয়াঢল আৰু ন নদীক পৃথকীকৰণ কৰি নিজা সুঁতি লৈ বোৱাই নিয়াৰ লগতে, গাই নৈয়ে ধ্বংস লীলা চলোৱা আমগুৰিৰ বৃহত্তৰ অঞ্চলটোৰ বাবে ৩কিলোমিটাৰ মথাউৰি সম্প্ৰসাৰণ কৰা হ'ব।

লখিমপুৰ, ঢকুৱাখনা, নাওবৈচা, ডুমডুমা, শদিয়া সমষ্টিৰ লগতে আন সমষ্টি সমূহৰো বান-খহনীয়াৰ সমস্যা সমাধানত গুৰুত্ব প্ৰদান কৰা হৈছে বুলিও সাংসদগৰাকীয়ে মন্তব্য কৰে ৷ তদুপৰি আন্তঃগাঁথনিৰ কথা উল্লেখ কৰি সাংসদগৰাকীয়ে মাটিৰ কামখিনি ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰি দিলেই জিলাখনৰ বৃহৎ অঞ্চলত ধেমাজিত ফ'ৰলেনযুক্ত ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ আৰম্ভ কৰিব বুলি জানিবলৈ দিয়ে৷ এই ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে যথোপযুক্ত পুঁজি অনুমোদন কৰা কথাও তেওঁ জানিবলৈ দি জিলাখনৰ জোনাইৰ ঐৰাম ঘাট আৰু বগীবিলত নিৰ্মাণ হ'বলগীয়া জাহাজ বন্দৰ দুটাৰ কাম সম্পূৰ্ণ হ'লে ইয়াৰ জৰিয়তে আগন্তুক দিনত জল পৰিবহনৰ দ্বাৰাই সামগ্ৰীৰ আমদানি কৰি ৰাইজে যথেষ্ট লাভবান হ'ব বুলি তেওঁ মন্তব্য কৰে ৷

প্ৰসংগক্ৰমে সাংসদগৰাকীয়ে কয় যে- দাঁতিকাষৰীয়া ৰাজ্য অৰুণাচলৰ পাঁচিঘাটতো ইতিমধ্যে ইলেক্ট্ৰনিক ট্ৰেইনৰ কামে অগ্ৰগতি লাভ কৰিছে ৷ ইয়াৰ উপৰিও অসমৰ ৩টাকৈ শোধানাগাৰত খাৰুৱা তেল পৰিশোধন কৰিব পৰা ৬মিলিয়ন টন, আন ১১মিলিয়ন টন খাৰুৱা তেল বিভিন্ন সামগ্ৰী উৎপাদনৰ জৰিয়তে ৰাজ্যখনৰ অৰ্থনীতি টনকিয়াল কৰাত সহায়ক হ'ব বুলি সাংসদকৰ আগত মত প্ৰকাশ কৰে ৷ ইফালে সাংবাদিকে ৰাজ্যত সম্প্ৰতি চৰ্চা অব্যাহত থকা ন- বিজেপি আৰু পুৰনি বিজেপি প্ৰসংগ সোধাত উত্তৰত সাংসদ বৰুৱাই কৌশলী মন্তব্য দি বিষয়বস্তুৰ পৰা আঁতৰি যায় ৷ উল্লেখ্য যে, সাংসদগৰাকীৰ সৈতে সংবাদমেলত ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ সভাপতি তোলন কোঁৱৰো উপস্থিত থাকে ৷

বৰ্ষাকালীন কেন্দ্ৰীয় বাজেটকলৈ ধেমাজিত সাংসদ প্ৰদান বৰুৱাৰ সংবাদমেল
৮ টা বছৰে পলাই সাৰিব নোৱাৰিলে দুৰ্নীতিগ্ৰস্ত বিষয়া...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in