'এক জিলা এক সামগ্ৰী' ধান খেতিৰ সম্ভাৱনীয়তাক লৈ নলবাৰী জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

'এক জিলা এক সামগ্ৰী' ধান খেতিৰ সম্ভাৱনীয়তাক লৈ নলবাৰী জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ

ডিজিটেল সংবাদ, নলবাৰীঃ কেন্দ্ৰীয় চৰকাৰৰ পি.এম.এফ.এম.ই. ( PMFME-Pradhan Mantri Formalisation of Micro Food Processing Enterprises Scheme) আঁচনিৰ অধীনত ৰাজ্যৰ অন্যান্য জিলাই এক জিলা এক সামগ্ৰী ( One District One Product) পদক্ষেপৰ অধীনত একোটাকৈ বিশেষ সামগ্ৰী বাচনি কৰি লোৱা হৈছে। ইয়াৰ সমান্তৰালভাৱে নলবাৰী জিলাতো চাউল আৰু ইয়াৰ বিভিন্ন উপজাত সামগ্ৰীক বাচনি কৰা হৈছে আৰু এই পদক্ষেপ স্থানীয় উৎপাদিত সামগ্ৰীৰ বজাৰৰ প্ৰসাৰৰ লগতে স্থানীয় অৰ্থনীতিৰ উত্তৰণৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হ'ব।

PMFME আঁচনিৰ আঁচনিৰ অধীনত ODOP পদক্ষেপৰ লক্ষ্য হৈছে প্ৰতিখন জিলাৰ পৰা এটা অনন্য সামগ্ৰী চিনাক্ত কৰি প্ৰসাৰ আৰু বিকাশ কৰা যাতে এই সামগ্ৰীসমূহৰ বাবে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় উভয় বজাৰতে এক নিৰ্দিষ্ট স্থান সৃষ্টি কৰিব পাৰি। স্থানীয়ভাৱে উৎপাদিত সামগ্ৰীৰ বিশেষত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰি আৰম্ভ কৰা এই পদক্ষেপে পৰম্পৰাগত শিল্পকলা আৰু উদ্যোগক সমৰ্থন কৰাৰ উপৰিও নিয়োগ সৃষ্টি, স্থানীয় শিল্পী আৰু কৃষকৰ বাবে আয় বৃদ্ধিৰ লগতে সাংস্কৃতিক ঐতিহ্য সংৰক্ষণ কৰাতো গুৰুত্ব আৰোপ কৰিছে। কৃষিকৰ্মৰ পৰম্পৰাৰে চহকী নলবাৰী জিলাই এই পদক্ষেপৰ জৰিয়তে জিলাখনৰ লগতে ৰাজ্য তথা দেশৰ সামগ্ৰিক অৰ্থনৈতিক উন্নয়নত অৰিহণা যোগাবলৈ সক্ষম হ'ব।

সমগ্ৰ অসমৰ ভিতৰতে দ্বাদশ বৃহত্তম ধান উৎপাদনকাৰী অঞ্চল হিচাবে খ্যাত নলবাৰী জিলাত ১৩০ টাতকৈও অধিক মাইক্ৰ’ ৰাইচ মিল আছে। এই মিলসমূহে চাউলৰ পৰা উৎপাদিত বিভিন্ন সুস্বাদু খাদ্য সামগ্ৰী যেনে -মুড়ি, আখৈ আৰু অন্যান্য চাউল ভিত্তিক বিভিন্ন সামগ্ৰী উৎপাদন কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰে। উল্লেখ্য যে- ইয়াত উৎপাদিত বোকা চাউলে ইতিমধ্যে জি. আই. টেগ (GI Tag) লাভ কৰিছে এইয়া জিলাখনৰ বাবে এক গৌৰৱৰ বিষয়। বোকা চাউল অৰ্থাৎ 'মেজিক ৰাইচ' হিচাবেও খ্যাত এই চাউল ইতিমধ্যে আমেৰিকাৰ বজাৰলৈও ৰপ্তানি কৰা হৈছে যাৰ ফলত জিলাখনৰ উৎপাদকসকল লাভাম্বিত হোৱাৰ লগতে সুখ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে।

