Advertisment

ভাৰতে 'ৰত্ন' হেৰুওৱা এটা মাহ...

ভাৰতে 'ৰত্ন' হেৰুওৱা এটা মাহ...

author-image
Asomiya Pratidin
New Update
ভাৰতে 'ৰত্ন' হেৰুওৱা এটা মাহ...

মানুহ নিজৰ কৰ্মৰ দ্বাৰাই ভগৱানৰ শাৰীলৈ উত্তীৰ্ণ হয়। ত্যাগ আৰু সেৱাৰ মনোভাবেৰে গঢ়া আদৰ্শ আৰু আত্মবোধে মানুহক মহান কৰি তোলে। তেনে ব্যক্তি থাকে মানুহৰ হৃদয়ত। তেনে ব্যক্তিয়ে কেতিয়াও এই পাৰ্থিৱ জগতৰ ধন, সম্পত্তিকলৈ গৰ্ব- অহংকাৰ নকৰে। তেনে এগৰাকী ব্যক্তিয়েই হৈছে ৰতন টাটা। আজিৰ পৰা এমাহৰ পূৰ্বে সকলোকে কন্দুৱাই উভতি নহাৰ বাটেৰে গুছি গৈছিল মানৱ দৰদী উদ্যোগপতিগৰাকী। এই দিনটোৰ সৈতে সংগতি ৰাখি তেওঁৰ বিশাল ব্যক্তিত্ব, তেওঁৰ সৈতে কটোৱা সময় আৰু কামক লৈ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে লিখিছে এটি আৱেগিক লেখা প্ৰতিটো কামত সমাজ তথা দেশৰ কল্যাণৰ স্বাৰ্থক কিদৰে তেওঁ অগ্ৰাধিকাৰ দিছিল সেই সন্দৰ্ভত প্ৰধানমন্ত্ৰীগৰাকীয়ে তন্নকৈ তন্নকৈ স্মৰণ কৰিছে এই লেখাটোত। দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ সেই লেখাটোৰ ভাৱানুবাদ অসমীয়া প্ৰতিদিন ডিজিটেলত হুবহু প্ৰকাশ কৰা হ'ল...

Advertisment

ৰতন টাটা ডাঙৰীয়াই আমাক এৰি যোৱা এটা মাহ পাৰ হ’ল। যোৱা মাহৰ আজিৰ তাৰিখতে যেতিয়া এই খবৰ পাইছিলো, সেই সময়ত মই এছিয়ান চামিটৰ বাবে যাবলৈ সাজু হৈছিলো। টাটা ডাঙৰীয়া আমাৰ পৰা আঁতৰি যোৱাৰ দুখ এতিয়াও মই মনত কঢ়িয়াই লৈ ফুৰিছো। এই বেদনাক পাহৰি যোৱাটো সহজ নহয়। ৰতন টাটা ডাঙৰীয়াক হেৰুৱাই ভাৰতে এগৰাকী সুসন্তান তথা এটা অমূল্য ৰত্মক হেৰুৱালে।

আজিও চহৰ-নগৰ, গাৱেঁ-ভূঞে সকলোৱে তেওঁৰ অভাৱ গভীৰতাৰে অনুভৱ কৰে। সকলোৰে বাবে এই পীড়া স্বাভাৱিক। কোনো ডাঙৰ উদ্যোগপতিয়েই হওঁক নাইবা নতুনকৈ ব্যৱসায় আৰম্ভ কৰা কোনো উদ্যমী, সকলো মন ৰতন টাটা ডাঙৰীয়াৰ বিয়োগত আজিও ম্ৰিয়মান। পৰিৱেশ তথা সমাজৰ প্ৰতিটো বৰ্গৰ লোকে আজি তেওঁৰ অভাৱ অনুভৱ কৰিছে। এই দুখ কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বব্যাপী ইয়াৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে।

