/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-07/5e741a6e-df60-49fb-82b6-66a1245eb919/Dhmji.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি নগৰৰ ৭ নং ৱাৰ্ডৰ নিমাতীচুকৰ নিবাসী তথা ধেমাজি মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ, সাহিত্যিক, পেঞ্চনাৰ প্ৰয়াত পদেধৰ দেউৰীৰ সহধৰ্মিনী তথা ভক্তপ্ৰাণ মহিলা কমলাৱতী দেউৰীৰ মৃত্যু। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯২ বছৰ।
সোমবাৰে পুৱা ৮ .১৫ বজাত মৃত্যুক আঁকোৱালি লয় অতি সহজ সৰল ভক্তপ্ৰাণ মহিলা গৰাকীয়ে। মৃত্যুৰ সময়ত তেওঁ ইহসংসাৰত তিনি পুত্ৰ, বোৱাৰী, জী- জোঁৱাই নাতি-নাতিনীক এৰি থৈ যায়।
Also Read: নিশা ব্যৱসায়ীক ছুৰিকাঘাতঃ দুৰ্বৃত্তই লুটিলে লক্ষাধিক টকা...