/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-05/697267dc-06bb-446d-9f20-902c7fe140ce/brij_bhushan_06.jpg)
ৱাৰ্ম আপ, স্বাস্থ্য পৰীক্ষাৰ সময়ত মহিলা মল্লযুঁজাৰুৰ বুকুত হাত দিছিল ব্ৰীজ ভূষণে...
ডিজিটেল ডেস্কঃ মহিলা মল্লযুঁজাৰুৰ স্তনত হাত থৈছিল ব্ৰীজ ভূষণ চৰণ সিঙে। ৱাৰ্ম আপ, প্ৰতিযোগিতা আদিৰ পূৰ্বে মেডিকল পৰীক্ষাৰ সময়ত মহিলা মল্লযুঁজাৰুৰ স্তন্ন, পেটত অকৰ্তৃত্বশীল ভাৱে আৰু ইচ্ছাকৃত ভাৱে স্পৰ্শ কৰিছিল ব্ৰীজ ভূষণে।
২ নাবালিকা মল্লযুঁজাৰুৰ সৈতে মুঠ ৭ গৰাকী খেলুৱৈয়ে উত্থাপন কৰা যৌন উৎপীড়ণৰ অভিযোগৰ মাজতে এইদৰেই দুগৰাকী পীড়িতাই তেওঁৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে। কেৱল সেয়াই নহয়, ডব্লিউ এফ আইৰ কাৰ্যালয়, ৰেষ্টুৰেণ্ট আদিতো ব্ৰীজ ভূষণে বিভিন্ন অচিলাৰে ইচ্ছাকৃত ভাৱে তেওঁলোকৰ দেহৰ বিভিন্ন অংশত হাত লগাইছিল বুলি গুৰুতৰ অভিযোগ পুনৰবাৰ উত্থাপন কৰিছে।
অৱশ্যে এইদৰে মুকলিকৈ তেওঁৰ বিৰুদ্ধে অভিযোগ দিয়া দুই মহিলা খেলুৱৈৰ নাম প্ৰকাশ পোৱা নাই। দিল্লীৰ যন্ত্ৰৰ মন্তৰত ব্ৰীজ ভূষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰি থকা মল্লযুঁজাৰুসকলে ব্ৰীজ ভূষণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে যদিও এই পৰ্যন্ত কোনো পদক্ষেপ গ্ৰহণ কৰা নাই।
আনহে নালাগে উচ্চতম ন্যায়ালয়ে তেওঁৰ বিৰুদ্ধে এফ আই আৰ ৰুজু কৰাৰ নিৰ্দেশ দিয়াৰ পাছতো কেৱল এফ আই আৰ ৰুজু কৰিয়েই দায়িত্ব সামৰিলে দিল্লী আৰক্ষীয়ে। এই পৰ্যন্ত তেওঁক আটক কৰাৰ সাহস নকৰিলে।
মল্লযুঁজাৰুসকলে আৰম্ভ কৰা প্ৰতিবাদৰ আৰম্ভণিৰে পৰা ব্ৰীজ ভূষণে নিজকে নিৰ্দোষী বুলি দাবী কৰি অহাৰ সমান্তৰালকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে ক’লে মুহূৰ্ততে তেওঁ পদত্যাগ কৰিব বুলি মন্তব্য কৰিছিল। তাৰ পাছতো বিষয়টোৰ গুৰুত্ব উপলব্ধি কৰি এতিয়াও তেওঁক পদত্যাগ কৰিবলৈ কোৱা নাই মোডী, শ্বাহে। সমগ্ৰ বিষয়টোক লৈ নীৰৱ হৈ আছে প্ৰধানমন্ত্ৰী মোডী। তেওঁ ব্যস্ত আছে কৰ্ণাটক নিৰ্বাচনৰ প্ৰচাৰৰ ৰোড শ্ব’ত।
With Olympic medalists @SakshiMalik and @BajrangPunia at Jantar Mantar, New Delhi.@Phogat_Vinesh and #SatyawartKadian with #GSVivek @VinodAgnihotri7 and @jainendrakumar.
Must watch
SPECIAL #PressConference
Tonight 7 PM @ABPNews pic.twitter.com/tGUQhg93Wk— Dibang (@dibang) May 6, 2023
Also Read: ইনষ্টাগ্ৰামত ফ'ল'ৱাৰ্ছ বঢ়াবলৈ গৈ ৰে'লৰ খুন্দাত মৃত্যু নৱম শ্ৰেণীৰ ছাত্ৰৰ...