যুৱচামৰ বাবে ৰতন টাটা ডাঙৰীয়া আছিল প্ৰেৰণাৰ এক উৎস। তেওঁ ব্যক্তিত্বই আমাক প্ৰতিটো ক্ষণত মনত পেলায় যে, এনে কোনো সপোন নাই যি আমি বাস্তৱত ৰূপায়ণ কৰিব নোৱাৰো, এনে কোনো লক্ষ্য নাই, যি লক্ষ্য আমি ভেদ কৰিব নোৱাৰো। ৰতন টাটা ডাঙৰীয়াই আমাক শিকাই থৈ গল যে, বিনম্ৰ স্বভাৱৰে কিদৰে আনক সহায় কৰিও সফলতা লাভ কৰিব পাৰি।

ভাৰতীয় উদ্যমশীলতাৰ এক প্ৰতীক আছিল ৰতন টাটা। দেশৰ উদ্যোগখণ্ডৰ বিশ্বাসযোগ্যতা, উতকৃষ্টতা আৰু ক্ৰুটিহীন সেৱাৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী প্ৰতিনিধি আছিল। তেওঁৰ নেতৃত্বতে টাটা গ্ৰুপে বিশ্বব্যাপি সন্মান, বিশ্বাসযোগ্যতাৰ প্ৰতীক হিচাপে সফলতাৰ শিখৰত আৰোহণ কৰিছিল। কিন্তু এই বিৰল প্ৰাপ্তিৰ পিছতো তেওঁ উপলদ্ধি অধিক সহজ-সৰল আৰু বিনম্ৰতাৰে স্বীকাৰ কৰিছিল।

অইনৰ সপোনক মন খুলি সমৰ্থন আৰু সেই সপোনক সাকাৰ ৰূপ দিবলৈ অপাৰ চেষ্টা কৰা গুণটো আছিল তেওঁৰ ব্যক্তিত্বৰ অন্যতম এক আকৰ্ষণ। বিগত বছৰবোৰত ভাৰতৰ উদ্যমশীলতাৰ অৰ্থনৈতিক মাৰ্গদৰ্শন আৰু ইয়াৰ ভৱিষ্যতক লৈ গ্ৰহণ কৰা সিদ্ধান্তই সকলোৰে লাভৱান কৰিব। যুৱ উদ্যোমীৰ আশা-আকাংশাৰ উমান লৈ তাক বুজি নীতি নিৰ্ধাৰণ আৰু নৱ ভাৰতৰ শক্তিশালী ভেটিঁৰ বাবে তেওঁলোকৰ ক্ষমতাক তেওঁ বুজিছিল।

ভাৰতৰ যুৱ প্ৰজন্মই দেখা সপোনক তেওঁ সমৰ্থন কৰি নতুন চামক মানসিকভাৱে শক্তিশালী আৰু সকলো পৰিস্থিতিৰ সন্মুখীন হব পৰাকৈ সাহস দিছিল। তেওঁৰ এই প্ৰদক্ষেপে  উদ্যমশীলতা আৰু ন ন প্ৰযুক্তিৰ বিকাশত ভাৰতক সহায় কৰিলে। আগন্তুক সময়ত আমি ইয়াৰ সকৰাত্মক প্ৰভাৱ নিশ্চিতভাৱে দেখিবলৈ পাম।

ৰতন টাটা ডাঙৰীয়াই উৎকৃষ্ট মানৰ সামগ্ৰী আৰু উৎকৃষ্ট সেৱাৰ ওপৰত সদায়েই জোৰ দিছিল। যাৰ ফলত ভাৰতীয় উদ্যোগখণ্ডই বিশ্বৰ প্ৰেক্ষাপটত শক্তিশালী খোপনি পুতিছিল। ২০২৪৭ত ভাৰতক এখন বিকাশিত দেশ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত তেওঁৰ অৱদানে যথেষ্ট পৰিমাণে সহায় কৰিব। মই গভীৰভাৱে আশা কৰো, তেওঁৰ এই ভিজনে আমাৰ উঠি অহা প্ৰজন্মক প্ৰেৰিত কৰিব আৰু উদ্যোগখণ্ডত উতকৃষ্ট সেৱাৰ বাবে বিশ্বব্যাপী ভাৰতৰ আৰু অধিক শক্তিশালী হ'ব।

