গুৰুজনাৰ জন্মস্থানৰ ঐতিহ্যমণ্ডিত হাটীপুখুৰীত দুষ্পাপ্য বৰকাছ

গুৰুজনাৰ জন্মস্থানত দুষ্পাপ্য কাছ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সহায় সহযোগিতা বিচাৰিলে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে।

author-image
Asomiya Pratidin
New Update
গুৰুজনাৰ জন্মস্থানৰ ঐতিহ্যমণ্ডিত হাটীপুখুৰীত দুষ্পাপ্য বৰকাছ

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নগাঁৱৰ শিঙিয়া পোতনি তেলীয়া গাঁৱৰ পৰা বটদ্রৱা থানলৈ এটা দুস্প্ৰাপ্য প্ৰজাতিৰ বৰকাছ সযতনেৰে কঢ়িয়াই আনি উপস্থিত হ'ল আইমাতৄ সকল। শিঙিয়া পোতনি তেলীয়া গাঁৱৰ এটা পুখুৰীৰ পৰা উদ্ধাৰ কৰি উপযুক্ত সংৰক্ষণৰ চিন্তাৰে প্ৰকৃতিপ্ৰেমী ব্যক্তি পদ্ম কান্ত শৰ্মা আৰু তেওঁৰ পত্নী দীপা শৰ্মাই গাঁও খনৰ আইমাতৄ সকলৰ সৈতে আহি বটদ্ৰৱাৰ ঐতিহ্যমণ্ডিত হাটীপুখুৰীত মেলি দিলে এই বিৰল প্ৰজাতিৰ কাছটো।

Advertisment

বটদ্ৰৱা থান পৰিচালনা সমিতিৰ সদস্য পংকজ বৰুৱা, বটদ্ৰৱা থানৰ নামাচাৰ্য দেৱেন আতৈ আৰু হাটীবহাৰ ভকত বৈষ্ণৱৰ উপস্থিতিত আয়তীৰ উৰুলিৰ ধ্বনিৰে কাছটো মেলি পৰম সন্তুষ্টি লাভ কৰাৰ কথা প্ৰকাশ কৰিলে। যি সময়ত একাংশ লোকে প্ৰকৃতি তথা জীৱ কূল ধ্বংস কৰি পাৰিপাৰ্শ্বিকতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰি আহিছে সেই সময়তে পদ্ম কান্ত শৰ্মা, পত্নী দীপা শৰ্মা তথা শিঙিয়া পোতনি তেলীয়া গাঁৱৰ আইমাতৄ সকলে ৩০ কিলোমিটাৰ দূৰ অতিক্ৰম কৰি বটদ্ৰৱা থানলৈ আহি কাছ সংৰক্ষণ কৰা প্ৰচেষ্টাক পৰিচালনা সমিতিয়ে শলাগ লয়, লগতে গুৰুজনাৰ জন্মস্থানত দুষ্পাপ্য কাছ সংৰক্ষণ কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ চৰকাৰৰ সহায় সহযোগিতাো বিচাৰিলে বটদ্ৰৱা থান পৰিচালনা সমিতিয়ে।

Also Read: আৰম্ভ সংসদৰ বাজেট অধিবেশন, কাইলৈ বিত্তমন্ত্ৰীয়ে দাখিল কৰিব অন্তৱৰ্তীকালীন বাজেট

batadrava nagaon batadrava than