ODOP প্ৰাথমিক উদ্দেশ্য সমূহৰ অন্যতম হৈছে আধুনিক প্ৰযুক্তি আৰু বহনক্ষম পদ্ধতিৰ সৈতে পৰম্পৰাগত কৃষি পদ্ধতিৰ সহায় লৈ নলবাৰীক উচ্চমানৰ ধান উৎপাদন কেন্দ্ৰলৈ ৰূপান্তৰিত কৰা, ধানৰ গুণগত মান আৰু উৎপাদন উন্নত কৰি কৃষকৰ আয় বৃদ্ধি কৰা। ইয়াৰ উপৰিও মাটিৰ স্বাস্থ্য আৰু পৰিৱেশ সংৰক্ষণ নিশ্চিত কৰিবলৈ বহনক্ষম কৃষি কৌশলৰ প্ৰৱৰ্তন তথা ধান উৎপাদকসকলৰ বাবে ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত নিজৰ সামগ্ৰী বিক্ৰী কৰিবলৈ নতুন বজাৰৰ সুযোগ আৰু সংযোগ সৃষ্টি কৰি বজাৰ সম্প্ৰসাৰণ কৰা। লগতে উন্নত কৃষি কৌশল, কীট-পতংগ নিয়ন্ত্ৰণ আৰু শস্য চপোৱাৰ পিছৰ প্ৰক্ৰিয়াকৰণৰ ওপৰত কৃষকসকলৰ বাবে প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত কৰি দক্ষতা বিকাশ কৰা হৈছে এই পদক্ষেপৰ অন্যতম উদ্দেশ্য।

২০২৩–২০২৪ বিত্তীয় বৰ্ষত বাংগালুৰুৰ এটা কোম্পানীয়ে ২৩০–২৫০ কুইণ্টল তুলসী জহা চাউল নলবাৰীৰ নবাৰুন এফ. পি. অ.( FPO- ফুড Processing Unit) ৰ পৰা আমদানি কৰিছে। ইযযাৰ দ্বাৰা উৎপাদনকৰ্মত জড়িত কৃষকসকলে জীৱিকা উপাৰ্জনৰ ক্ষেত্ৰত যথেষ্ট উপকৃত হৈছে। ২০২৩ চনৰ অক্টোবৰ মাহত CSS আত্মাৰ উদ্যোগত ক্ৰেতা আৰু বিক্ৰেতাসকলৰ মাজত চিনা- পৰিচয় বৃদ্ধিৰ লগতে তেওঁলোকৰ মাজত নিয়মীয়াকৈ বৈঠক অনুষ্ঠিত কৰাৰ লক্ষ্যৰে জিলা কৃষি বিষয়াৰ কাৰ্য্যালয় প্ৰাংগনত এখন 'কিছান মেলা' অনুষ্ঠিত কৰা হৈছিল।। নলবাৰীৰ কৃষি বিভাগ, APART আৰু নলবাৰীৰ কৃষি বিজ্ঞান কেন্দ্ৰ আদিয়েও ODOP পদক্ষেপৰ অধীনত সাহায্য লাভ কৰা সকলক প্ৰতিষ্ঠানিক সহায়-সহযোগিতা আগবঢ়াই আহিছে।

তদুপৰি জিলাখনৰ মহিলা বিক্ৰেতাসকলৰ উত্থানৰ লক্ষ্যৰে তথা ODOP পদক্ষেপৰ অধীনষ্ঠ অংশীদাৰ সকলক এক মঞ্চ দিয়াৰ উদ্দেশ্যে DMMU/BMMU আৰু ASLRM নলবাৰীয়ে চলিত বৰ্ষৰ এপ্ৰিল মাহৰ ১০ৰ পৰা ১২ তাৰিখলৈ তিনিদিনীয়াকৈ ASOMI Bohagi Mela 2024 আয়োজন কৰা হৈছিল। এই মেলাখন জিলা আয়ুক্ত আই .এ. এছ. বৰ্ণালী ডেকাৰ হাতেৰে উদ্বোধন কৰা হৈছিল। ৩০টা ষ্টলত আত্ম সহায়ক গোটৰ দ্বাৰা বিশেষভাৱে চাউলৰ পৰা তৈয়াৰী অসমীয়া খাদ্য লাড়ু আৰু পিঠাৰ লগতে অসমীয়া খাদ্য সামগ্ৰীৰ লগতে অন্যান্য হস্ততাঁত আৰু হস্তশিল্পৰ সামগ্ৰী প্ৰদৰ্শন কৰা হৈছিল। চাউলৰ পৰা তৈয়াৰী অসমীয়া খাদ্যৰ বিপনীৰ সংখ্যা গৰিষ্ঠতা থকা মেলাখনে তিনিদিনত প্ৰায় ৫.২৫ লাখ টকাৰ সামগ্ৰী বিক্ৰী কৰিবলৈ সক্ষম হৈছিল।

