মেৰাপানীত সাংসদ গৌৰৱ গগৈ

'কংগ্ৰেছ দল হৈছে সাগৰ, কংগ্ৰেছ দলৰ পৰাই নেতাৰ সৃষ্টি হৈছে। বিজেপি দলৰ ভিতৰ চ'ৰাত শীতল যুদ্ধ চলি আছে।

author-image
Asomiya Pratidin
New Update
৫ সমষ্টিৰ উপ-নিৰ্বাচনক লৈ কংগ্ৰেছৰ তৎপৰতাঃ সমষ্টি ভিত্তিত গঠন কৰিলে ৫ জনীয়া বিশেষ কমিটী...

ডিজিটেল সংবাদ, মেৰাপানীঃ 'কংগ্ৰেছ দল হৈছে সাগৰ, কংগ্ৰেছ দলৰ পৰাই নেতাৰ সৃষ্টি হৈছে। বিজেপি দলৰ ভিতৰ চ'ৰাত শীতল যুদ্ধ চলি আছে। কমলাক্ষ দে' পুৰকায়স্থ আৰু বসন্ত দাসে বিজেপিলৈ গ'লেও কোনো ক্ষতি নহয় কংগ্ৰেছৰ। নতুন বিজেপি দলত পুৰণা বিজেপি হাতাও অভিযান চলি আছে।' বৃহস্পতিবাৰে মেৰাপানীত সাংসদ পুঁজিৰ অধীনত কেইবাটাও কামৰ আধাৰশিলা স্থাপন কৰিবলৈ আহি সাংবাদিকৰে হোৱা সাক্ষাৎকাৰত এইদৰে মন্তব্য কৰে বৰ্তমানৰ কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে।

Advertisment

মেৰাপানী অঞ্চলৰ কেইবাটাও স্থানত সৰুপথাৰৰ প্ৰাক্তন বিধায়িকা ৰ'জলিনা তিৰ্কীৰ সৈতে উপস্থিত থাকি গৌৰৱ গগৈয়ে পুনৰ বিধায়ক কমলাক্ষ দে' পৰকায়স্থ আৰু বসন্ত দাসৰ সন্দৰ্ভত মন্তব্য কৰি কয় যে, 'দুয়োটা সমষ্টিতে বিজেপি দলৰ প্ৰাৰ্থী সকলৰ মুখ্যমন্ত্ৰীৰ লগত সম্পৰ্ক ভাল নহয়। দুয়োটা সমষ্টিতে হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ নেতা সকলৰ ওপৰতে ছাৰ্জিকেল ষ্টাইক কৰিছে। ইয়াৰ ফলত বিজেপি দলৰহে ক্ষতি হ'ব। এতিয়া বিজেপিত বিসম্বাদৰ ৰাজনীতি চলিছে। কংগ্ৰেছৰ সাংসদ সকলৰ সংসদত কথা ক'বলৈ সাহস আছে কিন্তু বিজেপিৰ বিধায়কে নিমাতে থাকে, তেওঁলোকে অসমৰ হৈ মাত মাতিব নোৱৰে।'

Also Read: 'কা' বাতিলৰ দাবীত ১৭ ফেব্ৰুৱাৰীত গুৱাহাটীত সমাবেশ...

merapani gaurav gogoi