দেশৰ বাবে সেৱা আগবঢ়াবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল অসমৰ সেনা জোৱান, আহিল কেৱল তেওঁৰ সা-সামগ্ৰী...

দেশৰ বাবে সেৱা আগবঢ়াবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল অসমৰ সেনা জোৱান, আহিল কেৱল তেওঁৰ সা-সামগ্ৰী...

ডিজিটেল ডেস্কঃ দেশৰ বাবে সেৱা আগবঢ়াবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল অসমৰ সেনা জোৱান গৌতম ৰাজবংশী। জোৱানজনৰ সলনি ঘৰলৈ আহিল তেওঁৰ সা-সামগ্ৰী। ভাৰতীয় সেনাৰ দুজন বিষয়াই এই সামগ্ৰী সমূহ উভতাই দিয়ে।

জানিব পৰা মতে, ধেমাজিৰ গোগামুখৰ বাসিন্দা গৌতম ৰাজবংশী নামৰ এজন জোৱানৰ লগতে আন তিনিজন জোৱান লাডাখত সন্ধানহীন হৈছিল। নিয়মীয়া প্ৰশিক্ষণৰ সময়ত মাউণ্ট কুনৰ ওচৰত হোৱা হিমস্খলনৰ পাছতে সন্ধানহীন হৈছিল তেওঁলোক। ৮ অক্টোবৰত সংঘটিত হৈছিল এই ঘটনা।

সন্ধানহীন সৈনিকসকলৰ মৃতদেহ এতিয়ালৈকে উদ্ধাৰ কৰা হোৱা নাই। সেনা বিষয়াসকলে বৃহস্পতিবাৰে গোগামুখত থকা তেওঁৰ ঘৰলৈ আহি সকলো সা-সামগ্ৰী উভতাই দিছিল। এই সামগ্ৰীসমূহৰ ভিতৰত বিভিন্ন নথি-পত্ৰ, কাপোৰ-কানি আদি আছে।

উল্লেখ্য যে, লাডাখত হৈ থকা তুষাৰপাতৰ বাবে চলিত বৰ্ষত উদ্ধাৰ অভিযান আৰম্ভ কৰিব পৰা নাযাব। এপ্ৰিলত বৰফ গলা আৰম্ভ হোৱাৰ পাছতহে আৰম্ভ হ'ব উদ্ধাৰ অভিযান।

এই খবৰৰ পাছতে এতিয়া গৌতমৰ পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলটোত শোকৰ ছা পৰিছে।

দেশৰ বাবে সেৱা আগবঢ়াবলৈ গৈ ঘৰলৈ ঘূৰি নাহিল অসমৰ সেনা জোৱান, আহিল কেৱল তেওঁৰ সা-সামগ্ৰী...
ভুৱা পৰিচয় দি যুৱতীৰ সৈতে সম্পৰ্ক স্থাপন কৰি ব্লেকমেইল ,গ্ৰেপ্তাৰ ছাদিক আলী ওৰফে ৰাহুল শৰ্মা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in