ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজন আহত

ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজন আহত

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সৰস্বতী পূজা আৰু আলি-আই-লিগাঙৰ দিনাই ঢকুৱাখনাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দূৰ্ঘটনা। ঢকুৱাখনা-ঘিলামৰা ৰাজ্যিক ঘাইপথৰ ঘটাপৰা অঞ্চলত তীব্ৰ বেগী দুখন বাহনৰ মাজত হোৱা এক মৰণমুখী প্ৰতিযোগিতাৰ ফলত এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে।

ঘটনাৰ বিৱৰণি অনুসৰি তীব্ৰ বেগত অহা দুখন বাহনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাজপথতে সংঘৰ্ষ কৰাৰ ফলত বাগৰি পৰিল এখন চাৰিচকীয়া বাহন। বুধবাৰে সংঘটিত এই পথ দুৰ্ঘটনাত সীমা গগৈ(১৬) নামৰ এগৰাকী যুৱতী গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত হয়।

সংকটজনক অৱস্থাত আহতগৰাকীক ঢকুৱাখনা মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হৈছে। ইপিনে মুখামুখী সংঘৰ্ষ সংঘটিত কৰা AS07 R 3105 নম্বৰৰ বাহনখনত চালক আৰু আন এজন আৰোহী দুৰ্ঘটনাস্থলীৰ পৰাই পলায়ন কৰে। এই সন্দৰ্ভত ঢকুৱাখনা আৰক্ষী থানাত এক গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰা হৈছে।

ঢকুৱাখনাত পথ দুৰ্ঘটনাত এজন আহত
ৰাজ্যত অনুভূত ভূমিকম্পৰ জোকাৰণি

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in