ধেমাজিত ৭ আগষ্টৰ পৰা আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ মিছন ইন্দ্ৰধনুষ ৫.০...

ধেমাজিত ৭ আগষ্টৰ পৰা আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ মিছন ইন্দ্ৰধনুষ ৫.০...
ধেমাজিত ৭ আগষ্টৰ পৰা আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ মিছন ইন্দ্ৰধনুষ ৫.০...

ডিজিটেল সংবাদ ধেমাজিঃ ধেমাজি জিলা স্বাস্থ্য বিভাগে জিলাখনৰ প্ৰত্যেকখন গাঁৱতে ইনটেনচিফাইড মিছন ইন্দ্ৰধনুষ(আই এম আই ৫.০) প্ৰথম ৰাউণ্ডৰ কাৰ্য্যসূচী অহা ৭ ৰ পৰা ১২ আগষ্টলৈকে ৰূপায়ন কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে ৷ শনিবাৰে বিয়লি জিলা অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া, জিলা পৰিয়াল কল্যাণ বিভাগৰ কাৰ্য্যালয়ত জিলা অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ডাঃ জগত মোহন প্ৰসাদ আৰু মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া ও জিলা সংযুক্ত টিকাকৰণ আঁচনি বিষয়া ডাঃ কিশোৰ কামানে এক সংবাদমেল যোগে এইকথা সদৰি কৰে ৷

সংবাদমেলত স্বাস্থ্য বিষয়াদ্বয়ে কয় যে- যক্ষ্মা, হেপাটাইটিছ বি, অ' পি ভি , আই পি ভি , পলিঅ', পেন্টা, ডিফথেৰিয়া, পি চি ভি, ৰটা, এম আৰ, জে ই আৰু ডি পি টি আদি কৰি ১২ বিধ মাৰাত্মক ৰোগৰ প্ৰতিষেধক প্ৰদান কৰাৰ বিষয়ে উল্লেখ কৰে ৷ এই অভিযানৰ প্ৰথম পৰ্যায় ৭ ৰ পৰা ১২ আগষ্টলৈ, দ্বিতীয় পৰ্যায় ১১ ৰ পৰা ১৫ ছেপ্টেম্বৰলৈ আৰু তৃতীয় পৰ্যায় ৯ ৰ পৰা ১৪ অক্টোবৰলৈ ৰূপায়ন কৰিব জানিবলৈ দিয়ে ৷

প্ৰথম পৰ্যায়ত ৭ আগষ্টৰ পৰা ধেমাজি জিলাখনত আৰম্ভ হ'বলগা সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ বাবে ১৪২টা টিকাকৰণৰ স্থান নিৰ্ধাৰণ কৰা হৈছে। জিলাখনৰ বাদ পৰি যোৱা ২ বছৰৰ তলৰ ১১৮৯ টি শিশু, ২বছৰৰ পৰা ৫ বছৰৰ ৪৪৫ টি শিশু আৰু ৩১৯ গৰাকী গৰ্ভৱতী মহিলাক সামৰি সৰ্বাত্মক মিছন ইন্দ্ৰধনুষ ৫.০ ৰ প্ৰথম পৰ্যায়ত প্রস্তুতি চলাইছে স্বাস্থ্য বিভাগে।

জিলাখনৰ দুৰ্গম মুঠ ৮ টা স্থানত বিশেষভাৱে টিকাকৰণৰ আৰু ৭ টা মোবাইলৰ টীমৰ জৰিয়তে যিকোনো স্থানতে টিকাকৰণ দিয়াৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে ৷ শিশুৰ ১২ বিধ মাৰাত্মক ৰোগৰ প্ৰতিষেধকৰ লগতে গৰ্ভৱতী মহিলাসকলক প্ৰদান কৰা দুটাকৈ টি.ভি প্ৰতিষেধক বিভিন্ন কাৰণত বাদ পৰি যোৱা গৰ্ভৱতী মহিলা আৰু শিশুসকলক চিনাক্ত কৰি প্ৰতিষেধক প্ৰদানেৰে শিশুসকলৰ কল্যাণৰ বাবে ইতিবাচক প্ৰভাৱসৃষ্টি কৰাৰ লগতে স্বাস্থ্যবান সমাজ গঢ়ি তোলাত সকলোৰে সহায় সহযোগিতা কামনা কৰিছে সংবামেলৰ জৰিয়তে ধেমাজি জিলা স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগে ৷

সংবাদমেলত জিলা প্ৰতিষেধক বিষয়া ডাঃ পূন্য দেউৰী ,ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান মিছনৰ জিলা প্ৰচাৰ মাধ্যমৰ বিষয়া ড° অচ্যুত গগৈ আৰু জিলা অতিৰিক্ত মুখ্য চিকিৎসা ও স্বাস্থ্য বিষয়া কাৰ্য্যালয়ৰ গাণনিক ইন্দ্ৰেশ্বৰ শৰ্মাই উপস্থিত থাকে ৷

ধেমাজিত ৭ আগষ্টৰ পৰা আৰম্ভ হ'ব প্ৰথম পৰ্যায়ৰ মিছন ইন্দ্ৰধনুষ ৫.০...
কিদৰে মৃত্যু হ'ল ছাত্ৰ সানশ্ৰাং নাৰ্জাৰীৰ? ৭ বন্ধুৱে মিলি কৰিলে নেকি হত্যা !

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in