
ডিজিটেল সংবাদ ধেমাজিঃ অখিল ভাৰতীয় শিক্ষা সমাজৰ অংশ হিচাপে ধেমাজি জিলা গেৰুকামুখৰ এন এইচ পি চিত থকা কেন্দ্ৰীয় বিদ্যালয়ৰ উদ্যোগত বৃহস্পতিবাৰে ধেমাজি প্ৰেছ ক্লাৱত জিলা পৰ্য্যায়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ ৰ তৃতীয় বৰ্ষপূৰ্তি উপলক্ষে এখনি সংবাদমেল অনুষ্ঠিত কৰে৷ কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখৰ অধ্যক্ষ মানিচ টিলকে অনুষ্ঠানটোৰ আতঁ ধৰি কয় যে, ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ য়ে আমাৰ দেশক একবিংশ শতিকাত বহুবিষয়ক, নমনীয়, বহল ভিত্তিত শিক্ষাৰ মানদণ্ড গুণগত আৰু সমালোচনাত্মক চিন্তাধাৰাক প্ৰসাৰিত কৰা অধ্যয়নৰ পৰিবৰ্তে শিক্ষণত মনোনিৱেশ কৰা আৰু বৈজ্ঞানিক স্বভাৱক উৎসাহিত কৰাৰ ক্ষেত্ৰত সহায়ক হ'ব বুলি উল্লেখ কৰে ৷
বক্তব্যত অধ্যক্ষগৰাকীয়ে কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখে কেন্দ্ৰীয় বিদ্যালয়ৰ অংশ হিচাপে নিৰৱচ্ছিন্নভাৱে শিক্ষা প্ৰদান কৰি অহাৰ লগতে দেশৰ দূৰবৰ্তী স্হানলৈকে গুণগত শিক্ষা আগবঢ়াই আহিবলৈ সক্ষম হৈছে বুলি অৱগত কৰে ৷ প্ৰসংগক্ৰমে তেওঁ কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখে নামভৰ্তিৰ ক্ষেত্ৰত ৫+৩+৩+৪ পৰ্য্যায়ত কৰা হয় বুলি উল্লেখ কৰে ৷
পৰবৰ্তী সময়ত প্ৰথম শ্ৰেণীৰ নামভৰ্তি বয়স ৬+ বছৰলৈ সংশোধন কৰা হৈছিল ৷নিপুন ভাৰতৰ অধীনত কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখে ফাউণ্ডেচন লিটাৰেচি এণ্ড নিউমেৰাচিৰ লক্ষ্য পূৰণৰ বাবে শিক্ষণ ফলাফল সন্তোষজনক বুলি উল্লেখ কৰে ৷
ইয়াৰ উপৰিও কেন্দ্ৰীয় বিদ্যালয়ে বাস্তৱ জীৱনৰ দক্ষতা আৰু স্বাৱলম্বিতাৰ বিকাশৰ বাবে অষ্টম শ্ৰেনীৰ পৰা সকলো কেভিতে কৃত্ৰিম বুদ্ধিমত্তাক বৃত্তিমূলক বিষয় হিচাপে প্ৰৱৰ্তন কৰা হৈছে ৷
উল্লেখ্য যে পিএমই-ভিডিয়াই ডিজিটেল, অনলাইন, অন-এয়াৰ মাধ্যমৰ শিক্ষাই একত্ৰিত কৰে আৰু এই শিক্ষাৰ বাবে ৱান নেচন ৱান ডিজিটেল প্লেটফৰ্ম ,১২ টা স্বয়ংক্ৰিয় প্ৰভা টিভি চেনেল,১১ টা জ্ঞানবাণী এফ এম ৰেডি'অ ষ্টেচন,২৫৫ টা কমিউনিটি ৰেডি'অ ষ্টেচন, ১৩২ টা দীক্ষা জ্ঞানবিনিময়ৰ বাবে ডিজিটেল আন্তঃগাঁথনি অন্তভুৰ্ক্তৰ কৰা হৈছে।
এই প্ৰস্তুতিৰ বাবে ইতিমধ্যে ১.৭ কোটি কনটেণ্টৰ সৈতে অল ইণ্ডিয়া ৰেডি'অ ষ্টেচন আৰু নেচনেল ডিজিটেল লাইব্ৰেৰী অফ ইণ্ডিয়াৰ লগত সংগতি ৰাখি কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখে এক বৃহৎ জ্ঞানৰ অনলাইন ভঁৰাল চলাই আছে বুলি জানিবলৈ দি ইয়াৰ শিক্ষকসকলক সুকীয়া সুকীয়াকৈ প্ৰশিক্ষণ দিয়াৰ উপৰিও হ্ৰস্বম্যাদী কৰ্মশালা,ইন চাৰৰ্ভিছ ট্ৰেইনিং আৰু এক সময়তে কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখৰ শিক্ষকসকলে বিভিন্ন শ্বৰ্ট - বিদ্যাঞ্জলি কাৰ্য্যসূচীৰ অংশ হিচাপে ওচৰৰ বিদ্যালয় সমূহত কৰ্মশালা ইত্যাদি ব্যৱস্থা সম্পৰ্ক বিতংকৈ সংবাদমেলত জনায় ৷
ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ৰ অধ্যক্ষা অঞ্জনাই সংবাদমেলত উপস্থিত থাকি ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ সম্পৰ্কে বিশ্বৰ বিভিন্ন উন্নত দেশৰ সৈতে তুলনা কৰি বিভিন্ন উদাহৰণেৰে বক্তব্য ৰাখে ৷
সংবাদমেলত কেন্দ্ৰীয় বিদ্যালয় এন এইচ পি চি গেৰুকামুখৰ বিষয় শিক্ষকদ্বয় ৰোপেন্দ্ৰ মেচৰাম আৰু আৰ্ৰিক পোদ্দাৰ, ধেমাজি জৱাহৰ নৱোদয় বিদ্যালয়ৰ বিষয় শিক্ষক ৰিতু মহন্ত লগতে ৰাজ্যিক একাডেমীক পৰিষদৰ সম্পাদক খগেন পেগুকে ধৰি বহুকেইগৰাকী বিষয়ববীয়া আৰু কেন্দ্ৰীয় বিদ্যালয়ৰ শিক্ষক প্ৰতিনিধি উপস্থিত থাকে ।