চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধানসভা সমষ্টি দাবী সমিতি আৰু সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত চিচিবৰগাঁৱত বিশাল জনজাগৰণ সভা

১৫ সহস্ৰাধিক লোকৰ অংশগ্ৰহণ, ভাৰতীয় নিৰ্বাচনী বিষয়া আৰু মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ
চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধানসভা সমষ্টি দাবী সমিতি আৰু সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত চিচিবৰগাঁৱত বিশাল জনজাগৰণ সভা

ডিজিটেল সংবাদ, ধেমাজি : ধেমাজি জিলাৰ প্ৰস্তাৱিত তৃতীয়টো সমষ্টি চিচিবৰগাঁও বিধানসভা সমষ্টিটো সংৰক্ষণ মুক্ত কৰাৰ দাবীত বুধবাৰে ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপৰ চিচিবৰগাওঁৰ মাজমজিয়াত থকা কৃষ্টি ভৱনত বুধবাৰে অনুষ্ঠিত হয় এক বিশাল প্ৰতিবাদী জনজাগৰণ সভা ।

সংৰক্ষণমুক্ত চিচিবৰগাঁও সমষ্টি দাবী সমিতি আৰু সংৰক্ষণমুক্ত চিচিবৰগাঁও সমষ্টি সংগ্ৰাম সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হোৱা জনজাগৰণ সভাৰ উদ্দেশ্য কৰে চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধান সভা দাবী সমিতিৰ সাধাৰণ সম্পাদক মৃদু পৱন চুতীয়াই ৷ ইয়াৰ আগে সভাখনি উদ্ধোধন কৰে চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধান সভা সংগ্ৰাম সমিতিৰ সভাপতি দুলাল বৰুৱাই ৷ চিচিবৰগাঁও সংৰক্ষণমুক্ত বিধান সভা দাবী সমিতিৰ সভাপতি তিলক ফুকনে পৰিচালনা কৰা সভাত অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী ৰাজীৱ শদিয়াৰ বিপ্লৱী গীতেৰে শুভাৰম্ভ কৰা হয় ।

সভাত উপস্থিত থাকে ক্ৰমে সদৌ অসম চুতীয়া ছাত্র সন্থাৰ সম্পাদক ৰাজু চুতীয়া ,সদৌ তাই আহোম ছাত্ৰ সন্হাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ধেমাজি জিলা সমিতিৰ সভাপতি জ্ঞান শৰ্মা, সমাজসেৱিকা পদৃমিতা চেতিয়া, অসম জাতীয়তাবাদী যুৱ পৰিষদৰ কেন্দ্ৰীয় সভাপতি উজ্বল চুতীয়া, সদৌ অসম কোঁচ ৰাজবংশী ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰাৰ্থ প্ৰতীম বড়া, গোৰ্খা ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি চমৰাজ পুৰী, নাথ যোগী ছাত্ৰ সন্থাৰ ধেমাজি জিলা সমিতিৰ সভাপতি দীপক নাথ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সহকাৰী সম্পাদক ৰুদ্ৰ ভূঞা, তৃৰ্ণমূল কংগ্ৰেছৰ ধেমাজি জিলা সমিতিৰ সভাপতি বাবুল সোনোৱাল, সদৌ অসম বংগালী যুৱ ছাত্ৰ ফেডাৰেচনৰ সাধাৰণ সম্পাদক উজ্বল দে, গোৰ্খা সন্মিলনী ধেমাজি জিলা সমিতিৰ সভাপতি বিষ্ণু প্ৰধান, ধেমাজি জিলা অসংৰক্ষিত বিধান সভাৰ দাবী সমিতিৰ সভাপতি ড০ সৰ্বেশ্বৰ চুতীয়া, অধিবক্তা নন্দেশ্বৰ গোহাঁই, বিজেপিৰ প্ৰতিনিধি মৃনাল চুতীয়া, ধেমাজি জিলা গাওঁ পঞ্চায়ত সন্থাৰ সভাপতি গিৰীণ চুতীয়া, সদৌ অসম গাওঁ সন্থাৰ সভাপতি সভাপতি বিক্ৰম গগৈ, নয়ন বৰগোহাঁই, ধেমাজি জিলা অসংৰক্ষিত বিধান সভা সমষ্টিৰ সম্পাদক জীতেন ৰাজখোৱা, ধেমাজি নগৰ পালিকাৰ প্ৰাক্তন সভাপতি ভবিষ্য দিহিঙীয়া আদি কৰি ২০-২৫ টাতকৈও অধিক জাতীয় সংগঠন, সচেতন ৰাজনৈতিক কৰ্মী আৰু উপস্থিত থকা জিলাখনৰ বহু কেইবা গৰাকীও সচেতন ব্যক্তি তথা ৰাইজে উপস্থিত থাকি উদাত্ত ভাষণেৰে নতুনকৈ হ'ব লগা চিচিবৰগাওঁ সমষ্টিটো সংৰক্ষণ মুক্ত কৰিবলৈ চৰকাৰক আহ্বান জনায় আৰু ৰাইজক সমষ্টি সংৰক্ষণ মুক্ত নোহোৱা পয্যন্ত মাৰ বান্ধি থিয় হবলৈ অনুৰোধ ৰখাৰ লগতে সকলো সময়তে তেওলোকে এই সংগ্ৰামত প্ৰত্যক্ষ ভাৱে জড়িত হৈ থকাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

