/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/7l48ddnq/a38cd538-6ec6-47f0-b01d-95f465e52483.jpg)
ডিজিটেল সংবাদ, ধেমাজি : ধেমাজিৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান ধেমাজি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সুদীৰ্ঘ ৭৫ বছৰীয়া বৰ্ণিল যাত্ৰা অতিক্ৰম কৰি মহাৰজত জয়ন্তী বৰ্ষত উপনীত হৈছে। এই উপলক্ষে যোৱা ৩১ অক্টোবৰত মহাৰজত জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠানৰ পিছতেই মহাৰজত জয়ন্তীৰ দ্বিতীয় পৰ্যায়ৰ কাৰ্য্যসূচী হিচাপে শনিবাৰৰ পৰা দুদিনীয়াকৈ ক্ৰীড়া মহোৎসৱৰ কাৰ্য্যসূচী অনুষ্ঠিত কৰিছে ৷
এই কাৰ্য্যসূচীত শনিবাৰে মুখ্য অতিথি হিচাপে উপস্থিত থাকে অলিম্পিয়ান, খেলৰত্ন, অৰ্জুন বঁটাপ্ৰাপক তথা আন্তঃ ৰাষ্ট্ৰীয় ক্ৰীড়াবিদ লাভলীনা বৰগোহাঁই ৷ পুৱা ৯-৩০ বজাত অলিম্পিয়ানগৰাকীয়ে ডিব্ৰুগড়ৰ পৰা ধেমাজিত আহি পোৱা লগে লগেই তেওঁক মহাৰজত জয়ন্তীৰ আয়োজক তথা ছাত্ৰ-ছাত্ৰীসকলে গায়ন-বায়নেৰে আদৰি আনে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/wwp4hvm9/597d4444-8040-4964-865b-9995e71292a9.jpg)
ইয়াক পাছতে পুৱা ১০-০০ বজাত আনুষ্ঠানিকভাৱে অলিম্পিক শিখা জ্বলাই লাভলীনা বৰগোহাঁইয়ে মহাৰজত জয়ন্তীৰ ক্ৰীড়া মহোৎসৱৰ উদ্ধোধন কৰে ৷ উদ্ধোধনী ভাষণত লাভলীনাই আৰম্ভণিতে মহাৰজত জয়ন্তীত উপস্থিত থকা সকলোকে শুভেচ্ছা জনায়।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/rf7p9h6b/8b1fdc13-d977-4cf7-af51-aeb3d125a4df.jpg)
অনুষ্ঠানত তেঁও ২০১২ চনৰ পৰাই বিগত ১৪ বছৰে পাই অহা বক্সিং যাত্ৰাৰ বিষয়ে অৱগত কৰে। এই যাত্ৰাত বহুখিনি সমস্যাৰ সন্মুখীন হৈও নিজৰ লক্ষ্যত উপনীত হোৱাৰ বাবে বহু চেষ্টা কৰি আহিছিলোঁ বুলি উল্লেখ কৰে ৷
খেলুৱৈ তথা ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি লাভলীনাই কয় যে সৰুতে ভাবি থকা অথবা সপোন দেখা বিষয়বোৰ বাস্তৱত ৰূপায়িত কৰিবলৈ হ'লে আমি আমাৰ কৰিব লগা কৰ্ম সদায় সময়মতে কৰি যোৱাটো উচিৎ বুলি উল্লেখ কৰে ৷ “ ভবা কথা নহয় সিদ্ধি, বাটত আছে ক'ণা বিধি” ফকৰাযোজনা উক্তিষাৰ নস্যাৎ কৰি লাভলীনাই ইয়াৰ বিপৰীতে ভাবিলেহে সকলো কাম কৰিব পৰাটো সম্ভৱ বুলি কয় ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/cxrprrcl/40daddc6-4f0d-42c7-b187-d4def75420f8.jpg)
লাভলীনাই নিজেও সৰুতেই যি ভাবিছিল আৰু সেই ভবামতেই আজি কৰিব পাৰিছে বুলিও কয় ৷ বক্তব্যৰ শেষত তেওঁ ছাত্ৰ-ছাত্ৰী তথা খেলুৱৈসকলক আগবাঢ়ি যাবলৈ উৎসাহ আৰু শুভেচ্ছা জনায় ৷ উদ্ধোধনীৰ কাৰ্য্যসূচীৰ পিছতেই লাভলীনাই বহু কেইগৰাকী ছাত্ৰ -ছাত্ৰীৰ সৈতে অন্তৰংগ আলাপ কৰে ৷
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-11-09/x0q8xkpv/7ca16222-9f55-41db-b2d7-12bc2ce5d504.jpg)
ইয়াৰ আগেয়ে প্ৰবীণ ক্ৰীড়াবিদ তথা সংগঠক লক্ষেশ্বৰ কোঁৱৰ আৰু বিদ্যালয়ৰ অধ্যক্ষ তথা উদযাপন সমিতিৰ সাধাৰণ সম্পাদক দেৱজ্যোতি কছাৰীয়ে ক্ৰমে মহাৰজত জয়ন্তী আৰু সমান্তৰালভাৱে বিদ্যালয়ৰ পতাকা উত্তোলন কৰে ৷
Also Read: ভাৰতে 'ৰত্ন' হেৰুওৱা এটা মাহ...