মেৰাপানীত ভয়ংকৰ কাণ্ডঃ জোঁৱাইৰ দাৰ ঘাপত আহত শহুৰেক

মেৰাপানীত ভয়ংকৰ কাণ্ডঃ জোঁৱাইৰ দাৰ ঘাপত আহত শহুৰেক

author-image
Asomiya Pratidin
New Update
লখিমপুৰত বিদ্যুৎপৃষ্ট হৈ মৃত্যু যুৱকৰ...

ডিজিটেল সংবাদ, মেৰাপানীঃ মেৰাপানীত সংঘটিত হৈছে ভয়ংকৰ কাণ্ড। জোঁৱায়কৰ দাৰ ঘাপত আহত হ'ল শহুৰেক। এই ঘটনা সংঘটিত হৈছে মেৰাপানী আৰক্ষী থানাৰ অন্তৰ্গত ৪ নং গমাৰিত। পাৰিবাৰিক কন্দলৰ বাবেই এই ঘটনা সংঘটিত হৈছে।

Advertisment

পুতুল ওৰাং নামৰ ব্যক্তিজনে নিজৰ বাৰীত বাঁহ কাটি থকা অৱস্থাতে জোঁৱায়েক মনে ওৰাঙে এখন চোকা দাৰে হাতত আৰু মূৰত ঘপিয়াই হত্যা চেষ্টা চলায়। ঘটনাত গুৰুতৰভাৱে আহত শহুৱেক পুতুল ওৰাঙক পৰিয়ালৰ লোকে ইতিমধ্যে মেৰাপানী সমূহীয়া চিকিৎসালয়ত ভৰ্তি কৰিছে।

ইফালে অধিক ৰক্তক্ষণ হোৱাত চিকিৎসকে ব্যক্তিজনক উন্নত চিকিৎসাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে। আনহাতে শহুৰেকক হত্যাৰ অপচেষ্টা চলোৱা জোঁৱায়েক মনে ওৰাঙৰ বিৰুদ্ধে পৰিয়ালৰ লোকে মেৰাপানী আৰক্ষী থানাত গোচৰ তৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে।

Also Read: টেক্সাছ বিশ্ববিদ্যালয়ত অধ্যয়নৰত নগাঁৱৰ শিখাদ্ৰী মহন্তৰ সফলতাঃ লাভ কৰিলে ৩ টা পৃথক স্বীকৃতি...

merapani