চিচিবৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে মে-ডাম-মে-ফি উদযাপন

চিচিবৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে মে-ডাম-মে-ফি উদযাপন

ডিজিটেল সংবাদ, চিচিবৰগাওঁঃ সমগ্ৰ ৰাজ্যৰ আহোম সম্প্ৰদায়ৰ লগতে বুধবাৰে চিচিবৰগাঁৱৰ মেচু অসমীয়া গাঁৱত অৱস্থিত চ্যাও ৰেনত দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আহোমসকলৰ পবিত্ৰ উৎসৱ মে-ডাম-মে-ফি উদযাপন কৰা হয় । পুৱা ম'লুং সকলৰ ধৰ্মীয় উপৰিপুৰুষসকলৰ পূজা-পাতলৰ পিছতে দিনজোৰা কাৰ্য্যসূচীৰে শিশুসকলৰ মাজত দৌৰ,হাই জাম্প,লং জাম্প,টেকেলি ভঙা,হাঁহ ধৰা,কলগছৰ খুটাত উঠা আদি বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

নিশা অনুষ্ঠিত কৰা মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে সদৌ তাই-আহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱাই । স্থানীয় যুৱক-যুৱতীসকলৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ অন্তত পুৱতি নিশালৈকে আমন্ত্ৰিত শিল্পী বিজয় বিকাশ বৰুৱাৰ সংগীতানুষ্ঠান চলে । প্ৰতিকূল বতৰকো নেওচি বহুতো ৰাইজে নিশাৰ সাংস্কৃতিক কাৰ্যসূচী উপভোগ কৰে ।

চিচিবৰগাঁৱত দিনজোৰা কাৰ্যসূচীৰে মে-ডাম-মে-ফি উদযাপন
জামুগুৰিহাটত দিবা-নৈশ প্ৰাইজমাণী ক্ৰিকেট খেল প্ৰতিযোগিতা

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in