চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিঃ স্থাপন কৰা হ'ল লাইখুঁটা...

চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিঃ স্থাপন কৰা হ'ল লাইখুঁটা...

author-image
Asomiya Pratidin
New Update
চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিঃ স্থাপন কৰা হ'ল লাইখুঁটা...

চৰাইদেউ মহোৎসৱৰ প্ৰস্তুতিঃ স্থাপন কৰা হ'ল লাইখুঁটা...

ডিজিটেল সংবাদ চৰাইদেউঃ চৰাইদেউত ২০২৪ বৰ্ষৰ চৰাইদেউ মহোৎসৱৰ ব্যাপক প্ৰস্তুতি চলিছে। এইবাৰ অহা ৫ জানুৱাৰীৰ পৰা ৭ জানুৱাৰীলৈ ৩ দিনীয়াকৈ এই মহোৎসৱখনি অনুষ্ঠিত হ'ব।

Advertisment

আজি মহোৎসৱৰ লাইখুঁটা স্থাপন কৰা হয়। টাই পৰম্পৰাগত ৰীতি, নীতিৰে এই লাইখুঁটা স্থাপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

মহোৎসৱৰ লাইখুঁটা স্থাপন কৰে সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু জিলা অতিৰিক্ত আয়ুক্ত পলাশ ৰঞ্জন আহোমে। উল্লেখ্য, অসম চৰকাৰৰ পৰ্যটন বিভাগৰ উদ্যোগত চৰাইদেউবাসীৰ সহযোগত অনুষ্ঠিত হ’ব এই মহোৎসৱ ৷

Also Read: লখিমপুৰ জিলা নাট্য সন্মিলনৰ দ্বিবাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি...

চৰাইদেউ মহোৎসৱ