টাটা ডাঙৰীয়াৰ মহানুভৱতা কেৱল তেওঁৰ প্ৰতিষ্ঠানত কাম কৰা কৰ্মচাৰী নাইবা সহযোগীৰ মাজতে সীমাৱদ্ধ নাছিল। সকলো জীৱ-জন্তুৰ প্ৰতি তেওঁ আছিল কৰুণা ভাৱ। জন্তুৰ প্ৰতি তেওঁৰ যি নিস্বাৰ্থ মৰম সেয়া আমি দেখিছিলো। জন্তুৰ বাবে গ্ৰহণ কৰা প্ৰতিটো কল্যাণকামী প্ৰদক্ষেপত তেওঁৰ সহযোগিতা আছিল অপৰিসীম। তেওঁ প্ৰায়ে কুকুৰৰ সৈতে কিছু ফটো শ্বেয়াৰ কৰিছিল, যিবোৰ ফটোত তেওঁৰ জীৱনত যে নিমাষিত সেই জন্তুবোৰৰ কিমান প্ৰভাৱ আছিল, সেয়া প্ৰতিফলিত হৈছিল। মোৰ মনত আছে, ৰতন টাটা ডাঙৰীয়াৰ অন্তিম বিদায় ক্ষণত সকলোৱে যেতিয়া শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিল সেই সময়ত তেওঁৰ মৰমৰ কুকুৰ 'গোৱা'ইও সেমেকা দুচকুৰে তেওঁক শেষ শ্ৰদ্ধা যাচিছিল।   

দেশ প্ৰথম- এই বিচাৰধাৰাকে অন্তিম ক্ষণলৈকে বুকুত লৈ ফুৰিছিল ৰতন টাটা ডাঙৰীয়াই। মুম্বাইৰ প্ৰতিষ্ঠিত তাজ হোটলত ২৬/১১আক্ৰমণৰ পাছতে পূৰ্ণ উদ্যেমেৰে পুনৰ হোটল মুকলি কৰা কাৰ্যই সন্ত্ৰাসবাদ বিৰুদ্ধে আমাৰ ৰাষ্ট্ৰই একেলগে মূৰ তুলি থিয় হোৱাৰ কথাকে সূচাইছিল। তেওঁৰ এই প্ৰদক্ষেপে এটা ডাঙৰ বাৰ্তা প্ৰেৰণ কৰিছিল যে- সন্ত্ৰাসবাদৰ ওচৰত ভাৰতে হাৰ নামানে, আমাৰ দেশে নিৰ্ভয়ে মুৰ দাঙি যুঁজ দিব।

ব্যক্তিগতভাৱেও, বিগত দুটামান দশকত তেওঁক মই খুবেই ওচৰৰ পৰা সান্নিধ্য লাভ কৰাৰ সৌভাগ্য হৈছিল। আমি গুজৰাটত একেলগে বহু কাম কৰিছিলো। তেওঁৰ টাটা গ্ৰুপে গুজৰাটত বৃহত সংখ্যক বিনিয়োগ কৰিছিল। গুজৰাটত আমি কৰা কামৰ সৈতে টাটা ডাঙৰীয়া ব্যৱসায়িকভাৱে নহয়, আত্মিক তথা আৱেগিকভাৱেও সংপৃক্ত হৈ আছিল।

আমি কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতো আমাৰ মাজত পূৰ্বৰ ঘনিষ্ঠতা অটূট থাকিল। ৰাষ্ট্ৰ নিৰ্মাণৰ আমাৰ প্ৰতিটো প্ৰচেষ্টাত তেওঁ সাহস হৈ থাকিল। স্বচ্ছ ভাৰত মিছনৰ প্ৰতি টাটা ডাঙৰীয়াৰ উতসাহে আমাৰ মন-মগজুক গভীৰ ভাৱে ক্ৰিয়া কৰিছিল আৰু তেওঁৰ প্ৰতি আমাৰ শ্ৰদ্ধা পূৰ্বতকৈ বৃদ্ধি কৰিছিল। তেওঁৰ এই স্বচ্ছ আন্দোলনৰ এগৰাকী অন্যতম ৰণুৱা আছিল। অক্টোবৰ মাহৰ আৰম্ভণিতে স্বচ্ছ ভাৰত মিছনৰ দশম বৰ্ষপূৰ্তিক লৈ তেওঁ প্ৰেৰণ কৰা ভিডিঅ বাৰ্তা মোৰ আজিও নখদৰ্পনত।