ইফালে ৰাজু চুতীয়াই ধেমাজি জিলাত পূৰ্বৰ দুয়োটা সমষ্টিয়েই জনজাতি লোকসকলৰ বাবে সংৰক্ষণ কৰি ৰাজনৈতিক সুৰক্ষা প্ৰদান কৰি অহাৰ দৰে এই তৃতীয় সমষ্টি টো সংৰক্ষণ মুক্ত কৰি অজনজাতীয় লোক সকলকো সম অধিকাৰ, সম ময্যদাৰে জীয়াই থাকিবলৈ সুবিধা দিব লাগে বুলি চৰকাৰক আহ্বান জনায় । আনহাতে জনজাতীয় লোক সকলকো এই ক্ষেত্ৰত সহযোগিতা আগবঢ়াই ওলাই আহিবলৈ আহ্বান জনাই চুতীয়া ছাত্ৰ সন্থাৰ বিষয়ববীয়া গৰাকীয়ে । সমান্তৰাল ভাৱে বৰ্তমানৰ বিজেপি চৰকাৰ খনকো সমালোচনা কৰাৰ লগতে বিভিন্নজনে নিজৰ বক্তব্যৰ জৰিয়তে চিচিবৰগাঁও সমষ্টিটো সংৰক্ষণমুক্ত কৰি জিলাখনৰ গৰিষ্ঠসংখ্যক অজনজাতীয় ৰাইজৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষা কৰিবৰ বাবে দাবী জনায় অন্যথা নিজৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰা তথা সাংবিধানিক সমমৰ্য্যদাৰ বাবে সমগ্র অজনজাতীয় ৰাইজ ৰাজপথলৈ ওলাই আহিবলৈ বাধ্য হব বুলি হুংকাৰ দিয়ে ।

প্ৰতিকূল বতৰকো নেওচি সভাত জিলাখনৰ অধীনৰ প্ৰায় সকলো দল-সংগঠনৰ নেতৃবৰ্গৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ প্ৰায় ১০ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে । প্ৰস্তাৱিত সমষ্টিটো সংৰক্ষণমুক্ত নকৰিলে অনাগত দিনত জিলাখনৰ সমগ্ৰ অজনজাতীয় লোকৰ সহযোগত তীব্র গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ পোষকতা কৰে আজিৰ জনজাগৰণ সভাই । ইফালে সমষ্টি সংৰক্ষণ মুক্ত দাবী সমিতিয়ে ধেমাজি জিলাৰ নৱ নিযুক্ত উপায়ুক্তৰ যোগেদি ভাৰতৰ নিৰ্বাচনী বিষয়া আৰু অসমৰ মুখ্যমন্ত্ৰীলৈ দাবী সম্বলিত এখনি স্মাৰক পত্ৰ প্ৰেৰণ কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in