
ডিজিটেল সংবাদ কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ বালাগাঁওস্থিত St. Anns College উচ্চতৰ মাধ্যমিকৰ প্ৰথম বৰ্ষৰ ছাত্ৰ তথা চিৰাং জিলাৰ কয়লাময়লাৰ হাতিমাৰা নিৱাসী সানশ্ৰাং নাৰ্জাৰীৰ শনিবাৰে গৌৰাং নদীত সলিল সমাধি ঘটে । চেইণ্ট এননচ কলেজৰ কাষতে থকা হোষ্টেলত থাকি অধ্যয়ন কৰা অমায়িক সানশ্ৰাং নাৰ্জাৰীৰ মৃতদেহ নিকটৰ গৌৰাং নদীৰ পানী যুঁৱলীৰ পৰা উদ্ধাৰ কৰা হৈছে ।
সতীৰ্থৰ সৈতে গা ধুবলৈ গৈ সলিল সমাধি ঘটা সানশ্ৰাং নাৰ্জাৰীৰ মৃত্যু প্ৰকৃততে হত্যাকাণ্ড বুলি অভিযোগ কৰিছে পৰিয়ালৰ লোকে। প্ৰাপ্ত বাতৰি মতে শনিবাৰে সানশ্ৰাং নাৰ্জাৰীক লৈ ৭ গৰাকী সতীৰ্থই গৌৰাং নদীত গা ধুবলৈ গৈছিল ।
কিন্তু ৭ জন সতীৰ্থ উভতি আহে যদিও সানশ্ৰাং উভতি নাহিল । হোষ্টেললৈ উভতি আহি সতীৰ্থসকলে প্ৰথমে কথাটো গোপনে ৰাখিবলৈ চেষ্টা কৰে যদিও পিছত সকলো কথা ওলাই পৰে আৰু নিশা ১১ মান বজাত হোষ্টেল কৰ্তৃপক্ষই পৰিয়ালৰ লোকক ঘটনাৰ বিষয়ে অৱগত কৰায় ।
সানশ্ৰাং নাৰ্জাৰীৰ মাতৃ ৰুফলা নাৰ্জাৰীয়ে অভিযোগ কৰা মতে তেওঁ শনিবাৰে দিনৰ ভাগতে বহুবাৰ ল'ৰাৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছিল যদিও সক্ষম হোৱা নাছিল । যোগাযোগত ব্যৰ্থ হৈ তেওঁৰ ল'ৰাৰ সতে যোগাযোগ কৰি দিবলৈ ফাদাৰক অনুৰোধ কৰিছিল যদিও ফাদাৰে সেয়া কৰা নাছিল ।
অৱশেষত নিশা প্ৰায় ১১ বজাতহে ফাদাৰে তেওঁলোকক ঘটনাৰ বিষয়ে অৱগত কৰে আৰু আজি পুৱাই হোষ্টেলত উপস্থিত হয় পৰিয়ালৰ সদস্যসকল । ইপিনে আজি ৰাতিপুৱাই স্থানীয় ৰাইজে মৃতদেহটো গৌৰাং নদীৰ মাজৰ পৰা উদ্ধাৰ কৰি পাৰলৈ তুলি আনে ।
মৃতদেহৰ কাণ আৰু নাকেৰে তেজ নিগৰি অহালৈ চাই পৰিয়ালৰ লোকে এয়া হত্যাকাণ্ড বুলি দাবী কৰিছে । পিছত আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বৰপেটা মেডিকেল কলেজলৈ প্ৰেৰণ কৰিছে আৰু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতেই প্ৰকৃত তথ্য বাহিৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে ।
তদুপৰি আৰক্ষীয়ে ঘটনাৰ প্ৰকৃত তথ্য বাহিৰ কৰিবলৈ মৃত সানশ্ৰাং নাৰ্জাৰীৰ ৭ গৰাকী সতীৰ্থক বৰ্তমান সোধপোছ কৰি আছে। ইপিনে ক্ষুব্ধ ৰাইজে সানশ্ৰাং নাৰ্জাৰী থকা হোষ্টেল কৰ্তৃপক্ষৰ ওপৰত অৱহেলাৰ অভিযোগ তুলি হোষ্টেলৰ বিভিন্ন আচবাব, ফুলৰ টাব, গ্ৰিল, খিৰিকীৰ আইনা আদি ভাঙি ক্ষতিসাধন কৰিছে ।