কৰ্কট ৰোগৰ বিৰুদ্ধেও আৰম্ভ কৰা যুঁজখন আছিল তেওঁৰ জীৱনৰ অন্যতম এক লক্ষ্য। মোৰ মনত আছে, দুবছৰৰ পূৰ্বে অসমত আমি সন্মিলিতভাৱে কেইবাখনো কেঞ্চাৰ হস্পাতাল মুকলি কৰাৰ কথা। সেই সময়ত তেওঁ স্পষ্টভাৱে বক্তব্য ৰাখিছিল যে, জীৱনৰ বাকীচোৱা সময় তেওঁ দেশৰ স্বাস্থ্যখণ্ডৰ বাবে সমৰ্পিত মনোভাৱেৰে কাম কৰিব খোজে। কৰ্কট ৰোগৰ চিকিৎসা সুলভ আৰু ব্যয়সাধ্য কৰি তোলাৰ বাবে তেওঁ কৰা কামবোৰে প্ৰমাণ কৰে যে, বেমাৰৰ সৈতে যুঁজি থকা সেই লোক সকলৰ প্ৰতি তেওঁ কিমান দায়ৱদ্ধ।

এগৰাকী মহান তথা বিদ্বান লোক হিচাপে ৰতন টাটা ডাঙৰীয়াক মই সদায়েই মানসপটত জীয়াই থাকিব। বিভিন্ন প্ৰসংগত লৈ তেওঁ প্ৰায়ে মোলৈ কিছু লেখা পঠাইছিল। সেয়া লাগিলে শাসন সম্পৰ্কীয়ই হওঁক, কাৰোবাৰ সহায় কৰা সম্পৰ্কীয়ই হওঁক নাইবা নিৰ্বাচনত জয়ী হোৱাৰ পাছত মোক প্ৰদান কৰা শুভেচ্ছাবাণী।  

আজি পৰা কিছু সপ্তাহৰ পূৰ্বে স্পেইনৰ ৰাষ্ট্ৰপতি ডাঙৰীয়াৰ সৈতে বডোদৰাত আমি সংযুক্তভাৱে এটা বিমান কাৰখানা উদ্বোধন কৰিছিলো। এই কাৰখানাত আমি চি-২৯৫বিমান নিৰ্মাণ কৰিম। এই কাৰখানাটো উদ্বোধনৰ সময়ত আমি ৰতন টাটা ডাঙৰীয়া অনুপস্থিতি বাৰুকৈয়ে অনুভৱ কৰিছিলো।

আজি তেওঁক মনত পেলোৱাৰ সময়ত আমি এই কথাও মনত ৰাখিব লাগিব যে, তেওঁ কেনে এখন সমাজ গঢ়াৰ সপোন দেখিছিল। যত ব্যৱসায়ে সমাজৰ হিতৰ বাবে এক শক্তি হিচাপে কাম কৰে, যি খন সমাজত সকলো শ্ৰেণীৰ মানুহৰ ক্ষমতাক প্ৰাধান্য দিয়া হয়। তেওঁ সেইখন সমাজৰ কল্পনা কৰিছিল যিখন সমাজত প্ৰগতি হয় কেৱল মানুহৰ সুখ আৰু কল্যাণৰ বাবে। ৰতন টাটা কায়িকভাৱে নাই যদিও তেওঁ সেইসকল লোকৰ জীৱন আৰু সপোনত জীয়াই আছে, যিসকলৰ বাবে তেওঁ আজীৱন কাম কৰিছিল। ভাৰতবৰ্ষক সমৃদ্ধিশালী আৰু আশাৰে ভৰা এখন দেশ নিৰ্মাণৰ বাবে তেওঁক ভৱিষ্যত প্ৰজন্মই সদায়েই মনত ৰাখিব...

ৰতন টাটা নৰেন্দ্ৰ মোডী