মেৰাপানীত মদ্যপান কৰি আৰক্ষীৰ তাণ্ডৱ

মেৰাপানী আৰক্ষী থানাত অথন্তৰ। দিন দুপৰতে মদ্যপান কৰি আৰক্ষীৰ তাণ্ডৱ।

author-image
Asomiya Pratidin
New Update
মেৰাপানীত মদ্যপান কৰি আৰক্ষীৰ তাণ্ডৱ

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানী আৰক্ষী থানাত অথন্তৰ। দিন দুপৰতে মদ্যপান কৰি আৰক্ষীৰ তাণ্ডৱ। অভিযুক্তৰ পৰিবৰ্তে অভিযোগকাৰী যুৱকৰ বৃদ্ধ পিতৃ আৰু কিশোৰী নাতিয়েকক থানালৈ ধৰি অনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে মেৰাপানীত।

Advertisment

ঘটনা অনুসৰি, ৫ নং গমাৰিৰ পুলিন শইকীয়া নামৰ ব্যক্তিজনৰ সাংসাৰিক কন্দলৰ ফলশ্ৰুতিত পতি পত্নীৰ কাজিয়াৰ ঘটনা পৰিছিলগৈ মেৰাপানী থানাত। ইয়াৰ পাছতেই পুলিন শইকীয়াই তেওঁৰ পত্নীৰ পৰিয়ালৰ বিৰুদ্ধে হতাহতি হোৱাৰ সন্দৰ্ভত খুলখালীয়েক সঞ্জীৱ বৰাৰ বিৰুদ্ধে যোৱা বৃহস্পতিবাৰে মেৰাপানী থানাত দাখিল কৰিছিল এজাহাৰ।

এই সন্দৰ্ভত বুধবাৰে মেৰাপানী থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ নিৰ্দেশত ভুপেন বৰাৰ নামৰ আৰক্ষীৰ হাবিদাৰ জনৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে অভিযুক্তৰ পৰিবৰ্তে থানালৈ অভিযোগকাৰীৰ বৃদ্ধ পিতৃ আৰু দুই কন্যাক উঠাই অনাৰ পাছতে মেৰাপানী আৰক্ষী থানাত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ।

নিৰপৰাধী ব্যক্তিক লক্‌আপ কৰাৰ পৰিণতিত অৱশেষত ৰাইজৰ ৰোষত পৰিল আৰক্ষী ভূপেন বৰা। হাতত তামোল পান লৈ ৰাইজৰ ওচৰত ক্ষমা খোজাৰ পাছত পৰিস্থিতি শান্ত হয় যদিও গোচৰ সন্দৰ্ভত ভাৰপ্ৰাপ্ত বিষয়াই আশ্বাস দিয়াতহে ঘৰাঘৰি গ'ল ৰাইজ। এই ঘটনাৰ পাছতে আৰক্ষীজনৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে স্থানীয় লোকে।

Also Read: ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজন আহত

merapani police station merapani dhemaji