/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-01/63f3d1ef-1c83-4703-9f10-057b2a6ee06f/122.jpg)
ডিজিটেল সংবাদ,চিলাপথাৰঃ চিলাপথাৰ মেছু অসমীয়া গাঁৱত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত ৪৪ সংখ্যক ভোগালী উৎসৱ। বিগত বৰ্ষৰ দৰে এইবাৰো মকৰ সংক্ৰান্তিৰ দিনটোত চিলাপথাৰৰ মেছু অসমীয়া গাঁৱত মেছু আৰ্দশ যুৱ সংঘ আৰু মহিলা উন্নয়ন সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত হ'ল ভোগালী উৎসৱ।
দিনজোৰা কাৰ্যসূচীৰে উদযাপিত অনুষ্ঠানত পূৱাৰে পৰা আৰম্ভ হ'ল কণ কণ ছাত্র ছাত্ৰী সকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা হাঁহ ধৰা,ৰছী টনা,কাবাডী,দৌৰ,জাম্প আদি খেল ধেমালিৰ উপৰিও অনুষ্ঠিত হ'ল পৰম্পৰাগত টেকেলি ভঙা খেল।
অনুষ্ঠানটোৰ বিভিন্ন প্ৰতিযগিতাত শিশুৰ পৰা বয়স্ক লোকলৈকে ভাগ লয় । একেলগে বিহু নৃত্য কৰা দেখা যায়। স্ফুৰ্টি তামাচা কৰি এসাজ তৃপ্তিৰে খাই পালন কৰিলে ভোগৰ উৎসৱ ভোগালী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us