লিকাবালিত ১০০ ফুট ওখ ৰাষ্ট্ৰীয় ধ্বজা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

লিকাবালিত ১০০ ফুট ওখ ৰাষ্ট্ৰীয় ধ্বজা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী কিৰণ ৰিজিজুৰ

author-image
Asomiya Pratidin
New Update
লিকাবালিত ১০০ ফুট ওখ ৰাষ্ট্ৰীয় ধ্বজা উত্তোলন কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৰ

ডিজিটেল সংবাদ, ধেমাজিঃ "আজাদি কা অমৃত মহোৎসৱ"ৰ উপলক্ষে চিলাপথাৰৰ গাতে লাগি থকা ডিপাত দেওবাৰে অনুষ্ঠিত হয় এক বিশেষ সভা। এই জনকীৰ্ণ সভাত উপস্থিত থাকে কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু। সভাখনত ভাগ লৈ কেন্দ্ৰীয় মন্ত্ৰীজনে উত্তোলন কৰে ১০০ ফুট উচ্চতাৰ পতাকা।

Advertisment

অনুষ্ঠানত পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি মনোমোহা গীত নৃত্যৰে মন্ত্ৰীগৰাকীক উষ্ণ আদৰণি জনাই সীমান্ত অঞ্চলৰ ৰাইজ। ১৯৪৭ চনৰ ভাৰতে স্বাধীনতা প্ৰাপ্তিৰ‌ শুভক্ষত উক্ত স্থানতেই অৰুণাচল প্ৰদেশৰ ভিতৰতে প্ৰথম ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হৈছিল। প্ৰয়াত স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি জনালে গভীৰ শ্ৰদ্ধা জনাই পতাকা উত্তোলন কৰে মন্ত্ৰীগৰাকীয়ে।

কেইবা হাজাৰ লোকৰ উপস্থিতিত অনুষ্ঠিত সভাত মন্ত্ৰীজনে অহা নিৰ্বাচনৰ পূৰ্বে সমগ্ৰ অঞ্চটোত ৪জি (4G) নেটৱৰ্ক সংযোগ কৰা হ'ব বুলি মত ব্যক্ত কৰে। যাতায়াতৰ লগতে অৰুণাচল প্ৰদেশক সৰ্ব দিশতে উন্নত কৰি তুলি বিভিন্ন জনহিতকৰ আঁচনিৰ লোৱা হৈছে বুলি স্থানীয় লোকক জানিবলৈ দিয়ে।

Also Read: চিকাগো চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত ৰূপজ্যোতি বৰঠাকুৰৰ ছবি 'সত্য দ্যা ট্ৰুথ  

KIREN RIJIJU