সামগ্ৰীসমূহৰ স্বকীয়তা ৰক্ষা কৰাৰ বাবে অতিৰিক্ত সাৱধানতা অৱলম্বন কৰা হৈছে। নলবাৰী জিলাৰ চাউলৰ সুপৰিচিত ব্ৰেণ্ডসমূহৰ ভিতৰত অন্যতম হৈছে তুলসী জহা, কুনকুনি জহা, আৰু GI টেগ প্ৰাপ্ত বোকা চাউল আৰু এই সামগ্ৰী সমূহ মৰোৱাৰ লোটাছ প্ৰগ্ৰেছিভ চেণ্টাৰত প্ৰক্ৰিয়াকৰণ কৰা হয়। ইয়াৰ উপৰিও সামগ্ৰী সমূহৰ ৰপ্তানিৰ সুবিধাৰ বাবে ব্ৰেণ্ডেড আৰু পৰিৱেশ অনুকূল দুয়োটা পেকেজিং সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে।

জিলা আয়ুক্ত আই. এ. এছ. বৰ্ণালী ডেকাৰ সক্ৰিয় মাৰ্গ দৰ্শনেৰে নলবাৰী জিলা প্ৰশাসনে ধানৰ উৎপাদন বৃদ্ধিৰ স্বাৰ্থত জিলা কৃষি বিভাগ, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু DICC দৰে সংস্থাৰ সৈতে গৱেষণা আৰু উন্নয়নমূলক প্ৰকল্পত ওতঃপ্ৰোতভাৱে কাম কৰি আছে। দৰিদ্ৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ উদ্দেশ্যে সৰলীকৃত প্ৰক্ৰিয়াৰে ঋণ প্ৰদানৰ সুবিধাৰ বাবে নলবাৰী জিলাৰ বিভিন্ন বেংকসমূহৰ সৈতেও মিত্ৰতা স্থাপন কৰিছে নলবাৰী জিলা প্ৰশাসনে। ইয়াৰ ফলত ODOP উৎপাদকসকলৰ বাবে ঋণ লাভৰ পদ্ধতি দ্ৰুত আৰু সৰল হৈ পৰিছে।

"এক জিলা এক সামগ্ৰী"ৰ পদক্ষেপ হৈছে নলবাৰীত ধান খেতিৰ সম্ভাৱনাক সদব্যৱহাৰ কৰি স্থানীয় অৰ্থনীতিৰ লগতে ৰাজ্য আৰু দেশৰ অৰ্থনীতিৰ পৰিৱৰ্তনৰ বাবে গ্ৰহণ কৰা এক কৌশলগত পদক্ষেপ। চৰকাৰ, কৃষক আৰু অংশীদাৰসকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰে ধান উৎপাদনৰ ক্ষেত্ৰত আগশাৰীৰ এক জিলা হিচাবে নিজকে প্ৰতিষ্ঠা কৰাৰ লগতে ৰাজ্য আৰু ৰাষ্ট্ৰীয় অৰ্থনীতিত এক সবল অৰিহণা যোগাবলৈ প্ৰস্তুতি অব্যাহত ৰাখিছে।

ইয়াৰ উপৰিও বৰ্তমান আৰু ভৱিষ্যত প্ৰজন্মৰ অংশীদাৰসকলক ODOP পদক্ষেপৰ বিষয়ে সচেতন তাৰি তুলিবলৈ জিলাখনত বিভিন্ন কৰ্মশালা অনুষ্ঠিত কৰি থকা হৈছে। নলবাৰী মৰোৱাত অৱস্থিত নবাৰুন FPO ৰ অধীনস্থ ছ’লাৰ বাবল ড্ৰাইয়াৰ ( Solar Bubble Dryer) আৰু IRRI ছুপাৰ বেগ ২০২৪ চনৰ ১৩ মাৰ্চত ১৬৫ গৰাকী FPO অংশীদাৰী কৃষকৰ সন্মুখত নলবাৰী জিলা আয়ুক্ত বৰ্ণালী ডেকা আৰু গুৱাহাটীৰ GMDA ৰ অধ্যক্ষৰ সন্মুখত উদ্বোধন কৰি প্ৰদৰ্শন কৰা হয়।

'এক জিলা এক সামগ্ৰী' ধান খেতিৰ সম্ভাৱনীয়তাক লৈ নলবাৰী জিলা প্ৰশাসনৰ বিশেষ পদক্ষেপ
উদ্ধাৰ হ'ল ৰঙিয়াত নিৰুদ্দেশ হৈ থকা কিশোৰ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in