ধেমাজি নিবাৰ্চনী বিভাগৰ সংবাদমেলঃ ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

ধেমাজি নিবাৰ্চনী বিভাগৰ সংবাদমেলঃ ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ

ডিজিটেল সংবাদ, ধেমাজিঃ অহা ৪ জুনত অনুষ্ঠিত হ'ব লগা লোক সভা নিবাৰ্চনৰ ভোট গণণাৰ কেন্দ্ৰ কৰি বৃহস্পতিবাৰে ধেমাজি জিলা আয়ুক্তৰ সভা কক্ষত ধেমাজি নিবাৰ্চনী বিভাগে এখনি সংবাদমেল অনুষ্ঠিত কৰে ৷ ৭৮ নং ধেমাজি বিধান সভা সমষ্টি আৰু ৭৯ নং চিচিবৰগাঁও বিধান সভাৰ সমষ্টিকলৈ ভোটগণনাৰ বাবে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে বুলি জিলা আয়ুক্ত অংকুৰ ভৰালীয়ে সংবাদমেলত অৱগত কৰে ৷

দুয়োটা সমষ্টিৰ বাবে ভোটগণনা কাৰ্য ধেমাজি ডি আৰ ডি এ কাৰ্য্যালয়ৰ প্ৰাংগনত আয়োজন কৰা হৈছে ৷ জিলা আয়ুক্তই জনোৱা মতে ধেমাজি বিধান সভা সমষ্টিৰ বাবে এক নম্বৰ কাউন্টিং হলত আৰু চিচিবৰগাওঁ বিধান সভা সমষ্টিৰ বাবে দুই নম্বৰ কাউন্টিং হলত ভোটগণনা আৰম্ভ হ'ব ৷ পুৱা ৮ বজাৰ পৰা ভোট গণণাৰ কাম আৰম্ভ হোৱা লগতে ধেমাজি সমষ্টিৰ বাবে ১২খন কাউন্টিং টেবুল আৰু চিচিবৰগাঁও বিধান সভা সমষ্টিৰ বাবে ১৪ খন কাউন্টিং টেবুলৰ ব্যৱস্থা কৰা হৈছে ৷

ইয়াৰ উপৰিও দুয়োটা সমষ্টিতে দুজনকৈ এ আৰ অ ক্ৰমে ধেমাজি সমষ্টিৰ বাবে জিলা অতিৰিক্ত আয়ুক্ত ড° সঞ্জীৱ ফুকন আৰু ধেমাজি ৰাজহ চক্ৰ বিষয়া মনালী প্ৰসাদ ৰজত আৰু চিচিবৰগাঁও বিধান সভা সমষ্টিৰ বাবে জিলা অতিৰিক্ত আয়ুক্ত যাদক পেগু আৰু চিচিবৰগাওঁ ৰাজহচক্ৰ বিষয়া চিন্ময় নেওগে দায়িত্বত থাকিব৷ ধেমাজি জিলাখন জিলা ৰিটানিং নিবাৰ্চনী বিষয়া নোহোৱা বাবে ধেমাজি আৰু চিচিবৰগাঁও সমষ্টি দুয়োটাৰ কাৰণে পোষ্টটেল বেলট পেপাৰ কাউন্টিং লখিমপুৰ জিলাতে হ'ব ৷

ইফালে ১৯ এপ্ৰিলৰ নিবাৰ্চনৰ দিনাৰে পৰাই ষ্ট্ৰোংৰোমত দল আৰু প্ৰাৰ্থীসকলৰ কৰ্মীৰ লগতে নিৰাপত্তাৰক্ষী দ্বাৰা কটকটীয়া প্ৰহৰী ব্যৱস্থা কৰা উপৰিও সকলো সময়তে জিলা প্ৰশাসনৰ পৰা চোকা নজৰ ৰখা বুলিও জিলা আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে ৷ সংবাদমেলত জিলা উন্নয়ন আয়ুক্ত বিশ্বজিৎ ফুকন , ধেমাজি জিলা আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায় , অতিৰিক্ত জিলা আয়ুক্ত ড° সঞ্জীৱ ফুকন, ধেমাজি আৰু চিচিবৰগাঁও ৰাজহচক্ৰ বিষয়া ক্ৰমে মনালী প্ৰসাদ ৰজত আৰু চিন্ময় নেওগ , ধেমাজি নিবাৰ্চনী বিষয়া ৰুবী ৰায় , অতিৰিক্ত আয়ুক্ত তথা ভাৰপ্ৰাপ্ত জিলা জন সংযোগ বিষয়া প্ৰীতি ৰেখা গগৈৰ লগতে জিলা প্ৰশাসনৰ বিষয়া কৰ্মচাৰীসকলে উপস্থিত থাকে ৷

ধেমাজি নিবাৰ্চনী বিভাগৰ সংবাদমেলঃ ভোটগণনাৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ
'এক জিলা এক সামগ্ৰী' ধান খেতিৰ সম্ভাৱনীয়তাক লৈ নলবাৰী জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in