কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যোৱাৰ পথত নিখোজ চিলাপথাৰ যুৱক

কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যোৱাৰ পথত নিখোজ চিলাপথাৰ যুৱক

ডিজিটেল সংবাদ,চিলাপথাৰ : কৰ্মসংস্থাপন বিচাৰি দক্ষিণ ভাৰতৰ কেৰাললৈ যোৱাৰ পথত চিলাপথাৰৰ এজন যুৱক নিখোজ হোৱাৰ খবৰে হাহাকাৰ লগাইছে যুৱকজনৰ পৰিয়ালৰ লগতে অঞ্চলটোত। জানিব পৰামতে চিলাপথাৰ জলকিয়াসুতি গাঁৱৰ মিলধৰ সোণোৱালৰ পুত্ৰ সঞ্জীৱ সোণোৱালে (৪০) যোৱা ১৯ আগষ্টত ডিব্ৰুগড়ৰ পৰা ট্ৰেইনযোগে কেৰেলালৈ বুলি যাত্ৰা কৰিছিল।

পিছে ৰে'লৰে গৈ থকা অৱস্থাত ২১ আগষ্টত যাত্ৰা পথৰ তামিলনাডুৰ বিজয়পাৰা ষ্টেচনৰ সমীপৰ পৰা যুৱকজন আকস্মিকভাৱে সন্ধানহীন হয়। উক্ত সময়ৰ পৰাই বহু বিচাৰ খোচাৰ কৰিও লোকজনৰ কোনো শুংসূত্ৰ পোৱা নাই।

এটা সন্তানৰ পিতৃ সঞ্জীৱৰ নিখোজৰ ঘটনাক লৈ চিলাপথাৰ আৰক্ষী থানাত পৰিয়ালৰ লোকে এক এজাহৰ দাখিল কৰিছে। কোনো লোকে লোকজনৰ খবৰ পালে নিকটস্থ আৰক্ষী অথবা 6003535862/9394651470 নম্বৰত যোগাযোগ কৰিবলৈ দুৰ্ভগীয়া পৰিয়ালটোৱে অনুৰোধ জনাইছে। ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম লোকজনৰ আকস্মিক নিখোজৰ ঘটনাই দৰিদ্ৰ পৰিয়ালটোৰ মাজত হাহাকাৰ সৃষ্টি কৰিছে।

কৰ্মসংস্থাপন বিচাৰি কেৰালালৈ যোৱাৰ পথত নিখোজ চিলাপথাৰ যুৱক
তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰতিবাদ

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in