/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-11/6c5b4dff-da0e-474e-92e7-6994f8f4ed60/4.jpg)
বাংলাদেশীক এক ইঞ্চিও ভূমি নিদিবলৈ আহ্বান ভূৱন পেগুৰ...
ডিজিটেল সংবাদ জোনাইঃ বাংলাদেশী মূলৰ মিঞা মুছলমানৰ বিৰুদ্ধে পুনৰ সোচ্চাৰ হৈ পৰিছে জোনাই সমষ্টিৰ বিধায়ক তথা বিজেপিৰ মুখপাত্ৰ ভুৱন পেগু। বিধায়কগৰাকীয়ে এক ইঞ্চিও খিলঞ্জীয়াৰ ভূমি মিঞা বাংলাদেশীক বিক্ৰী নকৰিবলৈ আহ্বান জনাইছে।
অসমত বাংলাদেশী মূলৰ মিঞা মুছলমানৰ আগ্ৰাসনে অসমীয়া ৰাইজলৈ সংকট নমাই আনিব বুলি উল্লেখ কৰি তেওঁ কয়, অসমত মিঞা বাংলাদেশী মুছলমানে ৰাজনৈতিক,অৰ্থনৈতিক আৰু সামাজিকভাৱে চলোৱা আগ্ৰাসণে অসমীয়া জাতিলৈ বিপদ মাতি আনিছে।
তেওঁ কয়, অসমীয়া জাতিক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে বাংলাদেশীমূলৰ মিঞা মুছলমানসকল। এনে লোকৰ আগ্ৰাসণৰ বিৰুদ্ধে অসমীয়া জাতিয়ে মাৰবান্ধি থিয় দিয়াৰ সময় আহি পৰিছে। চৰকাৰী ভূমি, চৰ-চাপৰি,বনভূমি য'তেই মিঞা বাংলাদেশীৰ আগ্ৰাসণ হৈছে তাতেই অসমীয়া ৰাইজে বাধা প্ৰদান কৰিব লাগে বুলি চিলাপথাৰত এক সংবাদ মেলৰ জৰিয়তে আহ্বান জনাইছে বিধায়কগৰাকীয়ে।
Also Read: চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিঃ স্থাপন কৰা হ'ল লাইখুঁটা...
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us