তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰতিবাদ

তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰতিবাদ

ডিজিটেল সংবাদ,তিনিচুকীয়া : ৰাজ্য চৰকাৰৰ মাহী আইৰ দৃষ্টি, জিলা প্ৰশাসনৰ চকু মুদা কুলিৰ ভাও আৰু টি-ব'ৰ্ডৰ চতুৰালিত ব্ৰটলিফ ফেক্টৰিসমূহৰ মালিকপক্ষ এতিয়া ক্ষুদ্ৰ চাহ খেতি আৰু খেতিয়কৰ ভাগ্য নিয়ন্তা হৈ পৰিছে । এইক্ষেত্ৰত বিশেষকৈ অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ ৫৬ হেজাৰ ক্ষুদ্ৰ চাহ খেতিয়কে ব্ৰটলিফ ফেক্টৰিৰ মালিকপক্ষৰ শোষণ-বঞ্চনাত অসুৰক্ষিত ভৱিষ্যতৰ প্ৰমাদ গণিছে ।

প্ৰণিধানযোগ্য যে, অসমৰ আর্থ-সামাজিক তথা গ্ৰাম্য অৰ্থনীতিৰ সপোন দেখা ক্ষুদ্ৰ চাহ খেতিয়ে ৰাজ্যৰ ৰাজকোষ টনকিয়াল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। কিন্তু বিগত প্ৰায় এক/ডেৰ দশক ধৰি ক্ষুদ্ৰ চাহ খেতিয়কসকল বিভিন্ন জ্বলন্ত সমস্যাত হাবু-ডুবু খাই আছে বুলি জানিব পৰা গৈছে ।

পিচে ৰাজ্য চৰকাৰৰ লগতে বিয়াগোম কৃষি বিভাগে ক্ষুদ্ৰ চাহ খেতিৰ প্ৰতি সম্পূৰ্ণ উদাসীন মনোভাৱ প্ৰদৰ্শন কৰাত এই খেতি ভৱিষ্যতে কোন দিশলৈ গতি কৰে তাক লৈ শংকিত হৈ পৰিছে খেতিয়কসকল । ব্ৰটলিফ ফেক্টৰিৰ নিয়ন্ত্ৰণত থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ অন্যতম ডাঙৰ সমস্যাটোৱেই হৈছে কেঁচা চাহপাতৰ উচিত মূল্যৰ পৰা বঞ্চিত হোৱাটো ।

উৎপাদনী ব্যয়তকৈ কম মূল্যত কেঁচাপাত বিক্ৰী কৰিবলৈ বাধ্য হোৱাত লোকচানৰ সন্মুখীন হৈ আহিছে খেতিয়কসকল । চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা তিনিচুকীয়া জিলালৈ অবৈধভাৱে সৰবৰাহ হৈ থকা কেঁচা চাহপাতেও জিলাখনৰ খেতিয়কসকলক উচিত মূল্য লাভ কৰাত বাধা প্ৰদান কৰি আহিছে ।

পিচে এইক্ষেত্ৰত জিলা প্ৰশাসন কিম্বা টি ব'ৰ্ডৰ সন্দেহজনক স্থিতিয়ে খেতিয়কসকলক বিতুষ্ট কৰি আহিছে । যাৰ বাবে বৃহস্পতিবাৰে জিলাখনৰ প্ৰায় দুই শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে প্ৰতিবাদ কৰিব লগা হয়। সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ আহ্বানমৰ্মে জিলাখনৰ প্ৰায় দুই শতাধিক ক্ষুদ্ৰ চাহ খেতিয়কে তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি খেতিয়কৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ।

হাতে হাতে বেনাৰ-পোষ্টাৰ, প্লে-কাৰ্ড-ফেষ্টুন লৈ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰা খেতিয়কসকলে 'কেঁচা চাহপাতৰ উচিত মূল্য প্ৰদান কৰক, ব্ৰটলিফ ফেক্টৰিসমূহক নাকি লগাওঁক, টি ব'ৰ্ডৰ চতুৰালি বন্ধ কৰক, বহি:ৰাজ্যৰ পৰা অবৈধ কেঁচাপাতৰ সৰবৰাহ বন্ধ কৰক আদি বিভিন্ন শ্ল'গান দি জিলা আয়ুক্তৰ কাৰ্যালয়সমুখ উত্তপ্ত কৰি তোলে ।

অৱস্থানথলীত এক প্ৰতিবাদী সভাও অনুষ্ঠিত হয়। য'ত খেতিয়কসকলে সন্মুখীন হোৱা সমস্যাসমূহ উপস্থাপন কৰাৰ লগতে এইক্ষেত্ৰত ব্ৰটলিফ ফেক্টৰি, জিলা প্ৰশাসন আৰু টি-ব'ৰ্ডৰ স্থিতিক চোকা সমালোচনা কৰে ।

প্ৰতিবাদৰ অন্তত জিলা আয়ুক্তৰ যোগেদি ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ এক দাবীসম্বলিত স্মাৰক-পত্ৰ প্ৰেৰণৰ ব্যৱস্থা কৰা হয় । স্মাৰক-পত্ৰৰ জড়িয়তে বিভিন্ন দাবী উল্লেখ কৰা হয়।

উল্লেখিত দাবীসমূহ হৈছে- বহি:ৰাজাৰ পৰা অবাধ গতিত অহা অবৈধ কেঁচা চাহপাত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰিবলৈ আইন প্রস্তুত আৰু প্ৰণয়ন কৰা, কেঁচা চাহপাতৰ উৎপাদনী ব্যয়ৰ মূল্যৰ ওপৰত নূন্যতম সমর্থন মূল্য প্ৰদানৰ ব্যৱস্থা কৰা, চাহখেতি কৰি খেতিয়কসকল জীয়াই থাকিব পৰাকৈ এক সুকীয়া আইন প্রস্তুত কৰা, মণিটৰিং কমিটিয়ে নিৰ্ধাৰণ কৰা কেঁচাপাতৰ মূল্য চাহ খেতিয়কে পোৱাৰ ব্যৱস্থা কৰা, উপকৰ পুঁজিৰ জমা ধনেৰে ৭৫ শতাংশ ৰাজ সাহাৰ্যৰে ক্ষুদ্ৰ চাহ খেতিয়কৰ বাবে কলঘৰ স্থাপন কৰা, এক হেজাৰ টকাৰ প্রিমিয়ামেৰে পি জি আৰ, ভি জি আৰ মাটিত ক্ষুদ্র চাহ খেতিয়কক পট্টা দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা, জলসিঞ্চনৰ ব্যৱস্থা খৰটকীয়াকৈ কার্যকৰী কৰা, ৰেহাই মূল্যত ৰাসায়নিক সাৰৰ যোগান ধৰা, কেঁচাপাতৰ মানদও উন্নত কৰাৰ বাবে এনঅ'চি ৰ ব্যৱস্থা কাৰ্যকৰী কৰা, আগন্তক বাজেটত ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নয়নৰ বাবে অন্তত দুশ কোটি টকা ধার্য কৰা, অসমত পাম অইল খেতি সম্পূৰ্ণ নিষিদ্ধ কৰা দাবীসমূহ উত্থাপন কৰা হয় ।

তিনিচুকীয়া জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত ক্ষুদ্ৰ চাহ খেতিয়ক প্ৰতিবাদ
মাল্টিস্পেচিয়েলিটি আয়ুৰ্বেদিক হাস্পতাল 'উহান' উদ্বোধন

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in