টেক্সাছ বিশ্ববিদ্যালয়ত অধ্যয়নৰত নগাঁৱৰ শিখাদ্ৰী মহন্তৰ সফলতাঃ লাভ কৰিলে ৩ টা পৃথক স্বীকৃতি...

নগাওঁ জিলাৰ ফৌজদাৰীপট্টিৰ জগন্নাথ মহন্ত আৰু দিপালী মহন্তৰ কন্যা শিখাদ্ৰী
টেক্সাছ বিশ্ববিদ্যালয়ত অধ্যয়নৰত নগাঁৱৰ শিখাদ্ৰী মহন্তৰ সফলতাঃ লাভ কৰিলে ৩ টা পৃথক স্বীকৃতি...

ডিজিটেল ডেস্কঃ নগাওঁ জিলাৰ ফৌজদাৰীপট্টিৰ নিবাসী জগন্নাথ মহন্ত আৰু দিপালী মহন্তৰ কন্যা শিখাদ্ৰী মহন্তৰ সফলতা। আমেৰিকাৰ টেক্সাছ বিশ্ববিদ্যালয়ত অধ্যয়নৰত মেধাবী ছাত্ৰী শিখাদ্ৰীয়ে চলিত মাহতেই তিনিটাকৈ বিশেষ স্বীকৃতি লাভ কৰিছে।

শিখাদ্ৰীয়ে ১৩ এপ্ৰিল শনিবাৰে পুৱা জৈৱিক আৰু কৃষি অভিযান্ত্ৰিক বসন্ত ২০২৪ বেঙ্কুৱেটত ড০ ব্ৰক ফ'কনাৰৰ ০৪ ফেলোশ্বিপ লাভ কৰিছে। এই ফেলোশ্বিপ টেক্সাছ বিশ্ববিদ্যালয়ৰ জৈৱিক আৰু কৃষি অভিযান্ত্ৰিক বিভাগৰ এজন উৎকৃষ্ট স্নাতক শিক্ষাৰ্থীক প্ৰদান কৰা হয়। শিখাদ্ৰীয়ে বহনক্ষম কৃষি, শস্য চপোৱাৰ পিছত হোৱা লোকচান, কপাহ প্ৰক্ৰিয়াকৰণ বা বায়ুৰ মানদণ্ডৰ গৱেষণা কৰিছিল। গৱেষণা আৰু অন্যান্য সাফল্যৰ ক্ষেত্ৰত তেওঁৰ সফলতাৰ বাবে ড০ ব্ৰক ফ'কনাৰৰ স্প্ৰীং ২০২৪ ৰ বাবে ০৪ ফেলোশ্বিপ লাভ কৰিছে শিখাদ্ৰীয়ে।

একেটা দিনতেই বিয়লি ভাগত তেওঁ লাভ কৰে কৃষি আৰু প্ৰাকৃতিক সম্পদ ইণ্টাৰ্নশ্বিপ কাৰ্যসূচীৰ (ANRP)স্বীকৃতি। ১৩ এপ্ৰিলৰ বিয়লি অনুষ্ঠিত হোৱা ৬৮ সংখ্যক বাৰ্ষিক কয়লা সমাৱৰ্তনত শিখাদ্ৰীক ২০২৩ ত ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাৰ বিশ্ব খাদ্য সুৰক্ষা সমিতিত তেওঁৰ ইন্টাৰ্ণশ্বিপৰ বাবে স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে, ১৯৯০ চনত স্থাপিত ANRP য়ে কৃষি আৰু জীৱন বিজ্ঞান মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজহুৱা নীতি বিকাশৰ সুযোগ প্ৰদান কৰিছে। ২০২৩ ত ৪ জন উৎকৃষ্ট শিক্ষাৰ্থীয়ে আন্তৰ্জাতিক পৰ্যায়ত কৃষি নীতিৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিল।তাৰে এগৰাকী আছিল শিখাদ্ৰী মহন্ত।

ইয়াৰ পিছত ১৫ এপ্ৰিলৰ সন্ধিয়া শিখাদ্ৰীয়ে লাভ কৰে CIRTL বঁটা বেঙ্কুৱেট, CIRTL প্ৰেক্টিচনাৰ চাৰ্টিফিকেট (২০২৩)আৰু CIRTL স্কলাৰ প্ৰমাণপত্ৰ(২০২৪)। উল্লেখ্য, শ্ৰেণীকোঠাৰ কাৰ্যকলাপ পৰিচালনা কৰা আৰু অনুষদৰ সদস্য এজনৰ সহযোগত এক নতুন শিক্ষণ পদ্ধতি বিকশা কৰা শিক্ষাৰ্থীসকলক এই স্বীকৃতি দিয়া হয়। শিক্ষাদ্ৰী মহন্তই স্নাতক অভিযান্ত্ৰিক শিক্ষাৰ ওপৰত গৱেষণা চলাইছিল। তেওঁ গৱেষণা কৰা প্ৰকল্পটো সম্পূৰ্ণ কৰাৰ বাবে এজন অনুশীলনকাৰী আৰু এজন পণ্ডিত হিচাপে তেওঁ এই প্ৰমাণপত্ৰ লাভ কৰিছে।

টেক্সাছ বিশ্ববিদ্যালয়ত অধ্যয়নৰত নগাঁৱৰ শিখাদ্ৰী মহন্তৰ সফলতাঃ লাভ কৰিলে ৩ টা পৃথক স্বীকৃতি...
টি-২০ বিশ্বকাপলৈ ভাৰতে প্ৰেৰণ কৰিব ৩ টা দল !

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in