নিশা চাইকেলেৰে গাওঁ-চহৰ ভ্ৰমণ কৰি লৈ আনে সামগ্ৰী: আৰক্ষী অভিযানত আটক...

নিশা চাইকেলেৰে গাওঁ-চহৰ ভ্ৰমণ কৰি লৈ আনে সামগ্ৰী: আৰক্ষী অভিযানত আটক...

ডিজিটেল সংবাদ, মঙলদৈ : মঙলদৈত উদ্ধাৰ ৭৮ টা ৱাটাৰ পাম্প। কোনো ব্যৱসায়িক প্ৰতিষ্ঠানত নহয়, চোৰৰ পৰাহে জব্দ কৰা হয় ৭৮ টাকৈ ৱাটাৰ পাম্প। লগতে জব্দ কৰা হয় ৪টা ইনভাৰ্টাৰ বেটাৰী, ১টা ছিলিণ্ডাৰ, ২টা ডেস্কটপ মনিটৰ, ১টা মাক্ৰফোন, ১টা ইনভাৰ্টাৰ।

তিনিজন চোৰে নিশা চাইকেলেৰে গৈ চুৰি কাৰ্য সংঘটিত কৰি উক্ত ৱাটাৰ পাম্প আৰু অন্যান্য চুৰি সামগ্ৰী চুৰি কৰি আনে। মঙলদৈ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মুকুট কাকতিৰ নেতৃত্বত চলা অভিযানত জব্দ কৰা হয় এই সামগ্ৰী। উল্লেখ্য যে, ১৬ জুনৰ পৰা চলা অভিযানত উদ্ধাৰ হৈছে এই আটাইবোৰ সামগ্ৰী।

বিগত কেইমাহমান ধৰি দৰঙৰ বিভিন্ন বিদ্যালয়, অংগণবাড়ী কেন্দ্ৰ আৰু বিভিন্ন লোকৰ ঘৰত সংঘটিত হৈছিল চুৰি কাৰ্য। অঞ্চলটোৰ কেইবা ঘৰৰ পৰা চোৰে চুৰি কৰিছিল এই সমূহ সামগ্ৰী। তদুপৰি বিদ্যালয় সমূহৰ পৰা কম্পিউটাৰ, ইনভাৰ্টাৰ আদি সামগ্ৰী চুৰি কৰিছিল চোৰ কেইটাই।

তাৎপৰ্যপূৰ্ণ কথাটো হ'ল মূল অভিযুক্ত চোৰ ঘনশ্যাম ডেকা ওৰফে তেজপুৰীয়াই নিশা এখন চাইকেল লৈ সাধাৰণ মানুহৰ দৰে ওলাই যায় আৰু চহৰ-গাওঁ ভ্ৰমণ কৰি সুবিধা বুজি সংঘটিত কৰে চুৰি কাৰ্য। এই চুৰি সামগ্ৰী সমূহ তেওঁৰ আন দুজন সহযোগী পংকজ ডেকা আৰু কল্যান ডেকাৰ সহযোগত বিক্ৰী কৰে। আৰক্ষীৰ মতে আৰু অধিক চুৰি সামগ্ৰী উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে। সম্প্ৰতি আৰক্ষীৰ জিম্মাত ধৃত চোৰ কেইটা।

নিশা চাইকেলেৰে গাওঁ-চহৰ ভ্ৰমণ কৰি লৈ আনে সামগ্ৰী: আৰক্ষী অভিযানত আটক...
মুকলি পানীত মাছৰ পোনা মেলা কাৰ্যসূচীৰে পালন প্ৰতিষ্ঠা দিৱস...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in